ৰামায়ণৰ চৰিত্ৰ
১০৬ প্ৰবন্ধ
-
মাণ্ডকৰ্ণী
মাণ্ডকৰ্ণী ৰামায়ণৰ তৃতীয় কাণ্ড(আৰণ্য কাণ্ড)ত উল্লেখ থকা এজন ঋষি। ৰাজকুমাৰে দণ্ডকাৰণ্যৰ মাজেৰে যাত্ৰা কৰাৰ সময়ত যেতিয়া ৰামে বনৰ জলাশয়ৰ পাৰত থিয় হৈ অজ্ঞাত উৎসৰপৰা অহা বিস্ময়কৰ সংগীতৰ উৎপত্তিৰ বিষয়ে সুধিছিল, ধৰ্মভৃত ঋষিয়ে ৰামক তেওঁৰ কাহিনী কৈছিল।
-
মিথি (পৌৰাণিক ৰজা)
মিথি আছিল প্ৰাচীন ভাৰতীয় উপমহাদেশৰ বিদেহ ৰাজ্যৰ ৰজা। তেওঁ নিমি ৰজাৰ পুত্ৰ আছিল। মিথিলাৰ জনক বংশৰ তেওঁ প্ৰথম ৰজা জনক আছিল।
-
লক্ষ্মণ ৰেখা
লক্ষ্মণ ৰেখা (लक्ष्मण रेखा), হৈছে ৰাম-অনুজ লক্ষ্মণৰ দ্বাৰা অংকিত ৰেখা। মূল বাল্মিকী ৰামায়ণৰ বাদে পৰৱৰ্তীকালত একাধিক আঞ্চলিক ভাষালৈ ৰামায়ণৰ অনুবাদ কৰা হয়। এই আঞ্চলিক ভাষাৰ ৰামায়ণ সমূহৰ কিছু সংস্কৰণত এই লক্ষ্মণৰেখাৰ উল্লেখ পোৱা যায়।
-
লঙ্কিনী
লঙ্কিনী প্ৰাচীন হিন্দু মহাকাব্য ৰামায়ণত বৰ্ণিত এগৰাকী শক্তিশালী ৰাক্ষসী আছিল। তেওঁৰ নামৰ আক্ষৰিক অৰ্থ হৈছে "লংকাৰ দেৱতা" কিয়নো তেওঁ চহৰখনৰ একমাত্ৰ মহিলা ব্যক্তিত্ব আছিল যি লংকাৰ দুৱাৰৰ অভিভাৱকত্ব লাভ কৰিছিল।
-
শতানন্দ (ঋষি)
শতানন্দ এগৰাকী বৈদিক ঋষি আৰু প্ৰাচীন মিথিলাৰ জনক ৰজাৰ দৰবাৰত প্ৰধান পুৰোহিত আছিল। বাল্মীকি ৰামায়ণত তেওঁক মহৰ্ষি গৌতম আৰু দেৱী অহল্যাৰ জ্যেষ্ঠ পুত্ৰ হিচাপে উল্লেখ কৰা হৈছে।
-
শ্ৰৱণ কুমাৰ
শ্ৰৱণ কুমাৰ হৈছে ৰামায়ণৰ এটি চৰিত্ৰ। তপস্বী দম্পতী শান্তণু আৰু মলয়াৰ পুত্ৰ। শ্ৰৱণৰ মাক দেউতাক উভয়ৰে দৃষ্টি শক্তি ক্ষীণ আছিল, পিছলৈ গৈ তেওঁলোক একেবাৰে অন্ধ হৈ পৰে। শ্ৰৱণ কুমাৰ পূৰ্বজন্মত ৰাজকোঁৱৰ আছিল। শাপৰ ফলত তেওঁ অন্ধমুনিৰ পুত্ৰ হৈ জন্ম লয়।
-
সাগৰ (ৰজা)
সাগৰ (সংস্কৃত: सगर, আক্ষৰিক অৰ্থ ‘বিষ লৈ জন্ম লোৱা’) হিন্দু ধৰ্মৰ সূৰ্যবংশ বংশৰ এজন ৰজা। বহুকৰ পুত্ৰ হিচাপে তেওঁ দুগৰাকী পত্নী আৰু ৬০,০০১ পুত্ৰৰে অযোধ্যা নগৰ শাসন কৰিছিল।
-
সুনয়না
সুনয়না (সংস্কৃত: सुनयना, IAST: Sunayanā) হিন্দু মহাকাব্য ৰামায়ণত উল্লেখ কৰা মতে বিদেহৰ ৰাণী৷ সুনয়না হৈছে মিথিলাৰ অন্তৰ্গত বিদেহৰ ৰজা জনকৰ পত্নী তথা সীতা আৰু উৰ্মিলাৰ সীতাৰ মাতৃ৷
-
সৰমা
সৰমা (सरमा) হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ লংকাৰ ৰাক্ষস ৰজা ৰাৱণৰ ভাতৃ বিভীষণৰ পত্নী। তেওঁক ৰাক্ষসী বা গন্ধৰ্ব বংশৰ বুলি কোৱা হয়। ৰামায়ণৰ সকলো সংস্কৰণতে তেওঁ ৰাৱণে অপহৰণ কৰা আৰু লংকাত বন্দী হৈ থকা ৰামৰ সহধৰ্মিনী সীতাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখিছিল বুলি উল্লেখ আছে।
-
অংশুমান
হিন্দু ধৰ্মৰ সূৰ্যবংশ বংশৰ ৰজা অংশুমান। অসামঞ্জৰ পুত্ৰ অংশুমান ককাক সাগৰৰ মৃত্যুৰ পাছত অযোধ্যাৰ ৰজা হয়। অংশুমানৰ নাতি ভগীৰথে স্বৰ্গৰপৰা গংগাৰ সোঁত নমাই আনে।
-
অনৰণ্য
অনৰণ্য (২) (সংস্কৃত: अनारण्य) হিন্দু সাহিত্যত প্ৰদৰ্শিত সূৰ্যবংশৰ এজন ৰজা। তেওঁৰ কিম্বদন্তি হিন্দু মহাকাব্য ৰামায়ণত বৰ্ণনা কৰা হৈছে। তেওঁক ৰাৱণে হত্যা কৰিছিল। তেওঁৰ পুত্ৰ পৃশদশ্বই নতুন ৰজা হ’ল।
-
ঋষি শৰভঙ্গ
শৰভংগ (সংস্কৃত: शरभङ्ग) ৰামায়ণৰ তৃতীয় কাণ্ড (অৰণ্য কাণ্ড)ত উল্লেখ কৰা এজন ঋষি আৰু ভৱিষ্যদ্বক্তা। ৰামে দণ্ডক অৰণ্যৰ মাজেৰে গমন কৰাৰ সময়ত ৰাম তেওঁৰ ওচৰলৈ যায়। ৰামৰ ভ্ৰমণৰ পূৰ্বে ইন্দ্ৰই ঋষিক ব্ৰহ্মলোকৰ বাসস্থানলৈ নিয়াৰ উদ্দেশ্যে তেওঁৰ আশ্ৰমত উপস্থিত হয়।
-
কাব্যমাতা
কাব্যমাতা (সংস্কৃত: काव्यमाता, ইংৰাজী: Kavyamata) হিন্দু ধৰ্মৰ ঋষি ভৃগুৰ এগৰাকী পত্নী। শুক্ৰ গ্ৰহৰ দেৱতা আৰু অসুৰৰ গুৰু শুক্ৰদেৱৰ মাতৃ। অসুৰসকলৰ সুৰক্ষ প্ৰদান কৰা হেতুকে পালনকৰ্তা বিষ্ণুৱে তেওঁৰ মূৰ কাটি পেলাইছিল।
-
বাণাসুৰ (ৰামায়ণ)
বাণাসুৰ (সংস্কৃত:बाणासुर) মিথিলা ৰাজ্যত সীতা স্বয়ম্বৰ সভা উপলক্ষে হোৱা ৰজা জনকৰ দৰবাৰৰ সভাপতি আছিল। জনক ৰজাৰ দৰবাৰত অসুৰ ৰজা ৰাৱণৰ সৈতে হোৱা সংলাপৰ বাবে তেওঁ পৰিচিত। বাণাসুৰ আৰু ৰাৱণৰ সংলাপক ৰাৱণ-বাণাসুৰ সংবাদ নামেৰে জনা যায়। ভাৰত উপমহাদেশৰ বিভিন্ন প্ৰান্তত অভিনয় কৰা ৰামলীলা নাটকত ই অতি জনপ্ৰিয়।
-
লংকাৰ শাসকসকলৰ তালিকা
লংকা বা লংকাপুৰী বা স্বৰ্ণ লংকা হৈছে ৰামায়ণ আৰু মহাভাৰত মহাকাব্যত উল্লিখিত কিংবদন্তি ৰাক্ষসৰাজ ৰাৱণৰ দুৰ্গসদৃশ নগৰ-দ্বীপ। এই নগৰ ত্ৰিকুট পৰ্বতমালা নামেৰে জনাজাত তিনিটা পৰ্বত শৃংগৰ মাজৰ এটা মালভূমিত অৱস্থিত আছিল। প্ৰাচীন লংকা নগৰখনত হনুমানে অগ্নিসংযোগ কৰিছিল বুলি বিশ্বাস কৰা হয়।
-
ৰামায়ণৰ চৰিত্ৰসমূহৰ তালিকা
প্ৰাচীন ভাৰতৰ দুখন প্ৰধান সংস্কৃত মহাকাব্যৰ ভিতৰত এখন হৈছে ৰামায়ণ। ইয়াক বাল্মিকীয়ে ৰচনা কৰিছিল। এই মহাকাব্যখনত দেখা পোৱা গুৰুত্বপূৰ্ণ চৰিত্ৰবোৰ তলত দিয়া হ’ল-