ৰামায়ণৰ চৰিত্ৰ
১০৬ প্ৰবন্ধ
-
অঞ্জনা
অঞ্জনা (अञ्जना) হৈছে ৰামায়ণৰ নায়কসমূহৰ অন্যতম হনুমানৰ মাতৃ। তেওঁক অঞ্জনী বা অঞ্জলী নামেৰেও জনা যায়। তেওঁ আছিল এগৰাকী অপ্সৰা আৰু কপিকুলৰ এজন মুখিয়াল কেশৰীৰ সহধৰ্মিণী। তেওঁক ভাৰতৰ কোনো কোনো অঞ্চলত পৰিয়ালৰ দেৱী হিচাপে পূজা কৰা হয়। ইণ্ডোনেচিয়াৰ ৱায়াং সংস্কৃতিত অঞ্জনী এক জনপ্ৰিয় চৰিত্ৰ।
-
অৰুন্ধতী
অৰুন্ধতী (अरुन्धती) হৈছে সপ্তৰ্ষিৰ অন্যতম ঋষি বশিষ্ঠৰ সহধৰ্মিণী। তেওঁক শুক্ৰ গ্ৰহৰ সৈতে জড়িত কৰা হয়। অৰুন্ধতীকো সপ্তৰ্ষিৰ সমমৰ্যাদা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ সৈতে উপাসনাও কৰা হয়। বৈদিক আৰু পুৰাণ সাহিত্যত তেওঁক সতীত্ব, দাম্পত্য আনন্দৰ প্ৰতীক আৰু পতীব্ৰতা নাৰীৰূপে উপস্থাপন কৰা হয়।
-
তাড়কা
তাড়কা (ताड़का) বা তাতকা মহাকাব্য ৰামায়ণৰ এক ৰাক্ষসী চৰিত্ৰ। তেওঁৰ সন্তান মাৰিচ আৰু সুবাহুৰ সৈতে তেওঁ অৰণ্যত যজ্ঞ কৰা ঋষিক হাৰাশাস্তি আৰু আক্ৰমণ কৰিছিল। অৱশেষত তেওঁলোকক মহৰ্ষি বিশ্বমিত্ৰৰ নিৰ্দেশত ৰাম আৰু লক্ষ্মণে হত্যা কৰিছিল।
-
দেৱবৰ্ণিনী
দেৱবৰ্ণিনী বা ইলৱিড়া বা ইড়াৱিদা (Devavarnini) লংকাৰ ৰজা ৰাৱণৰ মাহীমাক আছিল৷ ভৰদ্বাজ মুনি ঋষি বিশ্ৰবাৰ প্ৰতি আকৃষ্ট হৈ স্ত্ৰী স্বৰূপ নিজ কন্যা দেৱবৰ্ণিনীক অৰ্পণ কৰিছিল৷ তেওঁ গৰ্গ মুণি আৰু গুৰু দ্ৰোণাচাৰ্যৰ ভনী আছিল৷ দেৱবৰ্ণিনী বিশ্ৰবাৰ প্ৰথমগৰাকী পত্নী আছিল।
-
প্ৰহস্ত
হিন্দু মহাকাব্য ৰামায়ণ অনুসৰি প্ৰহস্ত (Prahasta, प्रहस्त) আছিল লংকাৰ ৰজা ৰাৱণৰ সেনাৰ মুখ্য কমাণ্ডাৰ তথা এগৰাকী শক্তিশালী ৰাক্ষস যোদ্ধা। তেওঁ সুমালী আৰু কেতুমতীৰ পুত্ৰ আছিল।
-
মাণ্ডৱী
মাণ্ডৱী হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা কুশধ্বজ আৰু ৰাণী চন্দ্ৰভাগাৰ প্ৰথমা কন্যা তথা ৰামৰ ভায়েক ভৰতৰ পত্নী আছিল। মাণ্ডৱী আছিল সংকস্য (বৰ্তমানৰ সপ্তৰী জিলাৰ ৰাজবিৰাজ অঞ্চল)ৰ ৰাজকুমাৰী আৰু ৰজা কুশধ্বজৰ জীয়েক। তেওঁ মহালক্ষ্মীৰ ফুলৰ অৱতাৰ আছিল।
-
মায়া সীতা
মায়া সীতা (माया सीता) বা ছায়া সীতা (छाया सीता) (আক্ষৰিক অৰ্থত ভ্ৰমাত্মক সীতা) হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ কিছুমান অভিযোজনত দেৱী সীতাৰ ভ্ৰমাত্মক নকল। যাক প্ৰকৃত সীতাৰ পৰিৱৰ্তে লংকাৰ ৰাক্ষসৰাজ ৰাৱণে অপহৰণ কৰে। ৰামায়ণত ৰামৰ সহধৰ্মিনী সীতাক ৰাৱণে হৰণ কৰি লংকাত বন্দী কৰি ৰাখে।
-
হবিৰ্ভূ
হবিৰ্ভূ বা মনিনী (हविर्भू) আছিল কৰ্দম ঋষি আৰু দেৱহুতীৰ চতুৰ্থী কন্যা আৰু ঋষি পুলস্ত্যৰ পত্নী। তেওঁ ঋষি বিশ্ৰবা আৰু ঋষি অগস্ত্যৰ মাতৃ আছিল।
-
ৰুমা
ৰুমা হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ বানৰ ৰাজ সুগ্ৰীৱৰ পত্নী আৰু কিষ্কিন্ধাৰ ৰাণী আছিল। প্ৰথম বাৰৰ বাবে তেওঁ উপস্থিতি ৰামায়ণৰ চতুৰ্থ কাণ্ড কিষ্কিন্ধাকাণ্ডত দেখা যায়। ৰুমা আৰু সুগ্ৰীৱ ইজনে সিজনৰ প্ৰেমত পৰিছিল আৰু ইজনে সিজনক বিয়া কৰাব বিচাৰিছিল।
-
অকম্পন
অকম্পন (Akampan) লংকাৰ ৰজা ৰাৱণৰ মামা আছিল। তেওঁ সুমালী আৰু কেতুমতীৰ দহগৰাকী পুত্ৰৰ মাজৰ এগৰাকী আছিল। তেওঁৰ চাৰিগৰাকী ভগ্নীও আছিল। এদিন ৰাৱণৰ ৰাক্ষসী ভনী শূৰ্পনখাই এগৰাকী সুন্দৰী যুৱতীৰ ৰূপ ধাৰণ কৰি ৰামক বিবাহৰ প্ৰস্তাৱ দিয়ে৷ ৰামে তেওঁৰ প্ৰস্তাৱ নাকচ কৰে আৰু ধেমালি কৰি লক্ষ্মণৰ ওচৰলৈ পঠিয়াই…
-
অম্বৰীশ
হিন্দু গ্ৰন্থত অম্বৰীশ (সংস্কৃত अम्बरीष) এজন ইক্ষ্বাকু বংশৰ ৰজা, এয়া সেই বংশ, য'ত ভগৱান ৰামৰো আবিৰ্ভাৱ হৈছিল। অম্বৰীশ মথুৰাৰ মান্ধাতাৰ পুত্ৰ। তেওঁ এসপ্তাহত সমগ্ৰ বিশ্ব জয় কৰা বুলি জনা যায়। চাৰিটা চক্ৰীয় যুগৰ ভিতৰত দ্বিতীয় ত্ৰেতা যুগত তেওঁ জীয়াই আছিল।
-
কবন্ধ
হিন্দু ধৰ্মত, কবন্ধ (कबन्ध), "মুণ্ডহীন শৰীৰ") হৈছে এজন ৰাক্ষস, যাক ৰাম (বিষ্ণুৰ অৱতাৰ) আৰু তেওঁৰ ভাতৃ লক্ষ্মণৰ দ্বাৰা হত্যা কৰা হয় আৰু অভিশাপৰ পৰা মুক্ত কৰা হয়। হিন্দু মহাকাব্য ৰামায়ণ আৰু মহাভাৰতত কবন্ধৰ কিংবদন্তীৰ উল্লেখ আছে, লগতে পিছৰ ৰামায়ণৰ অভিযোজন সমূহতো কবন্ধৰ উপস্থিতি দেখা যায়।
-
কুশধ্বজ
ৰজা কুশধ্বজ( তেওঁ কুশদ্ভোজন নামেও পৰিচিত), অছিল ৰজা জনকৰ অনুজ ভাতৃ। কুশধ্বজৰ দুগৰাকী কন্যাসন্তান আছিল ক্ৰমে মাণ্ডৱী আৰু শ্ৰুতকীৰ্তি। তেওঁলোক দুগৰাকীৰ যথাক্ৰমে অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ আৰু ৰামৰ অনুজ ভৰত আৰু শত্ৰুঘ্নৰে বিবাহ সম্পন্ন হয়।
-
ত্ৰিজঁটা
ত্ৰিজঁটা (त्रिजटा) হৈছে হিন্দু মহাকাব্য ৰামায়ণৰ এগৰাকী ৰক্ষী যাক লংকাৰ অধিপতি ৰাৱণে অপহৰণ কৰা সীতাক ৰক্ষা কৰাৰ দায়িত্ব দিয়া হৈছে। ৰামায়ণৰ পৰৱৰ্তী অভিযোজনত ত্ৰিজঁটাক ৰাৱণৰ ভ্ৰাতৃ বিভীষণৰ কন্যা বুলি বৰ্ণনা কৰা হৈছে।
-
দিলীপ
দিলীপ, যাক খাটভাংগা বা খাছ বুলিও কোৱা হয়, ৰামায়ণত (আৰু অন্যান্য হিন্দু গ্ৰন্থত) উল্লেখ কৰা ইক্ষ্বাকু বংশৰ এজন ৰজা আছিল। দিলীপ সুদক্ষিণৰ স্বামী, কৃষকৰ্মৰ পুত্ৰ আৰু ৰঘুৰ পিতৃ। দিলীপ কাশ্যপ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁ পিতৃ মুলকৰ উত্তৰাধিকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
দূষণ
দূষণ (दूषण) ভাৰতীয় মহাকাব্য ৰামায়ণত বৰ্ণিত এজন মানুহ খোৱা ৰাক্ষস আছিল। তেওঁ লংকাৰ অধিপতি ৰাৱণৰ সম্পৰ্কীয় ভাই আৰু কৈকেষীৰ ভগ্নী ৰাকৰ পুত্ৰ আছিল। খৰ আৰু তেওঁ যমজ ভাতৃ আছিল।
-
ধন্যমালিনী
হিন্দু শাস্ত্ৰত ধন্যমালিনী (Dhanyamalini) ৰাৱণৰ দ্বিতীয়গৰাকী পত্নী আছিল। তেওঁ এগৰাকী নম্ৰ আৰু যত্নশীল মহিলা আছিল। তেওঁৰ প্ৰকৃত পৰিচয় অজ্ঞাত যদিও কিছুমান কাহিনীয়ে তেওঁক মায়াসুৰৰ জীয়ৰী আৰু মন্দোদৰীৰ ভগ্নী বুলি উল্লেখ কৰে।
-
মকৰধ্বজ
মকৰধ্বজ হৈছে পৌৰাণিক হিন্দু কিংবদন্তিৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ হনুমান পুত্ৰ। হনুমানৰ ঘামৰ পৰা তেওঁৰ জন্ম হৈছে। ৰামায়ণৰ বিভিন্ন আঞ্চলিক সংস্কৰণত তেওঁৰ উপস্থিতি বৰ্ণনা কৰা হৈছে।
-
মচ্ছনু
মচ্ছনু (থাই: มัจฉานุ; RTGS: Matchanu; Khmer: មច្ឆានុប; RTGS: Macchanub) হনুমানৰ পুত্ৰ, যি কাহিনী ৰামায়ণৰ থাই আৰু অন্যান্য সংস্কৰণত দেখা যায়। ৰামায়ণৰ এই সংস্কৰণসমূহৰ মতে ৰাৱণৰ সৈন্যৰ সৈতে হোৱা এখন যুদ্ধৰ সময়ত হনুমানে এজন শক্তিশালী প্ৰতিদ্বন্দ্বীৰ সন্মুখীন হয়।
-
মণিভদ্ৰ
মণিভদ্ৰ বা মণিগ্ৰীৱ হৈছে এজন অন্যতম প্ৰধান যক্ষ৷ তেওঁ প্ৰাচীন ভাৰতৰ জনপ্ৰিয় দেৱতা আছিল। তেওঁ ধন-সম্পত্তিৰ অধিষ্ঠাতা যক্ষৰাজ কুবেৰৰ পুত্ৰ আৰু নলকুবেৰৰ ভ্ৰাতৃ। নাৰদৰ দ্বাৰা শাপগ্ৰস্ত হৈ তেওঁ নলকুবেৰৰ সৈতে যমজ অৰ্জুন গছৰ ৰূপ পাইছিল। পিছলৈ শিশু কৃষ্ণৰ স্পৰ্শত দুয়ো মুক্তিলাভ কৰে।
-
শবৰী
শবৰী (शबरी)) হৈছে হিন্দু মহাকাব্য ৰামায়ণত বৰ্ণিত এগৰাকী বৃদ্ধ তপস্বী। তেওঁক এগৰাকী উৎসাহী মহিলা হিচাপে বৰ্ণনা কৰা হৈছে যিয়ে নিজ ভক্তিৰ বলত ৰামৰ দৰ্শন আৰু আশীৰ্বাদ লাভ কৰিছিল।
-
সুলোচনা (ৰামায়ণৰ চৰিত্ৰ)
সুলোচনা (सुलोचना; তেওঁ, যাৰ চকু ধুনীয়া) সৰ্পৰাজ শেষনাগৰ কন্যা আছিল আৰু ৰাৱণৰ জ্যেষ্ঠ পুত্ৰ মেঘানাদ (ইন্দ্ৰজিৎ)ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ বাল্মীকি ৰামায়ণত সুলোচনাৰ কোনো উল্লেখ পোৱা নাযায়, অৱশ্যে ইয়াৰ পৰৱৰ্তী সংস্কৰণসমূহত তেওঁৰ উল্লেখ আছে।
-
অজ
অজ হিন্দু গ্ৰন্থত উল্লেখ এজন এজন ৰজা। তেওঁ ৰঘুৰ পুত্ৰ। তেওঁৰ পিতামহ হৈছে ধৰ্মপৰায়ণ ৰজা দিলীপ। তেওঁ সৰযু নদীৰ দক্ষিণ পাৰত কোশল ৰাজ্যত শাসন কৰে আৰু অযোধ্যা তেওঁৰ ৰাজ্যৰ ৰাজধানী। তেওঁৰ পত্নী ইন্দুমতী বিদৰ্ভৰ ৰাজকুমাৰী আৰু তেওঁৰ পুত্ৰ দশৰথ, হিন্দু দেৱতা বিষ্ণুৰ অৱতাৰ ৰামৰ পিতৃ।
-
অশ্বপতি
অশ্বপতি (अश्वपति) হৈছে হিন্দু পুৰাণসমূহত বৰ্ণিত বহুতো ৰজাৰ উপাধি। ইয়াৰ অৰ্থ হৈছে 'ঘোঁৰাৰ অধিপতি। ৰামায়ণৰ মতে অশ্বপতি আছিল উন্নত ঘোঁৰাৰ দেশ কেকেয় ৰাজ্যৰ ৰজা। তেওঁ এগৰাকী কন্যা কৈকেয়ী (ৰজা দশৰথৰ ৰাণী) আৰু সাতজন পুত্ৰৰ পিতৃ আছিল। তেওঁৰ পুত্ৰ যুধাজিতে ৰামায়ণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
অসামঞ্জ
অসামঞ্জ, যাক অসমঞ্জচ বুলিও অভিহিত কৰা হয়, হিন্দু সাহিত্যত সাগৰ ৰজা আৰু তেওঁৰ দুগৰাকী ৰাণীৰ ভিতৰত অন্যতম কেশিনীৰ জ্যেষ্ঠ পুত্ৰ।
-
ঋষি কম্ভোজ
ঋষি কম্ভোজ বা কুম্ভজ হৈছে সংস্কৃত মহাকাব্য ৰামায়ণৰ এটা চৰিত্ৰ। তেওঁক ঋষি অগস্ত্যৰ ঘনিষ্ঠ বন্ধু হিচাপে উপস্থাপন কৰা হৈছে। ঋষি অগস্ত্য ঋষি বশিষ্ঠৰ ভাতৃ আছিল আৰু দক্ষিণপথত সন্ন্যাসী হিচাপে বাস কৰিছিল।
-
কেৱট
কেৱট (Kewat) হিন্দু মহাকাব্য ৰামায়ণৰ এটি চৰিত্ৰ৷ বনবাসৰ সময়ত তেৱেঁ ৰাম, সীতা আৰু লক্ষ্মণক নাৱত তুলি লৈ গংগা নদী পাৰ কৰাই দিছিল৷ এই কাহিনীটো ৰামায়ণৰ অযোধ্যা কাণ্ডত বৰ্ণিত আছে৷
-
ধৰ্মভৃত
হিন্দু ধৰ্মৰ ভিতৰত ধৰ্মভৃত হৈছে সুতীক্ষ্ণৰ আশ্ৰমৰ পৰা ৰামক দণ্ডকাৰণ্যৰ মাজেৰে যাত্ৰাত সংগ দিয়া ঋষি-মুনিসকলৰ ভিতৰত অন্যতম। যাত্ৰাকালত যেতিয়া ৰামে অজ্ঞাত উৎসৰ পৰা অহা বিস্ময়কৰ সংগীতৰ উৎপত্তিৰ বিষয়ে সুধিছিল তেতিয়া তেওঁ পঞ্চপসৰৰ পাৰত মন্দকৰ্ণী ঋষিৰ কাহিনী কয়।
-
বিৰাধ
বিৰাধ (विराध) হৈছে ৰামায়ণৰ অৰণ্য কাণ্ডৰ এক সৰু চৰিত্ৰ। তেওঁ দণ্ডকাৰণ্যত বাস কৰা এক ৰাক্ষস যিয়ে এটা খণ্ডত সীতাক অপহৰণ কৰে। তেওঁক তামিল ভাষাত বিৰাটন, থাইলেণ্ডত ফিৰাপ আৰু মালয় দেশত পূৰ্বেইটা নামেৰে জনা যায়। ৰাম আৰু লক্ষ্মণে ৰাক্ষসটোৰ সৈতে যুঁজ দিবলৈ আৰম্ভ কৰে।
-
বৰ্ষিনী
বৰ্ষিনী (সংস্কৃত: वर्षिनी, ইংৰাজী: Vershini) হিন্দু মহাকাব্য ৰামায়ণত বৰ্ণিত ৰজা ৰোমপদৰ পত্নী আৰু শান্তাৰ দত্তক মাতৃ তথা অংগ প্ৰদেশৰ ৰাণী আছিল। ৰজা ৰামপদে দশৰথৰ কন্যা শান্তাক নিজৰ কন্যা হিচাপে তুলি লৈছিল৷