সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম (Satindra Mohan Dev Stadium) হৈছে এখন বহুমুখী ষ্টেডিয়াম৷ ষ্টেডিয়ামখন অসমৰ শিলচৰত অৱস্থিত৷ পূৰ্বতে ইয়াক জিলা ক্ৰীড়া সন্থা ষ্টেডিয়াম বুলি জনা গৈছিল৷ আভ্যন্তৰীন ব্যৱস্থা আৰু আন্তঃগাঁঠনিৰ ব্যাপক উন্নতি সাধন কৰাৰ পাছত ইয়াক সন্তোষ মোহন দেৱৰ পিতৃৰ নামেৰে নামকৰণ কৰা হয়৷ ষ্টেডিয়ামখনত প্ৰধানকৈ ফুটবল আৰু ক্ৰিকেট খেল খেলা হয়৷ বৰ্তমান ইয়াৰ আসনৰ সংখ্যা হৈছে ৩০,০০০৷১ এইখন ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত এখন এদিনীয়া ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল৷২ ইয়াৰ লগতে এইখন ষ্টেডিয়ামত ৰঞ্জি ট্ৰফী আৰু দুলীপ ট্ৰফীৰ খেলো অনুষ্ঠিত হৈছিল৷ ষ্টেডিয়ামৰ ফ্লাডলাইটবোৰ ২০০৮ চনত ভাৰত হেভী ইলেক্ট্ৰিক লিমিটেড-এ সংযোজিত কৰিছিল৷ ৩
এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল
| ক্ৰমাংক | দল (A) | দল (B) | বিজেতা | ব্যৱধান | বৰ্ষ |
|---|---|---|---|---|---|
| ১ | দহ উইকেটৰ ব্যৱধানত | ২০০৫ |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Bhattacharya, Satananda. (5 December 2008). Match to inaugurate floodlights - New cricket pavilion to be opened to public q International players to attend. The Telegraph
- ↑ Women's ODI
- ↑ Silchar stadium ready for ODIs as floodlights worth Rs 5 crore installed
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম” প্ৰবন্ধৰ সংশোধন ২৭০৫১৯ (৮ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।