অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মোৰ বাবে মাথোঁ সোণাৰু ফুল

মোৰ বাবে মাথোঁ সোণাৰু ফুল (Mor Babe Mathu Sonaru Phul) সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত লেখক টেমচুলা আওৰ ইংৰাজী চুটিগল্পৰ সংকলন Laburnum For My Headৰ অসমীয়া অনুবাদ। গ্ৰন্থখন ইংৰাজীৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিছে মাধূৰ্য বৰুৱাই।

হালনাগাদ: ১ অক্টোবৰ ২০২৪ ২২৫ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

মোৰ বাবে মাথোঁ সোণাৰু ফুল (Mor Babe Mathu Sonaru Phul) সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত লেখক টেমচুলা আওৰ ইংৰাজী চুটিগল্পৰ সংকলন Laburnum For My Headৰ অসমীয়া অনুবাদ। গ্ৰন্থখন ইংৰাজীৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিছে মাধূৰ্য বৰুৱাই। গল্প সংকলনখনৰ আঠোটা গল্পৰ মাজেৰে উত্তৰ-পূব ভাৰতৰ নগা জনগোষ্ঠীৰ আবাসভূমি নাগালেণ্ডৰ জনজীৱনৰ বিভিন্ন দিশ পৃথক পৃথক পটভূমিত ব্যক্ত হৈছে। এহাতে প্ৰকৃতিৰে অভিন্ন নগা গ্ৰাম্য জীৱনৰ প্ৰকৃতিকেন্দ্ৰিক জাগতিক বোধ, আনহাতে মানুহৰ সূক্ষ্ম নান্দনিক চেতনা; সকলো মূল্যবোধৰ উৰ্দ্ধৰ মানবীয় উপলব্ধি; নগা জাতীয়তাবাদ, সশস্ত্ৰ বিপ্লব আৰু বিড়ম্বনা ইত্যাদি বিভিন্ন পৰিসৰৰ বিষয়বস্তু গল্পকেইটাত উপস্থাপিত হৈছে।

মূল লেখকৰ পৰিচয়

উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয় (NEHU)ৰ ইংৰাজী বিভাগৰ ভূতপূৰ্ব অধ্যাপিকা প্ৰয়াত ড° টেমচুলা আও (১৯৪৫-২০২২) সাম্প্ৰতিক ভাৰতীয় সাহিত্য জগতৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ লেখিকা আৰু কবি।১ তেওঁৰ জন্ম ১৯৪৫ চনত, যোৰহাটত। ২০১৩ চনত তেওঁ Laburnum for My Head গল্প সংকলনখনিৰ বাবে ২০১৩ চনত ইংৰাজী শিতানত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হোৱাৰ উপৰিও ইয়াৰ পূৰ্বে তেওঁ ২০০৭ বৰ্ষত ভাৰত চৰকাৰৰ পদ্মশ্ৰী সম্মান আৰু ২০০৯ বৰ্ষত মেঘালয় চৰকাৰৰ ফালৰ ৰাজ্যপালৰ স্বৰ্ণ পদক লাভ কৰিছিল। ২০২২ চনৰ অক্টোবৰ মাহত তেখেতৰ পৰলোকপ্ৰাপ্তি ঘটে।

অনুবাদকৰ পৰিচয়

যোৰহাটৰ নিবাসী মাধুৰ্য্য বৰা (১৯৮৯-) বৃত্তিত শিক্ষক। 'অসম জাতীয় প্ৰকাশ'ৰ দ্বাৰা প্ৰকাশিত অসমীয়া ব্যৱহাৰিক অভিধানৰ সম্পাদনা সহকাৰীৰূপে সেৱা আগবঢ়োৱাৰ উপৰি তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত সাময়িকভাবে প্ৰকল্প সহযোগীৰূপেও কৰ্মৰত আছিল।

সংকলনটোৰ গল্পসমূহ

  1. মোৰ বাবে মাথোঁ সোণাৰুৰ ফুল,
  2. এজন চিকাৰীৰ মৃত্যু,
  3. যিজন ল'ৰাই এয়াৰপোৰ্ট এখনকে বেচিলে,
  4. চিঠিখন,
  5. তিনি তিৰোতাৰ কথা,
  6. এটি সৰু প্ৰশ্ন
  7. ছনী
  8. উৰণ

গল্পসমূহৰ মাজেৰে লেখিকাৰ ঐতিহ্য চেতনা, মনস্তত্ত্ববোধ আৰু সমাজ বাস্তৱৰ সূক্ষ্ম পৰ্যবেক্ষণ প্ৰকাশ পাইছে।

তথ্যসূত্ৰ

  1. ↑ (5 November 2023). The importance of Temsula Ao. The Tribune

সম্পৰ্কিত শ্ৰেণী

অনূদিত গ্ৰন্থঅসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোৰ বাবে মাথোঁ সোণাৰু ফুল” প্ৰবন্ধৰ সংশোধন ৪৩৪৫৬৫ (১ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।