ৰামায়ণৰ চৰিত্ৰ
১০৬ প্ৰবন্ধ
-
সুমিত্ৰা
সুমিত্ৰা (सुमित्रा) হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ অযোধ্যাৰ ৰজা দশৰথৰ দ্বিতীয় সহধৰ্মিনী আৰু ৰাণী। ৰামায়ণত উল্লেখ কৰা অনুসৰি তেওঁ যমজ সন্তান লক্ষ্মণ আৰু শত্ৰুঘ্নৰ মাতৃ। সুমিত্ৰা শব্দৰ সুৰ অৰ্থ ভাল আৰু মিত্ৰৰ অৰ্থ বন্ধু।
-
অতিকায়
অতিকায় মহাকাব্য ৰামায়ণৰ এজন দৈত্য চৰিত্ৰ। ৰামায়ণ মহাকাব্যত আতিকায় ৰাৱণ আৰু তেওঁৰ পত্নী মন্দোদৰীৰ পুত্ৰ বুলি উল্লেখ আছে। অৱশ্যে মহাকাব্যখনৰ কিছুমান সংস্কৰণত তেওঁক ৰাৱণৰ দ্বিতীয় পত্নী ধন্যমালিনীৰ পুত্ৰ বুলি উল্লেখ কৰা হৈছে। আতিকয়া মেঘানাদৰ সৰু ভায়েক আছিল আৰু অত্যন্ত শক্তিশালী আছিল।
-
অহল্যা
হিন্দু ধৰ্মত, অহল্যা(अहल्या), গৌতম মহৰ্ষিৰ পত্নী। তেওঁক অহিল্যা বুলিও জনা যায়। বহুতো হিন্দু শাস্ত্ৰত উল্লেখ কৰা অনুসৰি ইন্দ্ৰই (দেৱতাৰ ৰজা) তেওঁৰ সতীত্ব নষ্ট কৰিছিল, বিশ্বাসঘাতকতাৰ বাবে তেওঁৰ স্বামীয়ে অভিশাপ দিছিল, আৰু ৰামৰ দ্বাৰা এই অভিশাপৰ পৰা মুক্ত হৈছিল।
-
মাল্যবান
মাল্যবান (Malyavan) লংকাৰ সম্ৰাট ৰাৱণৰ মুখ্য ৰাজকীয় উপদেষ্টা আছিল। মাল্যবান লংকাৰ বৌদ্ধিক আৰু ৰাজকীয় বৃত্তৰ ভিতৰত এক সন্মানীয় ব্যক্তি আছিল। তেওঁ আছিল সুকেশৰ পুত্ৰ আৰু সুমালী আৰু মালীৰ ভাই তথা ৰাৱণৰ ককা৷ শিৱৰ পৰা বৰ প্ৰাপ্ত কৰি সুকেশৰ তিনি পুত্ৰ সুমালী, মাল্যবান আৰু মালী অহংকাৰী হৈ পৰিছিল আৰু…
-
সুকেশ
সুকেশ (Sukesa) লংকাৰ এগৰাকী ৰাক্ষস ৰজা আছিল৷ তেওঁ গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীক বিবাহ কৰাইছিল৷ তেওঁৰ তিনিটা সন্তান আছিল ক্ৰমে- সুমালী, মাল্যবান আৰু মালী৷ সুকেশ আছিল বিধুৎকেশ আৰু সালকণ্টকটাৰ সন্তান৷ সুকেশৰ জন্ম হোৱাৰ পিছত বিধুৎকেশ আৰু সালকণ্টকটায়ে ৰতিক্ৰিয়া কৰিবলৈ নিজ সন্তান সুকেশক এৰি থৈ যায়৷ শিৱ…
-
অঙ্গদ
অংগদ বা অঙ্গদ (अङ्गदः অংগ দাতা) হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত এটা বান্দৰ চৰিত্ৰ, যিয়ে ৰামক তেওঁৰ পত্নী সীতাক বিচাৰি উলিওৱাত আৰু তেওঁৰ হৰণকাৰী ৰাৱণৰ সৈতে যুঁজ দিয়াত সহায় কৰিছিল। পিছত তেওঁ কিষ্কিন্ধা ৰ ৰজা হিচাপে মুকুট পৰিধান কৰে।
-
ঋষ্যশৃংগ
ঋষ্যশৃংগ (ऋष्यशृंग) হৈছে খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ শেষৰ ফালৰ, ভাৰতীয় (হিন্দু আৰু বৌদ্ধ) শাস্ত্ৰত উল্লেখ কৰা ঋষি। হিন্দু মহাকাব্য ৰামায়ণৰ মতে, তেওঁ অপ্সৰা উৰ্বশীৰ গৰ্ভত আৰু ঋষি বিভাণ্ডকৰ ঔৰষত হৰিণৰ শিঙৰ সৈতে জন্মগ্ৰহণ কৰিছিল।
-
জটায়ু
জটায়ু (जटायु) হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত শগুণ বা ঈগলৰূপী এক অৰ্ধদেৱতা। তেওঁ অৰুণ আৰু শ্যেনীৰ কনিষ্ঠ সন্তান আৰু সম্পাতিৰ ভ্ৰাতৃ। জটায়ু ৰামৰ পিতৃ দশৰথৰ পুৰণি বন্ধু।
-
মন্থৰা
মন্থৰা (Manthara) ৰামায়ণৰ এক চৰিত্ৰ। তেওঁ অযোধ্যাৰ ৰজা দশৰথৰ দ্বিতীয় পত্নী ৰাণী কৈকেয়ীৰ দাসী আছিল। তেওঁ দেখাত কুঁজা আছিল। তেওঁ ৰাণী কৈকেয়ীক সন্মত কৰিছিল যে মহাৰাজৰ সিংহাসন তেওঁৰ পুত্ৰ ভৰত হে আচল উত্তৰাধিকাৰী আৰু তেওঁৰ সতীয়া পুত্ৰ ৰাজকুমাৰ ৰামক ৰাজ্যৰ পৰা নিৰ্বাসিত কৰা উচিত।
-
মাৰীচ
মাৰীচ (Maricha, मारीच) হিন্দু মহাকাব্য ৰামায়ণত উল্লিখিত এগৰাকী ৰাক্ষস, যাক ভগৱান বিষ্ণুৰ অৱতাৰ ৰামে হত্যা কৰিছিল। তেওঁক মহাকাব্যৰ ৰাৱণৰ সহযোগী হিচাপে উল্লেখ কৰা হয়। ৰামৰ পত্নী সীতাক অপহৰণত কৰাত তেওঁৰ বিশেষ ভূমিকা আছে। তেওঁৰ পুত্ৰ কলনেমিক হনুমানে বধ কৰে।
-
উৰ্মিলা
উৰ্মিলা (ऊर्मिला) হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰামৰ সৰু ভায়েক লক্ষ্মণৰ পত্নী।
-
কুশ
কুশ (कुश) আৰু তেওঁৰ যমজ ভাতৃ লৱ, ৰাম আৰু সীতাৰ সন্তান আছিল। তেওঁলোকৰ কাহিনী হিন্দু মহাকাব্য, ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণত বৰ্ণনা কৰা হৈছে। কোৱা হয় যে তেওঁলোকৰ মাতৃৰ দৰে লৱ বগা-সোণালী বৰণৰ আছিল, আনহাতে কুশ তেওঁলোকৰ দেউতাকৰ দৰে ক'লা বৰণৰ আছিল।
-
কেতুমতী
কেতুমতী (Ketumati) ৰাক্ষষ ৰজা সুকেশ আৰু গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীৰ পুত্ৰ সুমালীৰ দাম্পত্য সঙ্গী আছিল৷ তেওঁ আছিল গন্ধৰ্ব ৰাজকুমাৰী নৰ্মদাৰ কন্যা৷ তেওঁ ১০ গৰাকী পুত্ৰ আৰু ৪ গৰাকী কন্যা সন্তানৰ মাতৃ আছিল৷ তেওঁৰ ভনী দুগৰাকীৰ নাম হৈছে- বসুদা আৰু সুন্দৰী,
-
নীল
নীল হৈছে হিন্দু মহাকাব্য ৰামায়ণ ৰ এক বান্দৰ চৰিত্ৰ। সেই অনুসাৰে নীল আছিল দেৱতা অগ্নিৰ পুত্ৰ, যাৰ নামৰ আক্ষৰিক অৰ্থ নীলা বৰণ। মহাকাব্য ৰামায়ণত স্পষ্ট উল্লেখ পোৱা যায় যে বিষ্ণুৰ অৱতাৰ, অযোধ্যাৰ ৰজা দশৰথৰ জ্যেষ্ঠ পুত্ৰ ৰাম পিতৃবাক্য পালনাৰ্থে বনবাসলৈ যোৱাত বনতেই তেওঁৰ স্ত্ৰী সীতাক লংকাৰ ৰাক্ষস ৰজা…
-
ত্ৰিশিৰা
ত্ৰিশিৰা (: त्रिशिर, যাৰ তিনিটা মূৰ আছে।) এজন দৈত্য (ৰাক্ষস) আছিল, আৰু তেওঁৰ প্ৰসংগ ৰামায়ণত উল্লেখ পোৱা যায়। তেওঁ ৰাৱণৰ ছয়জন পুত্ৰৰ ভিতৰত এজন আছিল। তেওঁৰ আন ভাতৃসকল আছিল মেঘনাদ অতিকায়, অক্ষয়কুমাৰ, নৰান্তক আৰু দেৱান্তক।
-
মায়াসুৰ
মায়াসুৰ বা ময়াসুৰ (मयासुर) হিন্দু শাস্ত্ৰত বৰ্ণিত অসুৰ, দেৱতা আৰু ৰাক্ষস জাতিৰ এজন মহান প্ৰাচীন ৰজা আছিল। মায়া তেওঁৰ উজ্জ্বল স্থাপত্যৰ বাবে জনাজাত আছিল। মহাভাৰতত বৰ্ণিত মায়াসভা বা ভ্ৰমৰ কক্ষ - তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল।
-
লৱ
লৱ (लव) আৰু তেওঁৰ যমজ ভাতৃ কুশ, ৰাম আৰু সীতাৰ সন্তান আছিল। তেওঁলোকৰ কাহিনী হিন্দু মহাকাব্য, ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণত বৰ্ণনা কৰা হৈছে। কোৱা হয় যে তেওঁলোকৰ মাতৃৰ দৰে তেওঁ বগা-সোণালী বৰণৰ আছিল, আনহাতে কুশ তেওঁলোকৰ দেউতাকৰ দৰে ক'লা বৰণৰ আছিল।
-
শান্তা
শান্তা হিন্দু মহাকাব্য ৰামায়ণৰ এটা চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা দশৰথ আৰু কৌশল্যাৰ জীয়ৰী আছিল। পিছত তেওঁক অংগ প্ৰদেশৰ ৰজা ৰোমাপদে তুলি লৈছিল। শান্তাই কিংবদন্তী ভাৰতীয় হিন্দু ঋষি বিভাণ্ডকৰ পুত্ৰ ঋষ্যশৃংগৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। ঋষ্যশৃংগয় দশৰথৰ বাবে পুত্ৰ কামেষ্ঠী যজ্ঞ পাতিছিল।
-
সম্পাতি
বৈদিক গ্ৰন্থসমূহত সম্পাতি (सम्पाति) হৈছে অৰুণ আৰু শ্যেনীৰ জ্যেষ্ঠ সন্তান তথা জটায়ুৰ ভ্ৰাতৃ। তেওঁৰ অৱয়ব এক শগুনৰ দৰে। ব্ৰহ্ম পুৰাণৰ মতে, বব্ৰু নামেৰে সম্পাতিৰ এক পুত্ৰ আছে যি অতি বেগবান আৰু খাতিমান। শৈশৱ কালতে সম্পাতিয়ে নিজৰ ডেউকা দুখন হেৰুৱায়।
-
সুভন্নমচ্ছ
সুভন্নমচ্ছ (สุพรรณมัจฉา) বা সুৱৰ্ণমৎস্য (सुवर्णमत्स्य) হৈছে থাই ভাষাৰ লগতে দক্ষিণ-পূব এছিয়াৰ বিভিন্ন ৰামায়ণ সংস্কৰণত উল্লিখিত টছাকনাথ বা ৰাৱণৰ জীয়ৰী। সুৱৰ্ণমৎস্যৰ আক্ষৰিক অৰ্থ হৈছে সোণোৱালী মাছ। তেওঁ হৈছে জলকুঁৱৰীসকলৰ এক ৰাজকুমাৰী।
-
অক্ষয়কুমাৰ
অক্ষয়কুমাৰ বা অক্ষকুমাৰ (Akṣayakumāra, अक्षयकुमार) ৰাৱণৰ কনিষ্ঠ পুত্ৰ তথা মেঘনাদৰ ভাতৃ আছিল। তেওঁক অক্ষয় বা অক্ষ নামেৰেও জনা যায়৷ ৰামায়ণত হনুমানে সীতাৰ সৈতে বাৰ্তালাপ কৰাৰ পিছত যেতিয়া অশোক বন ধ্বংস কৰিবলৈ আৰম্ভ কৰে তেতিয়া ৰাৱণে অশোকবন ৰক্ষাৰ্থে অক্ষয়কুমাৰক ৰাক্ষস সেনাৰ মুৰব্বী হিচাপে তালৈ…
-
অহিৰাৱণ
অহিৰাৱণ (Ahiravan বা Mahiravan, अहिरावण) কৃত্তিবাসী ৰামায়ণ বা শ্ৰীৰাম পাঁচালী অনুসৰি ঋষি বিশ্ৰবাৰ পুত্ৰ আৰু ৰাৱণৰ ভাতৃ আছিল। তেওঁ ৰাৱণ আৰু ৰাক্ষষ ৰজা মায়াৰ দ্বাৰা শাসিত পাতাল (Underworld) -ৰ ৰজা আছিল।
-
কাকভুশুন্দি
কাকভুশুন্দি হিন্দু মহাকাব্য ৰামায়ণৰ এটা বিশিষ্ট চৰিত্ৰ। বাল্মীকি ঋষিৰ শিষ্য হোৱাৰ লগতে অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিস্তৃত জ্ঞানৰ বাবে তেওঁ পৰিচিত। তেওঁৰ নামৰ অনুবাদ হৈছে সংস্কৃতত "সোণৰ পাখি থকা কাউৰী।" তেওঁ হিন্দু পৌৰাণিক কাহিনীৰ এজন পূজনীয় ব্যক্তি আৰু আধ্যাত্মিকতা আৰু গুপ্ত বিষয়ৰ অপৰিসীম জ্ঞানৰ…
-
খৰ
খৰ (खर) ভাৰতীয় মহাকাব্য ৰামায়ণত বৰ্ণিত এজন মানুহ খোৱা ৰাক্ষস আছিল। তেওঁ লংকাৰ অধিপতি ৰাৱণৰ সম্পৰ্কীয় ভাই আৰু কৈকেষীৰ ভগ্নী ৰাকৰ পুত্ৰ আছিল।
-
তাৰা (ৰামায়ণৰ চৰিত্ৰ)
তাৰা (तारा) (আক্ষৰিক অৰ্থত তৰা) হৈছে ৰামায়ণত বৰ্ণিত কিষ্কিন্ধাৰ ৰাণী আৰু বানৰৰাজ বালিৰ সহধৰ্মিণী। বালিৰ মৃত্যুৰ পিছত তাৰা সুগ্ৰীৱৰ সৈতে বিবাহত বহে। ৰামায়ণত তেওঁক কপিকুলৰ কবিৰাজ সুসেনৰ জীয়ৰী বুলি কোৱা হৈছে। কিন্তু ইয়াৰ পৰৱৰ্তী সূত্ৰসমূহৰ মতে তাৰা আছিল সমুদ্ৰ মন্থনৰ ফলত নিৰ্গত হোৱা এগৰাকী অপ্সৰা।
-
দেৱৱতী
দেৱৱতী (Devavati) গ্ৰামণী নামৰ এগৰাকী গন্ধৰ্বৰ জীয়ৰী আছিল৷ উল্লেখ আছে যে- তেওঁ দেখাত সাক্ষাৎ লক্ষ্মীদেৱীৰ দৰে আছিল৷ তেওঁৰ পতি সুকেশ আছিল ৰাৱণৰ মাকৰ পিতামহ৷ যাক ভগৱান শিৱ আৰু পাৰ্বতীয়ে লালন-পালন কৰিছিল৷ তেওঁৰ পুত্ৰ সুমালী আৰু কেতুমতীৰ কন্যা কৈকেষীৰ ঋষি বিশ্ৰবাৰ সৈতে বিবাহ হয় যাৰ ঔৰসত তিনি পুত্ৰ…
-
নৰান্তক-দেৱান্তক
নৰান্তক ( नरान्तक, অৰ্থাৎ নৰৰ অন্তকাৰী) আৰু দেৱান্তক ( देवान्तक, বা দেৱতাৰ অন্তকাৰী) হৈছে দুজন ৰাক্ষস আৰু ৰাৱণ পুত্ৰ। বিভিন্ন হিন্দু কিংবদন্তীত এই দুই দৈত্যৰ উল্লেখ পোৱা যায়। অতিকায় সহ, এওঁলোকক ৰাৱণে পুত্ৰ হিচাপে ধন্যমালিনীৰ গৰ্ভত সৃষ্টি কৰিছিল।
-
বেদৱতী
বেদৱতী (वेदवती) আছিল বৃহস্পতিৰ পুত্ৰ কুশধ্বজৰ এগৰাকী জীয়ৰী। তেওঁক মিথিলাৰ ৰজা জনকৰ গৃহত জন্মলাভ কৰা সীতাৰ আত্মা আছিল বুলি কোৱা হয়। যি ৰামায়ণ মহাকাব্যৰ নায়িকা তথা ৰামৰ পত্নী আছিল।
-
শ্ৰুতকীৰ্তি
শ্ৰুতকীৰ্তি হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা কুশধ্বজ আৰু ৰাণী চন্দ্ৰভাগাৰ কন্যা তথা ৰামৰ সৰু ভায়েক শত্ৰুঘ্নৰ পত্নী আছিল। শ্ৰুতকীৰ্তি আছিল সংকস্যৰ ৰাজকুমাৰী আৰু ৰজা কুশধ্বজৰ সৰু জীয়েক। তেওঁ মহালক্ষ্মীৰ ফুলৰ অৱতাৰ আছিল। শ্ৰুতকীৰ্তিৰ মাণ্ডবী নামৰ এগৰাকী ডাঙৰ ভগ্নী আছিল।
-
সুবাহু
সুবাহু (सुबाहु, சுபாகு ) ৰামায়ণত বৰ্ণিত এটা ৰাক্ষস চৰিত্ৰ আছিল। তেওঁ আৰু তেওঁৰ মাক তাড়কাই জংঘলৰ মুনিসকলক, বিশেষকৈ বিশ্বামিত্ৰৰ যজ্ঞ স্থলীত, মাংস আৰু তেজ ছটিয়াই তেওঁলোকৰ যজ্ঞত ব্যাঘাত জন্মাই হাৰাশাস্তি কৰাত অপৰিসীম আনন্দ লাভ কৰিছিল।