হিন্দু দেৱী
১৯২ প্ৰবন্ধ
-
শান্তদুৰ্গা
শান্তদুৰ্গা (शांतदुर्गा) হৈছে ভাৰতৰ গোৱা তথা কৰ্ণাটকৰ কিছু অংশত পূজাকৰা হিন্দু দেৱী দুৰ্গাৰ এটি জনপ্ৰিয় ৰূপ। তেওঁ প্ৰাচীন মাতৃ দেৱীৰ এক ব্ৰাহ্মণীয় ৰূপ যাক চন্তেৰী বুলিও জনা যায়। গোৱাৰ প্ৰায় সকলো গাঁৱতে দেৱীক একোটা উঁইহাফলুৰ ৰূপত পূজা কৰা হয়।
-
সমলেশ্বৰী মন্দিৰ
সমলেশ্বৰী মন্দিৰ হৈছে ভাৰতৰ ওড়িশাৰ সম্বলপুৰৰ এটা হিন্দু মন্দিৰ, সমলেশ্বৰী নামেৰে জনাজাত দেৱীৰ প্ৰতি উৎসৰ্গিত, থলুৱা লোকসকলৰ মাজত সমলেই মা নামেৰেও জনাজাত, অৰ্থাৎ মাতৃ সমলেশ্বৰী।
-
সীতা নৱমী
সীতা নৱমী (সংস্কৃত: सीतानवमी) হৈছে এক হিন্দু উৎসৱ। হিন্দু ধৰ্মৰ অন্যতম জনপ্ৰিয় দেৱী সীতাৰ জন্ম আৰু লক্ষ্মী দেৱীৰ অৱতাৰ উদযাপন কৰা হয়। সীতা নৱমী হিন্দু বৈশাখ মাহৰ শুক্লা পক্ষৰ (প্ৰথম চন্দ্ৰ পষেক) নৱম দিনত উদযাপন কৰা হয়।
-
ৰক্তেশ্বৰী
ৰক্তেশ্বৰী এগৰাকী হিন্দু দেৱী। তেওঁক আদি পৰাশক্তিৰ এটা দিশ হিচাপে চিনাক্ত কৰা হয়, যাক দুৰ্গা পৰমেশ্বৰী বুলিও কোৱা হয়। মূলতঃ পৰশুৰাম ক্ষেত্ৰত পূজা কৰা হিন্দু দেৱীৰ এটা প্ৰধান আৰু জনপ্ৰিয় ৰূপ। ৰক্তেশ্বৰী হৈছে তুলুনাডুৰ ইস্ত-দেৱতা (তত্ত্বাৱধায়ক দেৱতা)।
-
অংগলা দেৱী
অংগলা দেৱীক অংগলম্মান আৰু অংগলা পৰমেশ্বৰী (Angala Devi) বুলিও কোৱা হয়। তেওঁ হিন্দু দেৱী পাৰ্বতীৰ এটা স্বৰূপ। তেওঁক মূলতঃ দক্ষিণ ভাৰতত কাৱল দেৱম অৰ্থাৎ ৰক্ষক দেৱতা হিচাপে পূজা কৰা হয়। এই গৰাকী দেৱীক প্ৰায়ে অতিৰিক্তভাৱে মাত্ৰিকাসকলৰ এগৰাকী বুলি গণ্য কৰা হয় ৷
-
অখিলনন্দেশ্বৰী
অখিলনন্দেশ্বৰী (अखिलांडेश्वरी) হৈছে হিন্দু দেৱী আদি-পৰশক্তিৰ এক মুখ্য প্ৰকাৰ, যাক সাধাৰণতে দেৱী পাৰ্বতী বুলি জনা যায়। মন্দিৰটো সম্ৰাট কোচেঙ্গান চোলাই ১৮,০০ বছৰৰো অধিক আগতে নিৰ্মাণ কৰিছিল। অখিলনন্দেশ্বৰীৰ বিখ্যাত বাসস্থান হৈছে থিৰুভানকোভিলৰ জাম্বুকেশ্বৰ মন্দিৰ।
-
অগ্নেয়া
অগ্নেয়া অৰ্থ হৈছে "অগ্নি ঈশ্বৰৰ কন্যা" বা "অগ্নি ঈশ্বৰৰ সন্তান" আৰু প্ৰাচীন হিন্দু শাস্ত্ৰ আৰু সংস্কৃত গ্ৰন্থৰ পৰা উদ্ভৱ হৈছে। অগ্নি হৈছে হিন্দু অগ্নি দেৱতা আৰু বৈদিক সময়ৰ পৰা আধুনিক যুগলৈকে সমগ্ৰ ভাৰতীয় উপমহাদেশত ইয়াক শ্ৰদ্ধা আৰু উপাসনা কৰা হৈছে। হিন্দু নাম অগ্নেয়াৰ অৰ্থ হৈছে ‘জুইৰ দেৱী’।
-
অনুসুয়া
অনসূয়া বা অনুসূয়া (अनसूया, অৰ্থ: 'ঈৰ্ষাৰ পৰা মুক্ত') হৈছে প্ৰাচীন কালৰ ঋষি অত্ৰীৰ ধৰ্মপত্নী। ৰামায়ণত অনুসূয়াক চিত্ৰকূট বনৰ দক্ষিণ অংশত নিজৰ পতিৰ সৈতে জুপুৰীত বাস কৰিছিল। তেওঁ এগৰাকী ধৰ্মপ্ৰাণা মহিলা আছিল আৰু পূজা-পাৰ্বণ তথা তপস্যাৰ মাজেৰে জীৱন অতিবাহিত কৰিছিল।
-
অষ্টসখী
অষ্টসখী হৈছে ব্ৰজ অঞ্চলৰ আঠজন বিশিষ্ট গোপী আৰু হিন্দু দেৱতা ৰাধা-কৃষ্ণৰ ঘনিষ্ঠ সংগী। বৈষ্ণৱ ধৰ্মৰ বহু উপ-পৰম্পৰাত, তেওঁলোকক কৃষ্ণৰ দেৱী আৰু পত্নী হিচাপে শ্ৰদ্ধা কৰা হয়।
-
অৰণ্যানী
অৰণ্যানী হ'ল হিন্দু ধৰ্মৰ মতে অৰণ্য আৰু ইয়াৰ ভিতৰত বাস কৰা বন্যপ্ৰাণীৰ দেৱী (বন দেৱী)।
-
অৰ্চি
অৰ্চি ( Archi) এগৰাকী ৰাণী, আৰু হিন্দু পৌৰাণিকত লক্ষ্মী ৰ এগৰাকী পাৰ্থিৱ অৱতাৰ। ভাগৱত পুৰাণ অনুসৰি অৰ্চি ৰজা বেণৰ শৰীৰৰ পৰা উদ্ভৱ হৈছে আৰু তেওঁৰ স্বামী ৰজা পৃথু। তেওঁলোকৰ দুয়েজন ক্ৰমে লক্ষ্মী আৰু বিষ্ণুৰ অৱতাৰ বুলি কোৱা হয়। অৰ্চিই পত্নী হিচাপে স্বামীৰ পিছে পিছে সন্ন্যাসৰ বাবে অৰণ্যলৈ গৈছিল।
-
আশাপুৰা মাতা
আশাপুৰা মাতা দেৱীৰ এটা স্বৰূপ আৰু কচ্ছৰৰ অন্যতম মুখ্য দেৱী। দেৱীৰ নাম অনুসৰি তেওঁ তেওঁৰ ভক্তৰ ইচ্ছা আৰু আকাংক্ষা পূৰণ কৰে বুলি বিশ্বাস কৰা হয়। এটা বিশিষ্ট বৈশিষ্ট্য হ'ল এই যে আশাপুৰা মাতাৰ বেছিভাগ মূৰ্তিত দেৱীৰ ৭যোৰ চকু থাকে। তেওঁৰ মন্দিৰসমূহ মুখ্যতঃ গুজৰাটত পোৱা যায়।
-
উচিত্ত ভাগৱতী
উচিত্ত ভাগৱতী ভাৰতৰ কেৰালাৰ উত্তৰ মালাবাৰ অঞ্চলত পূজা কৰা আঞ্চলিক হিন্দু দেৱী। উচিত্তক পূজা কৰা হয় আৰু তেয়্যাম ৰূপ হিচাপে পালন কৰা হয়। এই দেৱতাৰ মূল মন্দিৰসমূহ কেৰালাৰ কান্নুৰ আৰু কাছাৰগোড জিলাত বিস্তৃত।
-
একনংশা
একনংশা (एकानंशा) হৈছে এগৰাকী হিন্দু দেৱী। তেওঁক মূলতঃ বিষ্ণুৰ মায়াময় শক্তি যোগমায়াৰ সৈতে চিনাক্ত কৰা হয়। এই দেৱীক বৃষ্ণী সকলে পূজা কৰিছিল বুলি বিশ্বাস কৰা হয়।
-
ওলাদেৱী
ওলাদেৱী বা ওলাইচণ্ডী হৈছে কলেৰাৰ দেৱী, যাক বাংলা অঞ্চলৰ (বৰ্তমানৰ বাংলাদেশ আৰু পশ্চিমবংগ) লগতে মাৰৱাৰ, ৰাজস্থানৰ লোকসকলে পূজা কৰে। দেৱীগৰাকীক ওলাইচণ্ডী, ওলাবিবি আৰু বিবিমা নামেও জনা যায়। তেওঁ বিশেষকৈ বঙালী হিন্দুসকলৰদ্বাৰা পূজিত।
-
ওৰু নল্লা নাল পাথু সোলৰেন
ওৰু নল্লা নাল পাথু সোলৰেন (এটা শুভ দিনত জনাম) ২০১৮ চনৰ ভাৰতীয় তামিল ভাষাৰ ক'লা কমেডী চলচ্চিত্ৰ। ইয়াৰ লেখক আৰু পৰিচালক পি অৰুমুগা কুমাৰ। ছবিখনত অভিনয় কৰিছে বিজয় সেঠুপতি, গৌতম কাৰ্তিক, গায়ত্ৰী আৰু নিহাৰিকা কনিডেলাই৷ ভিজি চন্দ্ৰশেখৰ, ৰমেশ থিলাক, ডেনিয়েল এনি পোপ আৰু ৰাজকুমাৰে সহযোগী চৰিত্ৰত…
-
কল্লিয়ানকট্টু নীলি
কল্লিয়ানকট্টু নীলি ( Kalliyankattu Neeli) হৈছে এজন কু-অভিপ্ৰায়ী আত্মা/যক্ষী যি কেৰেলাৰ লোকগীত, ভিলাটিচ্চন গীত আৰু ট্ৰাভাংকুৰৰ লোককথাত দেখা যায়। চি ভি ৰমন পিল্লাইৰ ঐতিহাসিক উপন্যাস মাৰ্থাণ্ডবৰ্মাতো নীলিৰ অভিনয়।
-
কাথাভাৰায়ণ
কাথাভাৰায়ণ (তামিল: காத்தவராய) দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত পূজিত এগৰাকী তামিল লোক-দেৱতা। বিশেষকৈ গ্ৰাম্য তামিলসকলৰ মাজত তেওঁৰ পূজা বেছিকৈ প্ৰচলিত। তেওঁৰ নামটো দুটা শব্দৰ সংমিশ্ৰণ: "কাথাভাৰ" (অৰ্থাৎ 'ৰক্ষক') আৰু "আয়ন" (অৰ্থাৎ 'ঈশ্বৰৰ উপহাৰ')।
-
কালী দ্য মাদাৰ (কবিতা)
"কালী দ্য মাদাৰ" হিন্দু সন্ন্যাসী স্বামী বিবেকানন্দৰ এটি কবিতা। ১৮৯৮ চনৰ ২৪ ছেপ্টেম্বৰত বিবেকানন্দই এই কবিতাটো লিখিছিল, যেতিয়া তেওঁ কাশ্মীৰৰ শ্ৰীনগৰৰ দল হ্ৰদত গৃহনাওত উঠি বহি আছিল। এই কবিতাৰ মাধ্যমেৰে তেওঁ কালী দেৱীক পূজা কৰিছিল।
-
কোৰ্ৰাৱাই
কোৰ্ৰাৱাই (ইংৰাজী: Korravai) স্থানান্তৰত কোট্ৰাৱাই (Kotravai) বুলিও কোৱা হয়, তামিল পৰম্পৰাত যুদ্ধ আৰু বিজয়ৰ দেৱী৷ ইয়াৰ উপৰি তেওঁ মাতৃ দেৱী আৰু উৰ্বৰতা, কৃষি, চিকাৰীৰ দেৱী।
-
কৰণী মাতা
কৰণী মাতা ( Karni Mata; करणी माता; অথবা ভাগৱতী কৰণীজী মহাৰাজ) এগৰাকী হিন্দু শক্তি আৰু বিজয়ৰ দেৱী; যাক ভাগৱতী, মেহাই, জগদম্বা, আৰু কিনিয়ানী আদি বিভিন্ন নামেৰে জনা যায়। এগৰাকী যোদ্ধা ঋষি হিচাপে বৰ্ণনা কৰা দেৱীগৰাকী পশ্চিম ৰাজস্থানত ১৪ আৰু ১৬ শতিকাৰ ভিতৰত বাস কৰিছিল।
-
কৰুমৰিয়াম্মা
কৰুমৰিয়াম্মা (তামিল: கருமாரியம்மன், ৰোমানীকৃত: Karumāriamman), কৰুমৰি নামেৰেও পৰিচিত, বৰআই, স্বাস্থ্য আৰু নিৰাময় সৈতে জড়িত হিন্দু দেৱী। তেওঁক হিন্দু দেৱী পাৰ্বতীৰ এটা অৱতাৰ আৰু মৰিআম্মা আৰু ৰেণুকা দেৱীৰ আন এটা অৱতাৰ বুলি গণ্য কৰা হয়।
-
খোদিয়াৰ
খোদিয়াৰ (ইংৰাজী: Khodiyar) ভাৰতৰ গুজৰাট আৰু ৰাজস্থান ৰাজ্যত পূজা কৰা এগৰাকী হিন্দু লোকদেৱী৷
-
জগনমাতা
জগনমাতা এগৰাকী হিন্দু দেৱী, যাক লোকমাতা বুলিও অনুবাদ কৰা হয়, ই মূলতঃ বৈষ্ণৱ ধৰ্মৰ পৰম দেৱী হিন্দু দেৱী লক্ষ্মীৰ উপনাম। হিন্দু সাহিত্যত পাৰ্বতী আৰু দুৰ্গা দেৱীক সম্বোধন কৰিবলৈও ইয়াক ব্যৱহাৰ কৰা হয়।
-
জছমা ওদান
জছমা ওদান মধ্যযুগীয় গুজৰাটৰ এগৰাকী লোকদেৱী। চৌলুক্য বংশৰ এজন ৰজা সিদ্ধৰাজ জয়সিংহই তেওঁৰ স্বামীক হত্যা কৰাৰ পিছত নিজৰ সন্মান ৰক্ষাৰ বাবে ‘সতী’ হোৱা এগৰাকী মহিলাৰ কাহিনীৰ ওপৰত ভিত্তি কৰি এই লোকদেৱীৰ ধাৰণা গঢ় লৈ উঠিছে।
-
জীৱদানী মাতা
জীৱদানী মাতা এগৰাকী হিন্দু দেৱী, যাৰ মূল মন্দিৰ ভাৰতৰ মহাৰাষ্ট্ৰৰ বিৰাৰৰ এটা পাহাৰৰ ওপৰত।
-
জ্বালা (দেৱী)
জৱালা হ'ল এগৰাকী হিন্দু দেৱী। জ্বলাৰ শাৰীৰিক প্ৰকাশ সাধাৰণতে চিৰন্তন শিখাৰ এটা গোট। হিন্দু মন্দিৰ জ্বালা (শিখা) বা জ্বলা মুখী (জুইৰ দৰে জিলিকি থকা মুখৰ ব্যক্তি)ৰ কথা মহাভাৰত আৰু অন্যান্য ধৰ্মগ্ৰন্থত উল্লেখ আছে।
-
জ্যোতি (দেৱী)
জ্যোতি (Jyoti) হৈছে এগৰাকী হিন্দু দেৱী। আধুনিক তামিল শৈৱ পৰম্পৰাত জ্যোতি দেৱীক কেতিয়াবা কেতিয়াবা নাৰী নীতিৰ ব্যক্তিত্ব বুলিও গণ্য কৰা হয়। এয়া মুৰুগানৰ ভেলৰ মূৰ্ত প্ৰতিনিধিত্ব।
-
টেম্বলাই দেৱী
টেম্বলাই দেৱী (ইংৰাজী: Temblai Devi) বা ত্ৰিয়াম্বোলি (স্থানীয়ভাৱে জনাজাত) দুৰ্গা দেৱীৰ এক অৱতাৰ আৰু ভাৰতৰ মহাৰাষ্ট্ৰৰ কলহাপুৰৰ পূব অংশৰ এটা পাহাৰৰ শিখৰত অৱস্থিত মন্দিৰৰ অধিস্থাতী দেৱী ৰেনুকাৰ এটা ৰূপ। এই মন্দিৰটোৰ বাবেই যি পাহাৰত মন্দিৰটো অৱস্থিত, সেই পাহাৰটোক টেম্বলাই পাহাৰ বুলি জনা যায়।
-
ত্বৰিতা
ত্বৰিতা (त्वरिता অৰ্থাৎ 'বেগী') হৈছে এগৰাকী হিন্দু শক্তিবাদৰ দেৱী। তেওঁক মূলতঃ তান্ত্ৰিক হিন্দু ধৰ্মত পূজা কৰা হয়। তেওঁক নিত্য নামৰ নগৰাকী যোগীনীৰ দলৰ সদস্য হিচাপে চিত্ৰিত কৰা হৈছে।বিভিন্ন শাস্ত্ৰত এই যোগিনী সকলৰ নামবোৰ ভিন্ন। তেওঁ আদি পৰাশক্তিৰ এটা দিশ।