অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মঞ্জিল প্ৰতীম শইকীয়া

মঞ্জিল প্ৰতীম শইকীয়া(Manjil Pratim Saikia) অসমৰ এগৰাকী গণিতজ্ঞ তথা গণিত আৰু বিজ্ঞান বিষয়ৰ দ্বিভাষিক ই-আলোচনী গণিত চ’ৰাৰ সহঃপ্ৰতিষ্ঠাপক আৰু এগৰাকী সম্পাদক।

হালনাগাদ: ৪ মে’ ২০২৬ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

মঞ্জিল প্ৰতীম শইকীয়া(Manjil Pratim Saikia) অসমৰ এগৰাকী গণিতজ্ঞ১ তথা গণিত আৰু বিজ্ঞান বিষয়ৰ দ্বিভাষিক ই-আলোচনী গণিত চ’ৰাৰ সহঃপ্ৰতিষ্ঠাপক আৰু এগৰাকী সম্পাদক।২

জন্ম আৰু শিক্ষা

তেওঁৰ জন্ম ১৯৯০ চনত হৈছিল, আৰু তেওঁ নলবাৰী আৰু তেজপুৰত বিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ কৰিছিল। তেওঁ ২০১৪ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।তেওঁ ২০১৫ চনত ইটালীৰ ট্ৰিয়েষ্টেত থকা ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ থিয়ৰিটিকেল ফিজিক্সত (ICTP) ডিপ্লোমা কৰিছিল আৰু তাৰ পিছত ২০১৯ চনত ভিয়েনা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।

গৱেষণা

তেওঁৰ গৱেষণাৰ আগ্ৰহ সংখ্যা তত্ত্ব (number theory), combinatorics আৰু তাত্ত্বিক কম্পিউটাৰ বিজ্ঞানত (theoretical computer science) আছে। তেওঁ কেইবাখনো প্ৰতিষ্ঠিত গৱেষণা পত্ৰিকাত প্ৰায় পঁচিশ খন কাকত প্ৰকাশ কৰিছে।

কৰ্মজীৱন

মঞ্জিল প্ৰতীম শইকীয়া, ২০১১ চনৰ এপ্ৰিল মাহত আৰম্ভ হোৱা, গণিত আৰু বিজ্ঞান বিষয়ৰ দ্বিভাষিক ই-আলোচনী গণিত চ’ৰাৰ সহঃপ্ৰতিষ্ঠাপক আৰু এগৰাকী সম্পাদক। ২০২০ বৰ্ষৰ পৰা তেওঁ অসম গণিত শিক্ষায়তনৰ কাৰ্যকৰী সমিতিৰ এজন সদস্য হিচাপে জড়িত হৈ আছে।৩ ডক্টৰেট হোৱাৰ পিছত তেওঁ ২০১৯ ৰ পৰা ২০২২ চনলৈ ইউকেৰ কাৰ্ডিফ বিশ্ববিদ্যালয়ত কাম কৰি আছে। তেওঁ ২০২২ চনত ভাৰতলৈ উভতি আহিছিল আৰু ২০২৩ চনত আহমেদাবাদ বিশ্ববিদ্যালয়লৈ স্থানান্তৰিত হোৱাৰ আগতে কেইমাহমানৰ বাবে আইআইআইটি মণিপুৰত কাম কৰিছিল। ২০২৪ চনত তেওঁ INYAS (Indian National Young Academy of Science)ৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।

গৱেষণা-পত্ৰ

  1. Banerjee, Koustav; Bhattacharjee, Sreerupa; Dastidar, Manosij Ghosh; Mahanta, Pankaj Jyoti; Saikia, Manjil P. (2022). "Parity Biases in Partitions and Restricted Partitions", European Journal of Combinatorics, খণ্ড 103, 103522.''
  2. Fischer, Ilse; Saikia, Manjil P. (2021). "Refined Enumeration of Symmetry Classes of Alternating Sign Matrices", Journal of Combinatorial Theory, Series A, খণ্ড 178, 105350.
  3. Akagi, Javier. T.; Gaona, Carlos F.; Mendoza, Fabricio; Saikia, Manjil P.; Villagra, Marcos. (2020). "Hard and Easy Instances of L-Tromino Tilings", Theoretical Computer Science, খণ্ড 815, 197-212.

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ manjilsaikiaresearch
  2. ↑ গণিত চ'ৰা
  3. ↑ অসম গণিত শিক্ষায়তন

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া গণিতজ্ঞ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মঞ্জিল প্ৰতীম শইকীয়া” প্ৰবন্ধৰ সংশোধন ৬০৪৩৮৭ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।