২০১৫ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰ
৪ প্ৰবন্ধ
-
অহেতুক
অহেতুক (Ahetuk) হৈছে ২০১৫ চনৰ ২ জানুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ৰাজ ৰাণী প্ৰডাক্চনৰ বেনাৰত ৰাজকুমাৰ জৈনে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ বাণী দাসৰ।
-
অনুৰাধা (চলচ্চিত্ৰ)
অনুৰাধা ২০১৫ চনৰ ২৭ মাৰ্চত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। নাৰীকেন্দ্ৰিক কাহিনীৰ এই ছবিখনৰ পৰিচালক ৰাকেশ শৰ্মা। ছবিখনৰ সহকাৰী পৰিচালকৰ দায়িত্বত থাকে অনুপম বৈশ্য আৰু অনিন্দিতা কলিতা। এম এল এণ্টাৰটেইনমেণ্ট আৰু চিনে ড্ৰীম আনলিমিটেডৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰে প্ৰযোজক লুইত কুমাৰ বৰ্মনে।
-
আৰোহী (২০১৫ চলচ্চিত্ৰ)
আৰোহী (Aarohi) হৈছে ২০১৫ চনৰ ১৬ জানুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। অৰ্কিড এন্টাৰপ্ৰাইজেজৰ বেনাৰত মামণি খাখলাৰীয়ে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা অৰূপ মান্নাৰ। বোলছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে শিশুশিল্পী শ্ববনম বৰগয়াৰী, ৰাগ ঐনিতম আৰু চন্দনা শৰ্মাই। সংগীত পৰিচালনা মানস হাজৰিকাৰ৷
-
লাভ ইন বেংকক (অসমীয়া চলচ্চিত্ৰ)
লাভ ইন বেংকক ২০১৫ চনৰ ১০ জুলাই তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে অসীম বৈশ্য-ই। ড্ৰীমছ্ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ কাৰ্যবাহী প্ৰযোজক অনুপম হাজৰিকা। বিদেশৰ পটভূমিত নিৰ্মিত চলচ্চিত্ৰখনৰ কাহিনী বিকুল দত্তৰ।