হাচং পূজা ডিমাছা জনগোষ্ঠীসকলৰ এক লোক উৎসৱ।১ খেতিৰ কাষৰ ডাঙৰ গছ এজোপাৰ তলত এই পূজা কৰা হয়। এই পূজা কৰাৰ আগদিনা গছৰ তলখন পূজাৰীয়ে চিকুণাই পৰিষ্কাৰ কৰি লৈ পূৱমূৱাকৈ ৪৫ ছে.মি ওখ এখন বাহৰ চাঙ সাজে।
পূজাৰ প্ৰয়োজনীয় সামগ্ৰী
- জুমায়
- খুদ চাউল
- কুুুকুুৰা চৰাই দুুুটা
- বাহৰ চুুঙা দুুুটা
- কলপাত কেইখিলামান
পূৱমূৱা চাঙখনৰ সন্মুখৰ খুটা দুটাৰ তলত কলপাত স্থাপন কৰে।২ ওপৰত সাতভাগ কলপাত একেশাৰীতে স্থাপন কৰি প্ৰথমখনত দুই তৰপ, দ্বিতীয়খনত তিনিতৰপ, তৃতীয়খনত পাচতৰপ, চতুৰ্থখনত সাততৰপ, পঞ্চমখনত পাচতৰপ, ষষ্ঠখনত তিনিতৰপ আৰু সপ্তমখনত দুই তৰপকৈ কলপাত স্থাপন কৰে।৩ চুঙাকেইটাত "জুমায়" ভৰাই পানী ঢালি যি জুডি বনায়,সেই জুডি আটাই কেইজাপ কলপাতৰ ওপৰত ছটিয়াই দিয়ে।৪ আয়োজনৰ সকলো কাম শেষ হ'লে পূজাৰীয়ে "হাচং" দেৱতাৰ সন্তুষ্টৰ অৰ্থে মন্ত্ৰ মাতে আৰু কুকুৰা চৰাই দুটা বলি দিয়ে। কুকুৰা চৰাইৰ কলিজা নখন কলপাতৰ পৱিত্ৰ আসনত ভৰাই দিয়ে। হাচং পূজাৰ কাৰ্য্য ইমানতে অন্ত পৰে।৫
তথ্যসূত্ৰ
- ↑ বিৰিঞ্চি কুমাৰ বৰুৱা. (প্ৰথম সংস্কৰণ, ডিচেম্বৰ,২০১৩চন). অসমৰ লোক সংস্কৃতি (তৃতীয় খণ্ড). কৈলাশ কুমাৰ ৰাজখোৱা. পৃ. ১৮৯
- ↑ বিৰিঞ্চি কুমাৰ বৰুৱা. (প্ৰথম সংস্কৰণ, ডিচেম্বৰ,২০১৩চন). অসমৰ লোকসংস্কৃতি (তৃতীয় খণ্ড). কৈলাশ কুমাৰ ৰাজখোৱা. পৃ. ১৯০
- ↑ বিৰিঞ্চি কুমাৰ বৰুৱা. (প্ৰথম সংস্কৰণ, ডিচেম্বৰ,২০১৩চন). অসমৰ লোকসংস্কৃতি (তৃতীয় খণ্ড). কৈলাশ কুমাৰ ৰাজখোৱা. পৃ. ১৯০
- ↑ বিৰিঞ্চি কুমাৰ বৰুৱা. (প্ৰথম সংস্কৰণ, ডিচেম্বৰ,২০১৩চন). অসমৰ লোক সংস্কৃতি (তৃতীয় খণ্ড). কৈলাশ কুমাৰ ৰাজখোৱা. পৃ. ১৯০
- ↑ বিৰিঞ্চি কুমাৰ বৰুৱা. (প্ৰথম সংস্কৰণ, ডিচেম্বৰ,২০১৩চন). অসমৰ লোকসংস্কৃতি (তৃতীয় খণ্ড). কৈলাশ কুমাৰ ৰাজখোৱা. পৃ. ১৯০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাচং পূজা” প্ৰবন্ধৰ সংশোধন ২৯৯৪৩৮ (২২ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।