কৰণী মাতা ( Karni Mata; करणी माता; অথবা ভাগৱতী কৰণীজী মহাৰাজ) এগৰাকী হিন্দু শক্তি আৰু বিজয়ৰ দেৱী; যাক ভাগৱতী, মেহাই, জগদম্বা, আৰু কিনিয়ানী আদি বিভিন্ন নামেৰে জনা যায়। এগৰাকী যোদ্ধা ঋষি হিচাপে বৰ্ণনা কৰা দেৱীগৰাকী পশ্চিম ৰাজস্থানত ১৪ আৰু ১৬ শতিকাৰ ভিতৰত বাস কৰিছিল। কৰণী মাতা উত্তৰ-পশ্চিম ভাৰতৰ ৰাজপুত আৰু চৰণসকলৰ সংৰক্ষক দেৱী। সগতীৰ ৰূপত তেওঁক হিংলাজ বা দুৰ্গাৰ অৱতাৰ হিচাপেও পূজা কৰা হয়।১ বিকানেৰ আৰু যোধপুৰ ৰাজপৰিয়ালৰ আধিকাৰিক দেৱী। অঞ্চলটোৰ ইতিহাস গঢ় দিয়াত কৰণীজীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অঞ্চলটোত ৰাজপুত আধিপত্য প্ৰতিষ্ঠাৰ লগত তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছে। তেওঁৰ আশীৰ্বাদত ৰাও জোধা আৰু ৰাও বিকাই যোধপুৰ আৰু বিকানেৰ ৰাজ্য প্ৰতিষ্ঠা কৰে। বিকানেৰ আৰু যোধপুৰৰ মহাৰাজৰ অনুৰোধত তেওঁ এই অঞ্চলৰ দুটা গুৰুত্বপূৰ্ণ দুৰ্গ বিকানেৰ দুৰ্গ আৰু মেহৰনগড় দুৰ্গৰ ভেটি স্থাপন কৰে।২ তেওঁ তপস্বী জীৱন কটাইছিল আৰু জীৱনকালত তেওঁক বহুলভাৱে শ্ৰদ্ধা কৰা হৈছিল।৩ মাৰৱাৰ অঞ্চলৰ ভাৰতীয় সৈন্যয়ো কৰণী মাতাক তেওঁলোকৰ সংৰক্ষক দেৱী হিচাপে গণ্য কৰে।৪
কৰণী মাতা মন্দিৰৰ ভিতৰত আটাইতকৈ বিখ্যাত হৈছে দেশনোকৰ কৰণী মাতা মন্দিৰ, য'ত মন্দিৰ আৰু ইয়াৰ আশে-পাশে থকা ওৰাণ ভূমি সকলো জীৱৰ বাবে পবিত্ৰ অভয়াৰণ্য আৰু কাৰো ক্ষতি হ'ব নালাগে।৫ ৰাজস্থানত ক’লা হৰিণাক পবিত্ৰ বুলি গণ্য কৰা হয়; কাৰণ কৰণী মাতাই তেওঁলোকক সুৰক্ষা দিয়ে।৬
বাহ্যিক সংযোগ
- Read Details about Karni Mata Temple
- National Geographic News: Rats Rule at Indian Temple
- Deshnok Temple A three-minute video news report on Karni Mata, aka the "Bagwati Karniji" temple in Deshnoke, Rajasthan. Accessed 10 August 2007.
তথ্যসূত্ৰ
- ↑ (9 November 2015). Amazing Shri Manshapurna Karni Mata Temple – HariBhakt · History, Facts, Awareness of Hindu Dharma. HariBhakt | History, Facts, Awareness of Hindu Dharma -
- ↑ Matheson, Sylvia A. (1984). Rajasthan, Land of Kings. Vendome Press. পৃ. 129, 131. ISBN 978-0-86565-046-6
- ↑ Schaflechner, Jürgen. (2018). Hinglaj Devi: Identity, Change, and Solidification at a Hindu Temple in Pakistan. Oxford University Press. পৃ. 65, 66. ISBN 978-0-19-085052-4
- ↑ Kothiyal, Tanuja. (2016-03-14). Nomadic Narratives: A History of Mobility and Identity in the Great Indian Desert. Cambridge University Press. ISBN 978-1-107-08031-7
- ↑ General, India Office of the Registrar. (1966). Census of India, 1961. Manager of Publications
- ↑ Geer, Alexandra van der. (2008-10-16). Animals in Stone: Indian Mammals Sculptured Through Time. Brill. ISBN 978-90-474-4356-8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰণী মাতা” প্ৰবন্ধৰ সংশোধন ৫৬৪৯৫১ (১৬ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।