হিৰণ্ময়ী দেৱী (Hiranmayee Devi)(জন্ম,১৯৩৩- মৃত্যু ২০২৪, ৩ ডিচেম্বৰ) এগৰাকী অসমীয়া শিক্ষয়িত্ৰী, লেখিকা। তেওঁ ‘’মাটিৰ চাকিৰ শিখা’’, ‘’হৃদয়ৰ অৰণ্যত’’ আদি কবিতাপুথিৰ লগতে কেইবাখনো শিশু সাহিত্য, জীৱনী সাহিত্য়, প্ৰবন্ধ পুথি, অনুবাদ পুথি ৰচনা কৰি গৈছে।১
জন্ম পৰিচয়
হিৰণ্ময়ী দেৱীৰ জন্ম হৈছিল ১৯৩৩ চনত নগাঁও জিলাৰ নগাঁও চহৰত।১ তেখেতৰ পিতৃৰ নাম তিলক চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম আছিল সাবিত্ৰী বালা দেৱী। হিৰন্ময়ী দেৱী আছিল পৰিয়ালৰ ছয় সন্তানৰ মাজত একমাত্ৰ কন্যা সন্তান। ১৯৩৯ চনত চাকৰিসূত্ৰে পিতৃ গুৱাহাটীলৈ বদলি হোৱাত হিৰণ্ময়ী দেৱীও ছয় বছৰ বয়সৰ পৰাই গুৱাহাটীৰ বাসিন্দা হয়। ১
শিক্ষাজীৱন
হিৰন্ময়ী দেৱীৰ প্ৰাথমিক শিক্ষা ছাত্ৰীবাৰীৰ মিছন স্কুলৰ পৰা আৰম্ভ হয়। হাইস্কুলীয়া জীৱন আৰম্ভ হয় গুৱাহাটীৰ পাণবজাৰৰ ছোৱালী হাইস্কুলত। সেই সময়ত গুৱাহাটীত সেইখনেই একমাত্ৰ ছোৱালী হাইস্কুল আছিল। মেট্ৰিক পৰীক্ষাত দুটা বিষয়ত লেটাৰ নম্বৰ পাই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা হিৰন্ময়ী দেৱীয়ে সমূহ ছাত্ৰীৰ মাজত দ্বিতীয় স্থান লাভ কৰিছিল আৰু মাহে কুৰিটকীয়া বৃত্তি লাভৰ যোগ্যতা অৰ্জন কৰিছিল। ১৯৫১ চনত আই.এ. পৰীক্ষাত অৱতীৰ্ণ হোৱা হিৰণ্ময়ী দেৱীয়ে শাৰীৰিক অসুস্থতাৰ বাবে ওপৰঞ্চি বিষয় উদ্ভিদবিদ্যাৰ পৰীক্ষা দিব নোৱাৰিলে। আই.এ. পৰীক্ষাত প্ৰথম বিভাগতে উত্তীৰ্ণ হয়। ইয়াৰ বাবে কুৰিটকীয়া বৃত্তিটো বি.এ. পৰীক্ষালৈকে অব্যাহত থাকে। ১
আই.এ. পৰীক্ষা দিয়াৰ কেইমাহমান পিছতে হিৰন্ময়ী দেৱীৰ প্ৰথম সন্তান জন্ম হয়। কেঁচুৱাৰ বাবে বি.এ. ৰ ক্লাছ কৰিবলৈ যোৱাত বাধা আহি পৰাত তেওঁ সন্দিকৈ কলেজ কৰ্তৃপক্ষৰ ওচৰ চাপে আৰু তেখেতসকলে তেওঁক কয়,”কলেজত নামটো লগাই থোৱা; সম্ভৱ হ’লে ক্লাছ কৰিবা; নোৱাৰিলে ঘৰতে পঢ়ি বি.এ. পৰীক্ষা দিবা। “ সেইমতে কলেজত নাম লগাই হিৰণ্ময়ী দেৱীয়ে চতুৰ্থ বাৰ্ষিক শ্ৰেণীত ইংৰাজী আৰু দৰ্শনৰ ক্লাছ কেইটামান কৰি বাকী দুটা বিষয় সংস্কৃত আৰু অসমীয়া ঘৰতে পঢ়িলে। ১৯৫৩ চনত বি.এ. ফাইনেল পৰীক্ষা দিয়াৰ কথা চিন্তা কৰিছিল যদিও তেওঁ দ্বিতীয় সন্তানৰ মাতৃ হোৱাত সেই বছৰ পৰীক্ষা দিব নোৱাৰিলে। ১৯৫৪ চনত আইতাকৰ হাতত ল’ৰা ছোৱালী থৈ ৰিহাবাৰীৰ পিতৃগৃহৰ পৰা বি.এ. ফাইনেল পৰীক্ষা দিয়েগৈ। বি.এ. পৰীক্ষাত তেওঁ ডিষ্টিংশ্যন লৈ উত্তীৰ্ণ হয়।১
গুৱাহাটীৰ পাণবজাৰৰ ছোৱালী হাইস্কুলত অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষা দিয়াৰ পিছতে হিৰণ্ময়ী দেৱীৰ বিয়া হয়। স্বামী ৰতিকান্ত শৰ্মা আছিল কামৰূপ জিলাৰ হাজো মহকুমাৰ মহকুছি নামৰ এখন গাঁৱৰ প্ৰথম ডিগ্ৰীধাৰী। তেওঁ গুৱাহাটীৰ উজানবজাৰৰ সেই সময়ৰ বিখ্যাত গোস্বামী পৰিয়ালৰ তত্ত্বাৱধানত থাকি হাইস্কুলীয়া তথা কলেজীয়া শিক্ষা গ্ৰহণ কৰি চাকৰিত সোমাইছিল। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কমিছনাৰ অফিচৰ কৰ্মচাৰী হিচাপে নিযুক্তি লাভ কৰিছিল। বিবাহৰ পিছৰ ছাত্ৰী তথা সাংসাৰিক জীৱনৰ বিষয়ে হিৰণ্ময়ী দেৱীয়ে লিখা কিছু কথা এনেধৰণৰ-“ বিয়াৰ পিছদিনা দোকমোকালিতে ব্ৰহ্মপুত্ৰ নদী ফেৰীৰে পাৰ কৰাই সিপাৰত ৰৈ থকা ছৈ দিয়া ম'হৰ গাড়ীত তুলি শহুৰৰ ঘৰ গছকাবলৈ নিয়া কথাটো আজিও মনত পৰে। সৰুতে বিয়া দিয়া হৈছিল যদিও ঈশ্বৰৰ একপ্ৰকাৰ অনুগ্ৰহ বুলিয়েই ক'ব লাগিব যে দশম শ্ৰেণীলৈ প্ৰমোচন পোৱাৰ পিছতহে মই সংসাৰ কৰাৰ বাবে উপযুক্ত হৈছিলো। ১৯৪৮ চনত গুৱাহাটীত নকৈ স্থাপিত হোৱা উচ্চ ন্যায়ালয়ত কমিছৰ অফিচৰ কিছুসংখ্যক কৰ্মচাৰীক নিযুক্তি দিয়া হৈছিল। সেইসকলৰ এজন হিচাপে মোৰ স্বামীয়েও হাইকোৰ্টত নিযুক্তি লাভ কৰি প্ৰশিক্ষণৰ বাবে কলিকতালৈ যাবলগীয়া হোৱাত মই মেট্ৰিক পৰীক্ষা দিয়াৰ সময়লৈকে পিতৃগৃহতে থকাৰ সুবিধা পাইছিলো। পৰীক্ষা শেষ হোৱাৰ কেইদিনমান পিছতে মোক গাঁৱলৈ নি শহুৰৰ ঘৰত ধৰ্মীয় আনুষ্ঠানিকতা পালন কৰাৰ অন্তত মোক তাতে থৈ অহা হ'ল। স্বামীয়ে সপ্তাহটোৰ শেষত শনিবাৰে ঘৰলৈ যায় আৰু সোমবাৰে পুৱাতে গুৱাহাটীলৈ উভতি আহে। গাঁৱৰ ভাষা, নীতি-নিয়ম আদি নজনাৰ বাবে পোনতে কিছু অসুবিধা হৈছিল যদিও পিছলৈ কথাবোৰ মোৰ বাবে সহজ হৈ পৰিছিল। গাঁৱলীয়া গৃহস্থীৰ কামবোৰ শিকি-বুজি লৈ সকলোৰে লগত মিলিজুলি, হাঁহি-মাতি চলিছিলো বাবে পৰিয়ালৰ আটাইৰে মৰম-চেনেহ পাবলৈ সক্ষম হৈছিলো। চহৰত ডাঙৰ হোৱা ছোৱালী বুলিয়েই গাঁৱলীয়া গৃহস্থীৰ বেছি কষ্টকৰ কামবোৰৰ পৰা মোক ৰেহাই দিয়া হৈছিল।" ১ ১৯৫৫ চনত তেওঁৰ তৃতীয়টি সন্তান জন্ম হয়।১
কৰ্মজীৱন
বি.এ. পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত হিৰণ্ময়ী দেৱীয়ে গুৱাহাটীৰ তাৰিণী চৌধুৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৯৫৬ চনত ইংৰাজী আৰু সংস্কৃতৰ শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে। ১৯৫৯ চনত স্কুলৰ তৰফৰ পৰা দৰমহাসহ ছুটি দি হিৰন্ময়ী দেৱীক গুৱাহাটী বিশ্ববিদ্যালয়ত বি.টি. পঢ়িবলৈ পঠোৱা হৈছিল। ১৯৬০ চনত প্ৰশিক্ষণৰ অন্তত তেওঁ বি.টি. ডিগ্ৰী লৈ স্কুললৈ উভতি আহে। ১৯৬১ চনত এহাল যমজ সন্তানৰ মাতৃ হোৱা হিৰন্ময়ী দেৱীয়ে এম.এ. পঢ়িবৰ বাবে চৰকাৰৰ সুবিধা এটা লাভ কৰে য’ত দুবছৰীয়া পাঠ্যক্ৰমৰ এবছৰৰ খৰচ চৰকাৰে বহন কৰিব আৰু আনটো বছৰ শিক্ষাৰ্থীয়ে নিজে বহন কৰিব লাগে। ইতিমধ্যে সন্তান জন্ম দিয়াৰ বাবে বিনা বেতনে লোৱা দীঘলীয়া ছুটিৰ পিছত স্কুলত যোগদান কৰা হিৰণ্ময়ী দেৱীয়ে এম.এ. পঢ়িবলৈ ইচ্ছা কৰা নাছিল যদিও সকলোৰে বুজনি আৰু সাহসত তেওঁ বিশ্ববিদ্যালয়ত ইংৰাজী বিষয়ত এম.এ.ত নামভৰ্তি কৰে। প্ৰথম বছৰ ক্লাছ কৰি পৰীক্ষা নিদিয়াকৈ তেওঁ পুনৰ স্কুললৈ ঘূৰি আহে। ১৯৬৪ চনত তেওঁৰ ষষ্ঠ তথা শেষৰটি সন্তান জন্ম হয়। তাৰ পিছত ১৯৬৭ চনত প্ৰিভিয়াচ আৰু ১৯৬৮ চনত ফাইনেল পৰীক্ষা দি ইংৰাজী বিষয়ত দ্বিতীয় শ্ৰেণীৰ এম.এ. ডিগ্ৰী লাভ কৰে।১
১৯৭২ চনত তাৰিণী চৌধুৰী স্কুলত দ্বাদশ শ্ৰেণী আৰম্ভ হোৱাত তেওঁ ইংৰাজী বিভাগৰ বিষয়-শিক্ষয়িত্ৰী হিচাপে পদোন্নতি লাভ কৰে।১
সাহিত্যৰাজি
কবিতাপুথি
- মাটিৰ চাকিৰ শিখা
- হৃদয়ৰ অৰণ্যত
- কবিতা নিলিখো আৰু
প্ৰবন্ধ পুথি
- চিন্তা-চয়ন
- বিভিন্ন অনুভৱ
শিশু-সাহিত্যৰ পুথি
- আখৰৰ আখৈ লাৰু
- ফৰিঙৰ পেং
- নিগনিৰ ঘৰখন আৰু কেইটামান সাধু
- ৰেড ক্ৰছৰ সাধু
- মইনাৰ মৌ মাত
- তৰা ঘৰ
- সাধু শুনিবা কোনে?
জীৱনী পুথি
- নিবেদিতা যাৰ নাম
- পুষ্পলতা দাস
- বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি
- মুক্তি সংগ্ৰামী চন্দ্ৰপ্ৰভা
- Amalprava Das
- মহিয়সী ৰাষ্ট্ৰমাতা কস্তুৰবা
- স্বামী বিবেকানন্দ (সংক্ষিপ্ত জীৱন কথা)
অনুবাদ পুথি
- সময় যন্ত্ৰ
- এ জাৰ্নি টু দ্য চেণ্টাৰ অফ্ দ্য আৰ্থ
- উত্তিষ্ঠত জাগ্ৰত
- এ’ৰৰ অব্ জাযমেণ্ট
- বননিত বসন্তৰ বা
- কণমানি ৰাজকুমাৰী
- সংস্কৃত শ্লোক সংগ্ৰহ
- জাগা হে ভাৰত জাগা
পুথি আকাৰে অপ্ৰকাশিত ৩খন কিতাপৰ পাণ্ডুলিপি
- আচাৰ্য বিনোৱা ভাৱে
- মোৰ লণ্ডন ভ্ৰমণ
- অসমীয়া শিকো আহাঁ
২০১৫ চনত হিৰণ্ময়ী দেৱীৰ পুত্ৰ হেমন্ত কুমাৰ শৰ্মাই তেখেতৰ সাহিত্যৰাজিক একেলগে থূপ খুৱাই হিৰণ্ময়ী দেৱীৰ ৰচনা সমগ্ৰ প্ৰকাশ কৰি উলিয়ায়।১
লগতে চাওক
- মাটিৰ চাকিৰ শিখা
- হৃদয়ৰ অৰণ্যত
তথ্যসূত্ৰ
- ↑ ড° হেমন্ত কুমাৰ শৰ্মা. (নৱেম্বৰ,২০১৯). চাকৰি ক'তেনো পাম. উইছডম বুকছ. ISBN 978-81-940539-9-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিৰণ্ময়ী দেৱী” প্ৰবন্ধৰ সংশোধন ৪৫০৭৪৯ (৩ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।