অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মৌচুমী চহৰীয়া

মৌচুমী চহৰীয়া (ইংৰাজী: Mousumi Saharia) এগৰাকী অসমৰ সংগীত জগতৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে বৰ্তমানলৈ বহুকেইটা অসমীয়া জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। ১৯৯০ চনত মাত্ৰ ৫ বছৰ বয়সতে তেখেতৰ "ফাগুনৰ চেঁচাতে" নামৰ এটা এলবাম মুকলি কৰ।

হালনাগাদ: ৫ জুলাই ২০২৫ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মৌচুমী চহৰীয়া (ইংৰাজী ভাষা: Mousumi Saharia) এগৰাকী অসমৰ সংগীত জগতৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে বৰ্তমানলৈ বহুকেইটা অসমীয়া জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। ১৯৯০ চনত মাত্ৰ ৫ বছৰ বয়সতে তেখেতৰ "ফাগুনৰ চেঁচাতে" নামৰ এটা এলবাম মুকলি কৰ। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমৰ চলচ্চিত্ৰ, ভিডিঅ’ এলবাম, আৰু বিভিন্ন চিডি আদিত কণ্ঠদান কৰিছে আৰু প্ৰায় ৮০ ৰ অধিক এলবামত গীত গাইছে।১

তেখেতৰ পিতৃৰ নাম হেমচন্দ্ৰ চহৰীয়া আৰু মাতৃৰ নাম কনকলতা চহৰীয়া। পঢ়া-শুনাৰ দিশতো তেখেত অত্যন্ত মেধাবী ছাত্ৰী হিচাপে সুনাম আছে। ১৯৯৮ চনৰ মেট্ৰিক পৰীক্ষাত ৯৩% নম্বৰ পাই অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল।১

একক কণ্ঠৰ এলবাম

  • মই মৌচুমী
  • তুমি মৌচুমী
  • মৰমী মৌচুমী
  • যৌৱন
  • মন নাচে উলাহত
  • ৰংমন
  • নাচে নাচে লাগে মন
  • কঁকালৰে গাগৰি
  • হিয়াৰ মৰম
  • দেবী মন্ত্ৰ
  • আকাশী গংগা আদি। ১

তথ্যসূত্ৰ

  1. ↑ Mousumi Saharia: A musical career in brief …. Posoowa

সম্পৰ্কিত শ্ৰেণী

অসমৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৌচুমী চহৰীয়া” প্ৰবন্ধৰ সংশোধন ৫২২২১৭ (৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।