নাৰীবাদী লেখক
২৩ প্ৰবন্ধ
-
অনিমা গুহ
ড° অনিমা গুহ (Dr Anima Guha; ১৯৩২,২৬ মাৰ্চ-২০২১,২৯ জুলাই) একাধাৰে এগৰাকী সমাজ-কৰ্মী, শিক্ষাব্ৰতী, নাৰীবাদী লেখক তথা সাহিত্যিক পেঞ্চনাৰ। তেওঁ বুৰঞ্জীবিদ অমলেন্দু গুহৰ সহধৰ্মিনী আৰু প্ৰগতিশীল বিচাৰধাৰাত বিশ্বাসী।
-
কমলা ভাচিন
কমলা ভাচিন (Kamla Bhasin; জন্ম: ২৪ এপ্ৰিল, ১৯৪৬ - ২৫ ছেপ্টেম্বৰ ২০২১) হ'ল এগৰাকী ভাৰতীয় প্ৰগতিশীল নাৰীবাদী কৰ্মী, কবি, লেখক আৰু সমাজ বিজ্ঞানী। ১৯৭০ চনৰপৰা ভাচিনে লিংগ, শিক্ষা, মানৱ উন্নয়ন আৰু সংবাদ মাধ্যমক কামৰ ক্ষেত্ৰ হিচাপে বাচি লৈ কাম কৰি আহিছে। তেওঁ ভাৰতৰ নতুন দিল্লী নিবাসী আছিল।
-
উৰ্বশী বুটালিয়া
উৰ্বশী বুটালিয়া (Urvashi Butalia; জন্ম: ১৯৫২) হ'ল এগৰাকী ভাৰতীয় নাৰীবাদী লেখক, প্ৰকাশক আৰু সমাজ-কৰ্মী। তেওঁ 'দি আডাৰ চাইড অৱ চাইলেঞ্চ: ভইচেচ ফ্ৰ'ম দ্য পাৰ্টিচন অৱ ইণ্ডিয়া' আৰু 'স্পীকিং পিচ: ৱুইমেনচ্ ভইচেচ ফ্ৰ'ম কাশ্মীৰ' দৰে মাৰ্গদৰ্শী কিতাপ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে…
-
জ্ঞানদানন্দিনী দেৱী
জ্ঞানদানন্দিনী ঠাকুৰ (অন্য নাম: জ্ঞানদানন্দিনী মুখোপাধ্যায়; ২৬ জুলাই ১৮৫০ – ১ অক্টোবৰ ১৯৪১) কলিকতা নিবাসী এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক আছিল। তেওঁ বিভিন্ন সাংস্কৃতিক উদ্ভাৱনৰ পথপ্ৰদৰ্শন কৰাই নহয় উনবিংশ শতিকাৰ বংগত মহিলা সৱলীকৰণৰ প্ৰাৰম্ভিক পৰ্যায়ত উল্লেখনীয় প্ৰভাৱ পেলাইছিল।
-
হাজৰা মাছৰুৰ
হাজৰা মাছৰুৰ (Hajra Masroor; জন্ম: ১৭ জানুৱাৰী, ১৯৩০, মৃত্যু: ১৫ ছেপ্টেম্বৰ ২০১২) এগৰাকী পাকিস্তানী গল্পকাৰ আৰু নাৰীবাদী লেখক। উৰ্দু সাহিত্যত অফছানা নামেৰে জনাজাত একপ্ৰকাৰ চুটি কল্পকাহিনী লেখনৰ জৰিয়তে মাছৰুৰে নিজকে প্ৰতিষ্ঠা কৰিছিল।
-
আইৱানোজ অডাফেন
আইৱানোছ অডাফেন (Aiwanose Odafen)নাইজেৰিয়াৰ এগৰাকী নাৰীবাদী লেখিকা৷ তেওঁ নাইজেৰিয়াৰ লাগোছত জন্মগ্ৰহণ কৰিছিল। ২০২২ চনত তেওঁৰ প্ৰথম উপন্যাস টুম'ৰ' আই বিকম এ ৱমেন আৰু ২০২৪ চনত দ্বিতীয়খন উপন্যাস উই ৱেৰ গাৰ্লছ ৱানছ প্ৰকাশিত হয়।নাইজেৰিয়ান তুৰ্কী আন্তঃৰাষ্ট্ৰীয় কলেজত পঢ়ি ২০০৯ চনত তেওঁ স্নাতক ডিগ্ৰী…
-
কুন্দনিকা কাপাডিয়া
কুন্দনিকা কাপাডিয়া (Kundanika Kapadia; (১১ জানুৱাৰী, ১৯২৭ – ৩০ এপ্ৰিল, ২০২০) গুজৰাটী ভাষাৰ এগৰাকী ভাৰতীয় ঔপন্যাসিক, গল্প লেখক আৰু প্ৰাৱন্ধিক।
-
চি এচ লক্ষ্মী
চি এচ লক্ষ্মী (C. S. Lakshmi; জন্ম ১৯৪৪) হ'ল এগৰাকী ভাৰতীয় নাৰীবাদী লেখক আৰু ভাৰতৰ নাৰীবিষয়ক অধ্যয়নৰ স্বাধীন গৱেষক। তেওঁ 'অম্বাই' ছদ্মনামত লিখে।
-
চেকেবা হাচেমি
চেকেবা হাচেমি (Chékéba Hachemi; জন্ম: ২০ মে', ১৯৭৪) এগৰাকী আফগান নাৰীবাদী আৰু লেখিকা। ২০০১ চনত কূটনীতিবিদ হিচাপে নিযুক্তি পোৱা হাচেমি প্ৰথমগৰাকী আফগান মহিলা আছিল। হাচেমি আফগানিস্তান লিব্ৰে নামৰ এন জি অ’টোৰ সভানেত্ৰী আৰু প্ৰতিষ্ঠাপক।
-
ডৰথী ৰিডল
ডৰথী ৰিডল (Dorothy Riddle; জন্ম: ১২ জানুৱাৰী, ১৯৪৪) এগৰাকী আমেৰিকান-কানাডিয়ান মনোবিজ্ঞানী, নাৰীবাদী আৰু অৰ্থনৈতিক উন্নয়ন বিশেষজ্ঞ। ৰিডল হমফবিয়া স্কেলৰ লেখিকা হিচাপে পৰিচিত আৰু তেওঁ নাৰীঅধ্যয়ন, হমফবিয়া, সেৱা আৰু আধ্যাত্মিকতাবাদৰ ওপৰত গ্ৰন্থ প্ৰকাশ কৰে।
-
তাৰা আলি বেইগ
তাৰা আলি বেইগ ( Tara Ali Baig; ৮ আগষ্ট ১৯১৬ – ১৯৮৯) এগৰাকী সমাজ সংস্কাৰক, লেখক আৰু জেনেভাৰ আন্তৰ্জাতিক শিশু কল্যাণ সংঘৰ প্ৰথম এছীয় মহিলা অধ্যক্ষ আছিল।
-
দিনেশ নন্দিনী ডালমিয়া
দিনেশ নন্দিনী ডালমিয়া (Dinesh Nandini Dalmia; ১৬ ফেব্ৰুৱাৰী ১৯২৮ – ২৫ অক্টোবৰ, ২০০৭), বা দিনেশনন্দিনী ডালমিয়া হিন্দী সাহিত্যৰ এগৰাকী ভাৰতীয় কবি, গল্পকাৰ আৰু ঔপন্যাসিক। তেওঁ ডালমিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক ৰামকৃষ্ণ ডালমিয়াৰ পঞ্চম পত্নী।
-
নাইলা কবীৰ
নাইলা কবীৰ (Naila Kabeer; জন্ম ২৮ জানুৱাৰী ১৯৫০) এগৰাকী ব্ৰিটিছ বাংলাদেশী সামাজিক অৰ্থনীতিবিদ, গৱেষক, লেখক আৰু লণ্ডন স্কুল অৱ ইকনমিক্সৰ অধ্যাপক। তেওঁ ভাৰতীয় বংশোদ্ভৱ আছিল। কবীৰ ২০১৮ চনৰ পৰা ২০১৯ চনলৈ ইণ্টাৰনেচনেল এছ’চিয়েচন ফৰ ফেমিনিষ্ট ইকনমিকচ্ (আইএএফই)ৰ সভাপতি আছিল।
-
নিবেদিতা মেনন
নিবেদিতা মেনন (Nivedita Menon) এগৰাকী নাৰীবাদী লেখক আৰু দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক চিন্তাৰ অধ্যাপক। পূৰ্বতে তেওঁ ‘লেডী শ্ৰী ৰাম কলেজ’ আৰু ‘দিল্লী বিশ্ববিদ্যালয়’ৰ ৰাজনীতি বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল।
-
নীৰা দেশাই
নীৰা দেশাই (Neera Desai; জন্ম:১৯২৫ - মৃত্যু:২৫ জুন ২০০৯) ভাৰতৰ এগৰাকী অধ্যাপক, গৱেষক, শিক্ষাবিদ, ৰাজনৈতিক কৰ্মী আৰু সমাজকৰ্মী। তেওঁ মহিলা অধ্যয়ন ক্ষেত্ৰৰ (ৱুমেনচ ষ্টাডিজ) এগৰাকী অন্যতম নেত্ৰী আছিল।
-
নেহা দীক্ষিত
নেহা দীক্ষিত (Neha Dixit) হৈছে ৰাজনৈতিক, লিংগ আৰু সামাজিক ন্যায় বিষয়ত সক্ৰিয় এগৰাকী ভাৰতীয় অপেছাদাৰী সাংবাদিক। তেওঁ অশোকা বিশ্ববিদ্যালয়ৰ এগৰাকী অতিথি অধ্যাপক। তেওঁক চামেলি দেৱী জৈন বঁটা (২০১৬) আৰু লগতে চিপিজে ইণ্টাৰনেচনেল প্ৰেছ ফ্ৰীডম এৱাৰ্ড (২০১৯) প্ৰদান কৰা হৈছে।
-
ভি গীতা
ভি গীতা (V. Geetha) এগৰাকী ভাৰতীয় নাৰীবাদী কৰ্মী আৰু ভাৰতীয় লেখক, যি জাতি, লিংগ, শিক্ষা আৰু নাগৰিক অধিকাৰ সম্পৰ্কীয় বিষয়ত লেখা-মেলা কৰে। তেওঁ মাদ্ৰাজত থাকি কাম কৰে আৰু বৰ্তমান তামিলনাডুত চলি থকা বেচৰকাৰী সংস্থাসমূহৰ প্ৰকৃতি আৰু প্ৰসাৰৰ ওপৰত গৱেষণা কৰি আছে। তেওঁ তাৰা বুকছৰ সম্পাদকীয় সঞ্চালক।
-
মালতী বেডেকৰ
মালতী বিশ্ৰাম বেডেকৰ (; Malati Vishram Bedekar; জন্ম:১৮ মাৰ্চ, ১৯০৫- মৃত্যু:৭ মে’ ২০০১) ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী মাৰাঠী লেখক। মাৰাঠী সাহিত্যৰ তেওঁ প্ৰথমগৰাকী বিশিষ্ট নাৰীবাদী লেখক। তেওঁ বিভাৱৰী শিৰুৰকাৰ ছদ্মনামতো লিখে।
-
মাৰ্গাৰেট কুপিন
মাৰ্গাৰেট কুপিন এগৰাকী বেলজিয়ামৰ ঔপন্যাসিক আৰু কবি। ২ ফেব্ৰুৱাৰী ১৮৬৭ চনত ব্ৰাছেলছত জন্ম গ্ৰহণ কৰা কুপিনৰ সম্পূৰ্ণ নাম মাৰ্গাৰেট আইমী ৰ'জিন কুপিন। তেওঁ নাৰীবাদী আছিল আৰু নাৰী মুক্তি আৰু নাৰীৰ সম অধিকাৰৰ পথ প্ৰদৰ্শক হৈ পৰিছিল।
-
লীলা ডুবে
লীলা ডুবে (Leela Dube; ২৭ মাৰ্চ ১৯২৩ - ২০ মে’ ২০১২) এগৰাকী প্ৰখ্যাত নৃতত্ত্ববিদ আৰু নাৰীবাদী পণ্ডিত আছিল, যাক বহুতে মৰমেৰে লীলাদী বুলি মাতিছিল। তেওঁ প্ৰখ্যাত নৃতত্ত্ববিদ আৰু সমাজবিজ্ঞানী স্বৰ্গীয় শ্যামা চৰণ ডুবেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।
-
সুখ বৰুৱা
ড° সুখ বৰুৱা (Sukha Baruah, ৩১ ডিচেম্বৰ ১৯৪৬ - ৩ ছেপ্টেম্বৰ ২০২৩) এগৰাকী ভাৰতীয় নাৰীবাদী, শিক্ষাবিদ, সাহিত্যিক তথা নাৰী শিক্ষাৰ বাটকটীয়া আছিল। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড° সুখ বৰুৱা বৃহত্তৰ মৰাণ অঞ্চলৰ স্ত্ৰী শিক্ষাৰ বাটকটীয়া ১৯৯২ চনত স্থাপিত মৰাণ মহিলা মহাবিদ্যালয়ৰ…
-
স্মৃতা জৈন
স্মৃতা জৈন (জন্ম: ৩১ জানুৱাৰী ১৯৮৩, ভাৰতৰ নতুন দিল্লীত) বৰ্তমান নিউয়ৰ্ক চহৰত বাস কৰা এগৰাকী ভাৰতীয় ডিজাইনাৰ, শিল্পী, ফটোগ্ৰাফাৰ, কবি, লেখক আৰু ডিজাইনৰ শিক্ষাবিদ। তেওঁ দুখন কিতাপ ৰচনা আৰু ডিজাইন কৰিছে। সেইকেইখন হৈছে: ফেট ফ্ৰী চিংৰা (২০১৮ চনত মুক্তি পোৱা) আৰু ক্ৰিয়েটিং দুৰ্গা (২০১৩)।
-
ৱানজিৰু কিহোৰো
ৱানজিৰু কিহোৰো (Wanjiru Kihoro; ৯ ছেপ্টেম্বৰ ১৯৫৩ – ১২ অক্টোবৰ ২০০৬) কেনিয়াৰ এগৰাকী অৰ্থনীতিবিদ, লেখিকা আৰু নাৰীবাদী কৰ্মী আছিল৷ ডেনিয়েল আৰাপ মইৰ শাসনকালত কেনিয়াবাসীক কাৰাগাৰত বন্দী কৰাৰ প্ৰতিবাদত তেওঁ প্যান-আফ্ৰিকান মহিলা সংগঠন আকিনা মামা ৱা আফ্ৰিকা (AMwA) আৰু কেনিয়াত ৰাজনৈতিক বন্দীসকলক…