আই ক’ত নাই (Aai Kot Nai) ২০০৯ চনত মুক্তি পোৱা এ এ এ এচ প্ৰডাকচনচ প্ৰাইভেট লিমিটে়ডৰ বেনাৰত নিৰ্মিত মঞ্জু বৰা পৰিচালিত এখন ৰঙীন অসমৰ চলচ্চিত্ৰ। প্ৰযোজনা ৰাজেন বৰা আৰু মঞ্জু বৰাৰ। সঙ্গীত পৰিচালনা আইজাক থমাচ কট্টুকাপল্লীৰ।১ ৫৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত ছবিখনে ৰাষ্ট্ৰীয় একতা বিষয়ক ২০০৮ বৰ্ষৰ সৰ্বোত্তম ছবি ৰূপে নাৰ্গিছ দত্ত বঁটা লাভ কৰে।২ তদুপৰি বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হৈছে।১
কাহিনীৰ সাৰাংশ
উত্তৰ-পূব ভাৰতৰ প্ৰায়বোৰ ৰাজ্যৰ সৈতে দীৰ্ঘদিন ধৰি অসমৰ সীমা-বিবাদ চলি আহিছে। নাগালেণ্ডৰ লগতো তেনে বিবাদ সঘনাই থাকে। নাগালেণ্ডৰ সীমাৱৰ্তী অসমৰ এখন গাঁৱৰ যুৱক সীমান্ত। তেওঁৰ প্ৰেম এজনী নগা যুৱতী অকালীৰ সৈতে। ইফালে কোনো নগা দুৰ্বৃত্তই অসমীয়া গাঁওখন জ্বলাই দিয়ে। সেই জুইত ধৰণী আৰু আইটিৰ ঘৰখন জ্বলি ছাই হৈ যায় আৰু তেওঁলোকৰ কেঁচুৱাটো সন্ধানহীন হয়। সকলোৱে ভাবে কেঁচুৱাটো ইতিমধ্যে জুইত জাহ গ’ল। প্ৰকৃতাৰ্থত সেই কেঁচুৱাটো সীমান্তৰ সিপাৰত নগা গাঁও এখনৰ সন্তানহীনা নাৰী এগৰাকীয়ে পায়, যিয়ে মাতৃত্বৰ মমতাৰে কেঁচুৱাটো বুকুত সাৱটি লয়।২
অভিনয় শিল্পী
- বিদ্যাৱতী ফুকন
- ৰূপম চেতিয়া
- বিষ্ণু খাৰঘৰীয়া
- ইন্দ্ৰ বণিয়া
- প্ৰতিভা চৌধুৰী
- হেম বৰা
- জয়ন্ত দাস
- গিৰীশ তালুকদাৰ
- দিলীপ বৰুৱা
- অৱতোষ ভূঞা
- দিলীপ বৰা
- ৰাজেন ফুকন
- মঞ্জু ৰাজকোঁৱৰ
- পল্লৱী গগৈ
- পূৰৱী শইকীয়া বৰা১
কলা-কুশলী
(তথ্যপেৰাত নথকা)
- বেনাৰ-এ এ এ এছ প্ৰডাকসঞ্চ্ প্ৰাইভেট লিমিটেড
- শব্দগ্ৰহণ- যতীন শৰ্মা
- কলা-নিৰ্দেশনা- ফটিক বৰুৱা১
বঁটা
“উত্তৰ পূব ভাৰতৰ এক জ্বলন্ত সমস্যাক এক সততাপূৰ্ণ দৃষ্টিৰে পৰ্যবেক্ষণ কৰা তথা কৃত্ৰিম সীমাৰেখাক নস্যাৎ কৰি মানৱীয় আৰু সৌন্দৰ্যশালী ৰূপ” দিয়াৰ বাবে ৫৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত আই ক’ত নাই ছবিখনক ৰাষ্ট্ৰীয় একতা বিষয়ক ২০০৮ চনৰ সৰ্বোত্তম চলচ্চিত্ৰৰ নাৰ্গিছ দত্ত বঁটা লাভ কৰে। এই বঁটাত প্ৰযোজক আৰু পৰিচালকলৈ ৰজত কমলৰ সৈতে দেৰলাখকৈ নগদ ধন আগবঢ়োৱা হয়।২
তথ্যসূত্ৰ
- ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 506
- ↑ 56th National Film Award Catalogue. Directorate of Films Festival, Govt. of India. পৃ. 20, 155
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আই ক'ত নাই” প্ৰবন্ধৰ সংশোধন ৬২৩৮৯৮ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।