অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অসমৰ লোকসভা সমষ্টিসমূহৰ তালিকা

লোকসভা হৈছে ভাৰতীয় সংসদৰ নিম্ন সদন বা নিম্নকক্ষ, ইয়াৰ সদস্যসকলক সাংসদ বোলে (MP)। প্ৰতিজন সাংসদে এটা নিৰ্দিষ্ট ভৌগোলিক সমষ্টিক প্ৰতিনিধিত্ব কৰে। লোকসভাৰ সদস্যসকলক ভাৰতীয় ভোটাৰে পোনপটিয়াভাবে নিৰ্বাচিত কৰে। ভাৰতীয় সংবিধান অনুসৰি লোকসভাত সৰ্বাধিক ৫৫২ জন সদস্য থাকিব পাৰে।

হালনাগাদ: ১০ জুন ২০২৪ ৮৪ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

লোকসভা হৈছে ভাৰতীয় সংসদৰ নিম্ন সদন বা নিম্নকক্ষ, ইয়াৰ সদস্যসকলক সাংসদ বোলে (MP)। প্ৰতিজন সাংসদে এটা নিৰ্দিষ্ট ভৌগোলিক সমষ্টিক প্ৰতিনিধিত্ব কৰে। লোকসভাৰ সদস্যসকলক ভাৰতীয় ভোটাৰে পোনপটিয়াভাবে নিৰ্বাচিত কৰে। ভাৰতৰ সংবিধান অনুসৰি লোকসভাত সৰ্বাধিক ৫৫২ জন সদস্য থাকিব পাৰে। ইয়াৰে ৫৩০ জনক ভাৰতৰ ৰাজ্যবোৰৰ ভোটাৰে আৰু ২০ জনক কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ভোটাৰে নিৰ্বাচিত কৰে, বাকী দুজনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে, এওঁলোক দুজন এংলো-ইণ্ডিয়ান মুলৰ হয়। প্ৰতি জন লোকসভাৰ সদস্যই তেওৰ সমষ্টিক লোকসভাত প্ৰতিনিধিত্ব কৰে। প্ৰত্যেক লোকসভাৰ কায্যৰ্কাল পাঁচ বছৰ। বৰ্তমান লোকসভাত ৫৪৫ জন সদস্য আছে।

অসমৰ লোকসভা সমষ্টিসমূহৰ তালিকা

সমষ্টি নংসমষ্টিৰ নামসংৰক্ষণ স্থিতি (অনুসূচিত জাতি/অনুসূচিত জনজাতি/নাই)পূৰ্ৱৰ নাম
১কোকোৰাঝাৰঅনুসূচিত জনজাতিকোকোৰাঝাৰ (অনুসূচিত জনজাতি)
২ধুবুৰীনাইধুবুৰী
৩বৰপেটানাইবৰপেটা
৪দৰং–ওদালগুৰিনাইমঙ্গলদৈ
৫গুৱাহাটীনাইগুৱাহাটী
৬ডিফুঅনুসূচিত জনজাতিস্বায়ত্ত্ব শাসিত জিলা (অনুসূচিত জনজাতি)
৭কৰিমগঞ্জঅনুসূচিত জাতিকৰিমগঞ্জ (অনুসূচিত জাতি)
৮শিলচৰনাইশিলচৰ
৯নগাঁওনাইনগাঁও
১০কাজিৰঙানাইকলিয়াবৰ
১১শোণিতপুৰনাইতেজপুৰ
১২লখিমপুৰনাইলখিমপুৰ
১৩ডিব্ৰুগড়নাইডিব্ৰুগড়
১৪যোৰহাটনাইযোৰহাট

সম্পৰ্কিত শ্ৰেণী

অসমৰ লোক সভাৰ সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ লোকসভা সমষ্টিসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৪২২৭২৫ (১০ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।