ধুবুৰী জিলাৰ ব্যক্তি
১৪ প্ৰবন্ধ
-
শৰৎ চন্দ্ৰ সিংহ
শৰৎ চন্দ্ৰ সিংহ (১৯১৪–২০০৫) অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু অসমৰ ৰাজনীতিত দীৰ্ঘদিন সক্ৰিয় থকা নেতা। তেওঁ সততা, সৰলতা, গান্ধীবাদী মূল্যবোধ আৰু দলিতজনৰ সেৱাৰ প্ৰতি দায়বদ্ধতাৰ বাবে বিশেষভাৱে স্মৰণীয়।
-
বদৰুদ্দিন আজমল
বদৰুদ্দিন আজমল (Badruddin Ajmal)(জন্ম-১২ ফেব্ৰুৱাৰী, ১৯৫০) অসমৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ। ২০০৯, ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ একেৰাহে তিনিবাৰ ধুবুৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে।
-
অনিমা গুহ
ড° অনিমা গুহ (Dr Anima Guha; ১৯৩২,২৬ মাৰ্চ-২০২১,২৯ জুলাই) একাধাৰে এগৰাকী সমাজ-কৰ্মী, শিক্ষাব্ৰতী, নাৰীবাদী লেখক তথা সাহিত্যিক পেঞ্চনাৰ। তেওঁ বুৰঞ্জীবিদ অমলেন্দু গুহৰ সহধৰ্মিনী আৰু প্ৰগতিশীল বিচাৰধাৰাত বিশ্বাসী।
-
যমুনা বৰুৱা
যমুনা বৰুৱা (১০ অক্টোবৰ ১৯১৯ – ২৪ নৱেম্বৰ ২০০৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ১৯৩৬ চনত মুক্তি লাভ কৰা শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ ‘’দেৱদাস ‘’ উপন্যাসৰ আধাৰত নিৰ্মিত দেৱদাস চলচ্চিত্ৰৰ মুখ্য চৰিত্ৰ পাৰ্বতী বা পাৰ'ৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে বিশেষ ভাবে জনাজাত।
-
কালিচৰণ ব্ৰহ্ম
কালিচৰণ ব্ৰহ্ম (कालिचरन ब्रह्म ১৮৬০ – ১৯৩৮), পূৰ্বতে কালিচৰণ মেচ এগৰাকী ভাৰতীয় সমাজ আৰু ধৰ্মীয় সংস্কাৰক। তেওঁ বিংশ শতিকাত বড়ো সমাজৰ সামাজিক আৰু ধৰ্মীয় সংস্কাৰৰ বাবে বিখ্যাত। ১৯০৬ চনৰ আশে-পাশে তেওঁ কলিকতাত ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰা ব্ৰহ্ম সমাজত যোগদান কৰিছিল।
-
পাৰ্বতী বৰুৱা
পাৰ্বতী বৰুৱা (Parbati Barua) হাতী চিকাৰ বা হাতী ধৰি আনি প্ৰশিক্ষণ দিয়াৰ কামৰ সৈতে জড়িত থকা এগৰাকী অসমীয়া নাৰী। তেওঁ সমগ্ৰ বিশ্বত “কুইন অৱ দ্য এলিফেণ্টছ” ৰূপে পৰিচিত। ১৯৬৭ চনৰ কোনোবা এটা দিনত তেওঁ অসমৰ কচুগাঁৱত, ১৪ বছৰ বয়সতে, জীৱনত প্ৰথমবাৰৰ বাবে হাতী ধৰিছিল।
-
মদৰাম ব্ৰহ্ম
মদৰাম ব্ৰহ্ম (১৯০৩ – ১৯৯০) এগৰাকী ভাৰতীয় কবি তথা নাট্যকাৰ। তেওঁ বড়ো ভাষাত সাহিত্য ৰচনা কৰিছিল আৰু বড়ো সাহিত্যৰ উন্নয়নৰ বাবে অৰিহণা আগবঢ়াইছিল। ১৯৮৮ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষা জগতত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।পদ্মশ্ৰী সন্মান লাভ…
-
তাপস সেন
তাপস সেন (১১ ছেপ্টেম্বৰ ১৯২৪ – ২৮ জুন ২০০৬) এগৰাকী প্ৰখ্যাত ভাৰতীয় মঞ্চ আলোক সজ্জা নক্সাকাৰ আছিল। তেওঁ বিংশ শতাব্দীৰ ভাৰতীয় থিয়েটাৰ জগতৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল।
-
জাভেদ জামান
জাভেদ জামান (ইংৰাজী: Javed Zaman; জন্ম: ৮ আগষ্ট ১৯৭৬) হৈছে অসমৰ এজন ভাৰতীয় প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ। তেওঁ অসম আৰু ৰেলৱে দলৰ হৈ খেলিছিল। তেওঁ এজন সোঁহতীয়া বেটছমেন আৰু সোঁহতীয়া মাধ্যম-গতিৰ বলাৰ। তেওঁক অসমৰ অন্যতম শ্ৰেষ্ঠ দ্ৰুত বলাৰ হিচাপে গণ্য কৰা হয়।
-
জীৱেশ ৰায়
জীৱেশ ৰায় (ইংৰাজী: Jibesh Rai; জন্ম: ১৯৮৫) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ এজন ৰাজনীতিবিদ। তেওঁ ধুবুৰী জিলাৰ বিলাসীপাৰা বিধানসভা সমষ্টিৰ পৰা অসম গণ পৰিষদৰ প্ৰতিনিধিত্ব কৰি অসম বিধানসভাৰ এজন সদস্য হিচাপে নিৰ্বাচিত হয়। ৰায়ৰ ঘৰ অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত। তেওঁ শ্ৰী পবিত্ৰ ৰায়ৰ পুত্ৰ।
-
প্ৰিয়ংকা বৰা
প্ৰিয়ংকা বৰা (জন্ম: ১৯৯৪) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী আৰু মডেল। তেওঁ ৰিয়েলিটি শ্ব', এমটিভি স্প্লিটছভিলাৰ ছিজন ৮ত অভিনয়েৰে ভাৰতীয় দূৰদৰ্শনত আত্মপ্ৰকাশ কৰিছিল। তেওঁ সিদ্ধি বিনায়কত প্ৰাচী আৰু ৰাগিণী এমএমএছ: ৰিটাৰ্ণছত আৰতিৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।
-
প্ৰিয়দৰ্শনী চেটাৰ্জী
প্ৰিয়দৰ্শনী চেটাৰ্জী(Priyadarshini Chatterjee) এগৰাকী ভাৰতীয় মডেল। ১৯৯৬ চনৰ ১২ আগষ্টত অসমৰ ধুবুৰীত তেওঁৰ জন্ম হৈছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হিন্দু কলেজৰ ছাত্ৰী আৰু ২০১৬ চনৰ ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড খিতাপ বিজয়ী।
-
বিজয় ছাক্সেনা
বিজয় ছাক্সেনা (ইংৰাজী: Vijay Saxena; ১ জানুৱাৰী ১৯৬৮ – ২৪ জুন ১৯৯৪) আছিল এজন ভাৰতীয় অভিনেতা, যিয়ে ১৯৯০ চনৰপৰা ১৯৯৪ চনলৈ হিন্দী বোলছবি জগতত সক্ৰিয় আছিল।
-
বিভৱ কুমাৰ তালুকদাৰ
বিভৱ কুমাৰ তালুকদাৰ (Bibhab Kumar Talukdar) এজন ভাৰতীয় সংৰক্ষণবিদ আৰু জীৱবিজ্ঞানী। তেওঁ অসমৰ গুৱাহাটীত অৱস্থিত বন্যপ্ৰাণীৰ অগ্ৰণী বেচৰকাৰী সংস্থা আৰণ্যকৰ প্ৰতিষ্ঠাপক। ই ভাৰতৰ এটা বৈজ্ঞানিক, ঔদ্যোগিক গৱেষণা কেন্দ্ৰ আৰু আগশাৰীৰ পৰিৱেশ সংস্থা।