পৰী বিবি (সুন্দৰী ভদ্ৰমহিলা), আনুষ্ঠানিক নাম ইৰাণ দুখট ৰহমত বাণু নামেৰে জনাজাত,১ যি ১৬৭৮ চনত মৃত্যুবৰণ কৰে। তেওঁ শায়েস্তা খানৰ কন্যা আছিল। শায়েস্তা খান চতুৰ্থ আছফ খানৰ পুত্ৰ আৰু মুমতাজ মহলৰ ভাতৃ আছিল। পৰী বিবিৰ মৃত্যুৰ সময়ত, তেওঁৰ বাগ্দান হৈছিল ৰাজকুমাৰ আজমৰ সৈতে আৰু যিজন ভৱিষ্যতৰ মোগল সম্ৰাট মহম্মদ আজম শ্বাহ হৈছিল।২ তেওঁ মোগল সম্ৰাট জাহাংগীৰৰ মূল পত্নী নুৰজাহানৰ নাতিনী আছিল।৩
জীৱনী
পৰী বিবি শায়েস্তা খানৰ কন্যা আৰু তেওঁ ইৰাণ দুখট ৰহমত বানু নামেৰেও পৰিচিত আছিল। ১৬৬৮ চনৰ ৩ মে’ত মোগল সম্ৰাট ঔৰংজেবৰ পুত্ৰ মহম্মদ আজমৰ লগত তেওঁৰ বাগ্দান সম্পন্ন হয়। তেওঁ বংগ চুবহ (প্ৰদেশ)ৰ ঢাকাত বাস কৰিছিল আৰু পিতৃ সেই প্ৰদেশৰ ৰাজ্যপাল আছিল। সেই যুগৰ মোগলৰ তথ্যই দেখুৱাইছে যে তেওঁ ৰাজ্যপালৰ ঘৰ আৰু প্ৰদেশখনৰ ৰাজনীতিত প্ৰভাৱশালী ভূমিকা পালন কৰিছিল।৪
মৃত্যু আৰু সমাধি
১৬৭৮ চনত পৰী বিবিৰ অকাল মৃত্যু হয় আৰু তেওঁৰ মৃত্যুৱে পিতৃৰ হৃদয় থানবান কৰি থৈ যায়। সেই সময়ত শায়েস্তা খানে ঢাকাত লালবাগ দুৰ্গ নিৰ্মাণ কৰি আছিল, যাৰ নিৰ্মাণ কাৰ্য তেওঁৰ হবলগীয়া মিতিৰ ৰাজকুমাৰ মহম্মদ আজমৰ অধীনত আৰম্ভ হৈছিল। শায়েস্তা খানে কন্যাৰ মৃত্যুৰ পিছত দুৰ্গটোক অশুভ বুলি ভাবিবলৈ ধৰিলে আৰু তেওঁ গড় নিৰ্মাণ বন্ধ কৰি দিলে। তেওঁ দুৰ্গৰ চৌহদৰ মাজত নিজৰ কন্যাৰ সমাধি নিৰ্মাণ কৰিছিল।৪ আন আন সূত্ৰৰ পৰা জানিব পৰা মতে এই সমাধিটো ৰাজকুমাৰ আজমে নিজেই নিৰ্মাণ কৰিছিল।৫ বৰ্তমান পৰী বিবিৰ সমাধি বাংলাদেশৰ ঢাকাৰ এক গুৰুত্বপূৰ্ণ স্থাপত্য স্থান হিচাপে গণ্য কৰা হয়।৬ ১৯৭৪ চনৰ পৰা এই সমাধি আৰু দুৰ্গটো প্ৰত্নতত্ত্ব বিভাগে পৰিচালনা কৰি আহিছে।৭
তথ্যসূত্ৰ
- ↑ Lalbagh Mausoleum of Bibi Pari. ArchNet
- ↑ (12 June 2015). Legends of Lalbagh. The Daily Star
- ↑ Rahman, Syedur. (2010). Historical Dictionary of Bangladesh. Scarecrow Press. পৃ. 87. ISBN 9780810874534
- ↑ Hossain, AKM Yakub; Chowdhury, AM. Bibi Pari. Banglapedia
- ↑ Ray, Aniruddha. (2016). Towns and Cities of Medieval India: A Brief Survey. Taylor & Francis. পৃ. 487. ISBN 9781351997317
- ↑ Ṣābir, Muḥammad Shafīʻ. (1970). Pakistan: Culture, People & Places. University Book Agency. পৃ. 386
- ↑ (20 September 2013). The Myths of Lalbagh Fort. The Daily Star
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰী বিবি” প্ৰবন্ধৰ সংশোধন ৫৯৫৭৯৭ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।