মাৰাঠী চলচ্চিত্ৰ
১২ প্ৰবন্ধ
-
অল উই ইমাজিন এজ লাইট
অল উই ইমাজিন এজ লাইট (All We Imagine as Light) হৈছে পায়ল কাপাডিয়াৰ দ্বাৰা লিখিত আৰু পৰিচালিত ২০২৪ চনৰ এখন ড্ৰামাধৰ্মী চলচ্চিত্ৰ। ছবিখনত কানি কুশ্ৰুতি, দিব্যা প্ৰভা, ছায়া কদম আৰু হৃদু হাৰুণে কেইটিমান মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
শ্বাস (চলচ্চিত্ৰ)
শ্বাস ( Shwaas ) ২০০৪ চনত মুক্তি পোৱা এখন মাৰাঠী চলচ্চিত্ৰ। এইখন ২০০৪ চনৰ অস্কাৰ বঁটাত ভাৰতৰ আধিকাৰিক প্ৰৱিষ্টি আছিল আৰু শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ একাডেমী বঁটাৰ শাখাত ৬ নম্বৰ স্থান লাভ কৰিছিল। ইয়াৰ কাহিনীভাগ পুনেৰ এটা সঁচা ঘটনাৰ আধাৰত ৰচিত।
-
শ্যামচি আই (চলচ্চিত্ৰ)
শ্যামচি আই ( Shyamchi Aai; অসমীয়া অনুবাদ: শ্যামৰ মাতৃ) ১৯৫৩ চনত মুক্তিপ্ৰাপ্ত প্ৰহ্লাদ কেশৱ আত্ৰে পৰিচালিত এখন মাৰাঠী চলচ্চিত্ৰ। সানে গুৰুজীৰ একে নামৰ মাৰাঠী গ্ৰন্থ এখনৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছে। সংগীত বসন্ত দেশাইৰ। শ্যাম আৰু শ্যামৰ মাকৰ ভূমিকাত অভিনয় কৰিছে ক্ৰমে মাধৱ ৱজে আৰু বনমালাই।
-
অমৃত মন্থন (১৯৩৪ চলচ্চিত্ৰ)
অমৃত মন্থন (Amrit Manthan) ১৯৩৪ চনত ভি শান্তৰামে তেওঁৰ প্ৰভাত ফিল্ম কোম্পানীৰ বাবে পৰিচালনা কৰা এখন ভাৰতীয় কষ্টিউম ড্ৰামা ছবি। ছবিখন একেলগে হিন্দী আৰু মাৰাঠী ভাষাত নিৰ্মাণ কৰা হৈছিল। ইয়াত অভিনয় কৰিছিল চন্দ্ৰ মোহন, নলিনী তৰ্খাদ, শান্তা আপ্তে, জি আৰ মানে, আৰু কেলকাৰে।
-
অস্তিত্ব
অস্তিত্ব (অস্তিত্ব অনুবাদ/অস্তিত্ব/পৰিচয়) হৈছে ২০০০ চনত মাৰাঠী আৰু হিন্দী ভাষাত একেলগে নিৰ্মিত এখন ভাৰতীয় ছবি। ছবিখনৰ ৰচনা আৰু পৰিচালনা মহেশ মঞ্জৰেকাৰৰ। ছবিখনত অদিতি পণ্ডিত নামৰ এগৰাকী সুখী বিবাহিত মহিলাৰ কাহিনী কোৱা হৈছে। তেওঁৰ স্বামী হৈছে শ্ৰীকান্ত পণ্ডিত।
-
গংগাৱতৰণ (চলচ্চিত্ৰ)
গংগাৱতৰণ ( Gangavataran ) ১৯৩৭ চনৰ "ভাৰতীয় চলচ্চিত্ৰৰ পিতৃ" হিচাপে পৰিচিত দাদাচাহেব ফাল্কেৰ এখন ভাৰতীয় ছবি। এইখন আছিল প্ৰথম চাউণ্ড ফিল্ম আৰু ফাল্কেই পৰিচালনা কৰা শেষ ছবি। ফাল্কেই যেতিয়া এই ছবিখন পৰিচালনা কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল ৬৭ বছৰ। তেওঁ কোহলাপুৰ মুভীট’নৰ হৈ গংগাৱতৰণ পৰিচালনা কৰিছিল।
-
চন্দ্ৰমুখী (২০২২ চলচ্চিত্ৰ)
চন্দ্ৰমুখী ( Chandramukhi ) ২০২২ চনত চিন্ময় মাণ্ডলেকাৰৰ দ্বাৰা ৰচিত আৰু প্ৰসাদ অওকৰ দ্বাৰা পৰিচালিত ভাৰতীয় মাৰাঠী ভাষাৰ এখন সংগীতিক ৰোমান্টিক নাট্যধৰ্মী ছবি, প্লেনেট মাৰাঠী, গোল্ডেন ৰেচিঅ' ফিল্মছ, ফ্লাইং ড্ৰেগন এণ্টাৰটেইনমেণ্ট এণ্ড ক্ৰিয়েটিভ ভাইবে ছবিখন নিৰ্মাণ কৰিছে।
-
পিঞ্জৰা (চলচ্চিত্ৰ)
পিঞ্জৰা ( Pinjara) ১৯৭২ চনত নিৰ্মিত এখন ভাৰতীয় মাৰাঠী ভাষাৰ চলচ্চিত্ৰ। ছবিৰ পৰিচালক আৰু প্ৰযোজক ভি শান্তাৰাম, য'ত শ্ৰীৰাম লাগু আৰু সন্ধ্যাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ১৯৭২ চনত এই ছবিখন একে শিৰোনামেৰে হিন্দী ভাষাতো মুক্তি লাভ কৰে।
-
প্ৰপঞ্চ
প্ৰপঞ্চ (Prapanch ) ১৯৬১ চনৰ মধুকৰ পাঠকৰ দ্বাৰা পৰিচালিত আৰু ইণ্ডিয়ান নেচনেল পিকচাৰ্ছৰ দ্বাৰা প্ৰযোজিত ভাৰতীয় মাৰাঠী ভাষাৰ এখন পাৰিবাৰিক নাট্যধৰ্মী ছবি। ইয়াত সুলোচনা, শ্ৰীকান্ত মোঘে, সীমা দেও, কুসুম দেশপাণ্ডে, অমৰ শেখে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
মংগলা (চলচ্চিত্ৰ)
মংগলা ( Mangla) এচিড আক্ৰমণৰ পৰা ৰক্ষা পোৱা ডাঃ মংগলা কাপুৰৰ জীৱনৰ আধাৰত নিৰ্মিত ২০২৫ চনৰ ভাৰতীয় মাৰাঠী ভাষাৰ এখন জীৱনীমূলক নাট্য ছবি। পৰিচালনা আৰু সহ-প্ৰযোজনা অপৰানা হোছিঙৰ। ৰেছ প্ৰডাকচন প্ৰাইভেট লিমিটেডৰ বেনাৰত ছবিখন যশনা মুৰলী, মোহন পূজাৰী, আৰু মিলিন্দ ফোডকাৰে প্ৰযোজনা কৰিছে।
-
মাহেৰচী শাড়ী
মাহেৰচী শাড়ী (অনু. মাকৰ ঘৰৰ শাড়ী; Maherchi Sadi ) ১৯৯১ চনৰ এখন ভাৰতীয় মাৰাঠী ভাষাৰ পাৰিবাৰিক নাট্যধৰ্মী ছবিষ যিখনৰ পৰিচালক আৰু নিৰ্মাতা বিজয় কোণ্ডকে। ইয়াত অলকা কুবাল, উষা নাডকাৰ্ণী, ৰমেশ ভাটকাৰ, বিজয় চাৱন আৰু অজিংক্য দেওৱে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
-
হিৰকণী
হিৰকণী ( Hirkani ) ২০১৯ চনৰ, প্ৰসাদ অক পৰিচালিত ভাৰতীয় মাৰাঠী ভাষাৰ এখন ঐতিহাসিক নাট্যধৰ্মী ছবি। ইৰাডা এণ্টাৰটেইনমেণ্টৰ বেনাৰত প্ৰযোজনা কৰিছে ফাল্গণী পেটেলে। সহ-প্ৰযোজক লৰেন্স ডিছুজা। ছবিখনক আৰ্থিক সাহায্য প্ৰদান কৰিছেৰাজেশ মাপুস্কৰে। সোণালী কুলকাৰ্ণীয়ে হিৰকণীৰ শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে।