২০০৯ বৰ্ষৰ চলচ্চিত্ৰ
৬ প্ৰবন্ধ
-
আই ক'ত নাই
আই ক’ত নাই (Aai Kot Nai) ২০০৯ চনত মুক্তি পোৱা এ এ এ এচ প্ৰডাকচনচ প্ৰাইভেট লিমিটে়ডৰ বেনাৰত নিৰ্মিত মঞ্জু বৰা পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা ৰাজেন বৰা আৰু মঞ্জু বৰাৰ। সঙ্গীত পৰিচালনা আইজাক থমাচ কট্টুকাপল্লীৰ।
-
ধুনীয়া তিৰোতাবোৰ
ধুনীয়া তিৰোতাবোৰ (Dhunia Tirutabur) হৈছে ২০০৯ চনত প্ৰদ্যুত কুমাৰ ডেকাৰ পৰিচালনা আৰু আৰ্ক লাইটছৰ অধীনত প্ৰদ্যুত কুমাৰ ডেকা আৰু পংকজ কলিতাৰ দ্বাৰা প্ৰযোজিত এখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ। ইয়াৰ সংগীত ৰচনা কৰিছিল অংগৰাগ মহন্তই। ছবিখনে ২০০৯ চনৰ ৯ জানুৱাৰীত মুক্তিলাভ কৰে।
-
পৰাণ যায় জ্বলিয়া ৰে
পৰাণ যায় জ্বলিয়া ৰে হৈছে ৰবি কিনাগীৰ দ্বাৰা পৰিচালিত ২০০৮ চনৰ ভাৰতীয় বাংলা ভাষাৰ এখন ৰোমাণ্টিক চলচ্চিত্ৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দেৱ আৰু শুভশ্ৰী গাংগুলীয়ে। এই ছবিখন ২০০৭ চনৰ হিন্দী ছবি নমস্তে লণ্ডনৰ পুনৰ্নিৰ্মাণ।
-
অন্তহীন
অন্তহীন (Antaheen) অনিৰুদ্ধ ৰায়চৌধুৰী পৰিচালিত ২০০৯ চনৰ এখন বঙালী চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে ৰাধিকা আপ্টে, ৰাহুল বসু, মিতা বশিষ্ঠ, অপৰ্ণা সেন, কল্যাণ ৰায় আৰু শৰ্মিলা ঠাকুৰে।
-
কালবেলা (চলচ্চিত্ৰ)
কালবেলা হ'ল গৌতম ঘোষ পৰিচালিত আৰু ২০০৯ চনত নিৰ্মিত বাংলা ভাষাৰ এখন ভাৰতীয় চলচ্চিত্ৰ। পৰমব্ৰত চট্টোপাধ্যায়, পাওলি দাম, সন্তু মুখোপাধ্যায়, সুনীল মুখোপাধ্যায়, সৌমিত্ৰ চট্টোপাধ্যায়ে এই বোলছবিখনত অভিনয় কৰিছিল।
-
দি আদাৰ চং
দি আদাৰ চং (The Other Song) হ'ল সাবা দেৱান দ্বাৰা পৰিচালিত ২০০৯ চনৰ এখন তথ্যচিত্ৰ যাৰ কাহিনীভাগ ভাৰতৰ বাৰাণসী, লক্ষ্ণৌ আৰু মুজাফৰপুৰত ভ্ৰমণ কৰে। বিশেষকৈ ৰছুলন বাইৰ এটা গীত, লগাট কাৰেজৱা মা চোট, ফুল গেণ্ডৱা না মাৰ আৰু ইয়াৰ কম পৰিচিত, পূৰ্বৰ সংস্কৰণ লগাট জবনৱা মা চোট, ফুল গেণ্ডৱা না মাৰ ১৯৩৫ চনত…