অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

আশাপুৰা মাতা

আশাপুৰা মাতা দেৱীৰ এটা স্বৰূপ আৰু কচ্ছৰৰ অন্যতম মুখ্য দেৱী। দেৱীৰ নাম অনুসৰি তেওঁ তেওঁৰ ভক্তৰ ইচ্ছা আৰু আকাংক্ষা পূৰণ কৰে বুলি বিশ্বাস কৰা হয়। এটা বিশিষ্ট বৈশিষ্ট্য হ'ল এই যে আশাপুৰা মাতাৰ বেছিভাগ মূৰ্তিত দেৱীৰ ৭যোৰ চকু থাকে। তেওঁৰ মন্দিৰসমূহ মুখ্যতঃ গুজৰাটত পোৱা যায়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৪ ৩০৭ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আশাপুৰা মাতা দেৱীৰ এটা স্বৰূপ আৰু কচ্ছৰৰ অন্যতম মুখ্য দেৱী। দেৱীৰ নাম অনুসৰি তেওঁ তেওঁৰ ভক্তৰ ইচ্ছা আৰু আকাংক্ষা পূৰণ কৰে বুলি বিশ্বাস কৰা হয়। এটা বিশিষ্ট বৈশিষ্ট্য হ'ল এই যে আশাপুৰা মাতাৰ বেছিভাগ মূৰ্তিত দেৱীৰ ৭যোৰ চকু থাকে।

তেওঁৰ মন্দিৰসমূহ মুখ্যতঃ গুজৰাটত পোৱা যায়। ৰাজস্থান আৰু গুজৰাটৰ কিছুমান লোকে তেওঁক [[অন্নপূৰ্ণা (দেৱী)| অন্নপূৰ্ণা দেৱী]]ৰ অৱতাৰ বুলি গণ্য কৰে।

কুলদেৱী

তেওঁ বহুতো কচ্ছী সম্প্ৰদায়ৰ কুলদেৱী। ইয়াৰোপৰি বিলোৰ আৰু মুখ্যতঃ চৌহান, জাদেজা ৰাজপুত, কাটচ ৰাজ্য, নৱানগৰ ৰাজ্য, ৰাজকোট, মৰ্ভি, গোণ্ডাল ৰাজ্য আম্বলিয়াৰা ৰাজ্য আৰু ধ্ৰোল (বাৰিয়া ৰাজ্য)ৰ শাসনাধিষ্ঠ ৰাজবংশৰ গোত্ৰ দেৱতা। তেওঁ মুখ্য মন্দিৰ এটা কচ্ছৰৰ মাতা নো মধত অৱস্থিত, য'ত তেওঁক কচ্ছৰৰ জাদেজা শাসক সকলৰ কুলদেৱী আৰু অঞ্চলটোৰ মুখ্য গৃহদেৱতা হিচাপে উপাসনা কৰা হয়।১

খিচদা গোটৰ দৰে সিন্ধি সম্প্ৰদায়েও আশাপুৰা মাতাক তেওঁলোকৰ কুলদেৱী হিচাপে উপাসনা কৰে। গুজৰাটৰ জুনাঘদত দেৱচন্দানী পৰিয়ালে তেওঁক কুলদেৱী বুলি উপাসনা কৰে। ইয়াত দেৱী গৰাকীৰ নামত উৎসৰ্গিত এটা মন্দিৰ আছে।

গুজৰাটত আনকি বহুতো চৌহান, পুৰবিয়া চৌহানৰ দৰে বাৰিয়া ৰাজপুত সকলেও তেওঁক কুলদেৱী বুলি উপাসনা কৰে। দেওৰা ৰাজপুতসকলেও তেওঁক কুলদেৱী হিচাপে বিশ্বাস কৰে। বিলোৰ, গৌৰ থাংকি, পণ্ডিত আৰু ডেভ পুষ্কৰ্ণ, সোমপুৰা ছালাতৰ দৰে ব্ৰাহ্মণ সম্প্ৰদায়েও তেওঁক কুলদেৱী হিচাপে উপাসনা কৰে। আনকি বৈশ্য সম্প্ৰদায় যেনে বিজয়বৰ্গীয়ে দেৱীৰ উপাসনা কৰে। ব্ৰহ্মা ক্ষত্ৰী জাতি, ৰাজকোটৰ ধ্ৰাফা, চুৰাটৰ ৰঘুবংশী লোহানা সম্প্ৰদায়ৰ সোধাই তেওঁক তেওঁলোকৰ কুলদেৱী হিচাপে উপাসনা কৰে।

মন্দিৰসমূহ

আশাপুৰা মাতাৰ মুখ্য আৰু মূল মন্দিৰটো কচ্ছৰৰ মাতা নো মধত অৱস্থিত, য'ত তেওঁক কচ্ছৰ জাদেজা শাসকৰ কুলদেৱী আৰু অঞ্চলটোৰ মুখ্য দেৱী হিচাপে উপাসনা কৰা হয়।১২ ভুজৰ পৰা ৮০ কিলোমিটাৰ দূৰত অৱস্থিত মূল মন্দিৰটো হাজাৰ হাজাৰ বছৰ পুৰণি। কাৰাদ ভানিয়াছে প্ৰায় ১৩০০ খ্ৰীঃপূঃত পুনৰ নিৰ্মাণ কৰাইছিল। এই গৰাকী দেৱীক পৰৱৰ্তী সময়ত জাদেজা শাসকসকলে কুলদেৱী হিচাপে অভিযোজিত কৰে। তেওঁলোকে দেৱীৰ আশীৰ্বাদত যুদ্ধত জয়ী হৈছিল বুলি বিশ্বাস কৰিছিল। ২ প্ৰতি বছৰে মাতা নো মধত নৱৰাত্ৰি বাৰ্ষিক মেলাত, লাখ লাখ ভক্তই দেৱী ৰূপৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ ইয়ালৈ আহে।৩ দেৱীৰ আন এটা মন্দিৰো এই ভুজ অঞ্চলতে আছে, এই মন্দিৰটো সুৰক্ষিত চহৰৰ ভিতৰত অৱস্থিত, যি মূলতঃ পূৰ্বতে কচ্ছ ৰাজ্যৰ ৰাজধানী আছিল।

দেৱীৰ আন আন মন্দিৰ সমূহ ৰাজকোট, জচদানৰ অন্যান্য জাদেজা সকলৰ বসতি অঞ্চলটো পোৱা যায়,৪ মৰবি, গোণ্ডাল, জামনগৰ,৫ ঘুমলি,৫ য'ত কচ্ছৰ পৰা প্ৰব্ৰজন কৰা জাদেজাসকলে তেওঁৰ মন্দিৰ নিৰ্মাণ কৰিছিল আৰু তেওঁক গোত্ৰ দেৱতা হিচাপে স্থাপন কৰিছিল।৬৭ ২

তথ্যসূত্ৰ

  1. ↑ Kutch in festival and custom By K. S. Dilipsinh
  2. ↑ From Bhuj, the capital of erstwhile state of Kutch, about 80 km to the north is the temple of Ma Ashapura at Mata no Madh. It has become a live symbol of faith of people of Kutch in the last 600 years.
  3. ↑ People turn up in lakhs at Mata no Madh in Kutch
  4. ↑ আৰ্কাইভ কপি
  5. ↑ Jamnagar
  6. ↑ Bhuj
  7. ↑ The Goddess ‘Ashapura’ is not only the family holy being of the rulers of Kutch, but also the family deity of all the branches of Jadeja in Saurashtra. The temple of Ashapura is open for all irrespective of caste, belief or religion.

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আশাপুৰা মাতা” প্ৰবন্ধৰ সংশোধন ৪৩২৯৫৫ (২৩ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।