হিন্দু দেৱী
১৯২ প্ৰবন্ধ
-
মোধেশ্বৰী মাতা
মোধেশ্বৰী মাতা (গুজৰাটী: મોઢેશ્વરી) হৈছে এগৰাকী হিন্দু দেৱী। তেওঁক শিৱৰ পত্নী দেৱী পাৰ্বতী বা মহাকালীৰ এটা স্বৰূপ বুলি কোৱা হয়। গুজৰাটৰ মোধ সম্প্ৰদায়ৰ লোক সকলৰ বংশ দেৱতা হিচাপে মোধসকলৰ দ্বাৰা তেওঁৰ পূজা কৰা হয়।
-
যোগেশ্বৰী
যোগেশ্বৰী (সংস্কৃত: योगेश्वरी, ৰোমানীকৃত: Yogeshvari বা Jogeshvari) হিন্দু আদি শক্তি দেৱী দুৰ্গাৰ এটা উপনাম, যোগ আৰু ঈশ্বৰী শব্দৰ সংকোচন ঘটি যোগেশ্বৰী শব্দটো সৃষ্টি হৈছে যাৰ অৰ্থ হৈছে "যোগৰ দেৱী"।
-
শিৱদুতি
শিৱদুতি (সংস্কৃত: शिवदूति, ৰোমানীকৃত: Śivadūti) হিন্দু মাতৃ দেৱী আদি পৰশক্তিৰ এক অৱতাৰ।
-
ষষ্ঠী
ষষ্ঠী (সংস্কৃত: षष्ठी, বঙালী: ষষ্ঠী, হিন্দী: छठी) এগৰাকী হিন্দু দেৱী৷ নেপাল আৰু ভাৰতত এই দেৱীক শিশুৰ কল্যানকাৰী আৰু ৰক্ষক হিচাপে পূজা কৰা হয়। গছ-গছনি আৰু প্ৰজননৰ দেৱী তথা দেৱীয়ে সন্তান প্ৰদান কৰাৰ লগতে প্ৰসৱৰ সময়ত সহায় কৰে বুলি বিশ্বাস কৰা হয়।
-
সন্তোষী মা
সন্তোষী মা (হিন্দী: संतोषी माता) হিন্দু ধৰ্মৰ এগৰাকী তুলনামূলকভাৱে নতুন দেৱী। সন্তোষী মাক সন্তোষৰ অধিষ্ঠাত্ৰী দেৱী বুলি অভিহিত কৰা হৈছে। বিশেষকৈ উত্তৰ ভাৰত আৰু নেপালৰ নাৰীসকলে সন্তোষী মাৰ পূজা কৰে।
-
সিদ্ধিধাত্ৰী
সিদ্ধিধাত্ৰী ( Siddhidhatri) বা সিদ্ধিদাত্ৰী হৈছে হিন্দু দেৱী মহাদেৱীৰ নৱদুৰ্গা (নটা ৰূপ) দিশৰ ভিতৰত নৱম আৰু অন্তিম ৰূপ। তেওঁৰ নামৰ অৰ্থ এনেধৰণৰ- সিদ্ধি মানে অলৌকিক শক্তি বা ধ্যান ক্ষমতা, আৰু ধাত্ৰী মানে দাতা বা দানকাৰী।
-
সুন্দৰীবাণী
ফ্ৰা ছুন্থাৰাৱানী, (যাক নাং ছুন্থাৰাৱানী বুলিও জনা যায়) হ'ল থাই বৌদ্ধ পৰম্পৰাৰ এগৰাকী দেৱী, যাক ধৰ্ম আৰু ত্ৰিপিটকৰ ৰক্ষক হিচাপে গণ্য কৰা হয়। তেওঁক বিশেষকৈ ৱাট ছুথাথ থেপৱাৰাম ৰাচ্চাওৰামাহাৱিহানত পূজা কৰা হয়।
-
সুস্বানী মাতাজী
সুস্বাণী মাতাজী (ইংৰাজী: Suswani Mataji) ভাৰতৰ ৰাজস্থান ৰাজ্যত জনপ্ৰিয় এগৰাকী আঞ্চলিক হিন্দু আৰু জৈন দেৱী। তেওঁক সুসানী মাতা বা সুস্বাণী মাতা বুলিও কোৱা হয় তেওঁক দেৱী দুৰ্গাৰ অৱতাৰ হিচাপে গণ্য কৰা হয় আৰু বহুতো জৈন আৰু হিন্দু সম্প্ৰদায়ে তেওঁক পূজা কৰে।
-
সোমলম্মা
সোমলম্মা, যাক সোমনলম্মা আৰু সোমনয়কি আম্মা বুলিও কোৱা হয়, এগৰাকী হিন্দু দেৱী (দেৱী) যিয়ে সোমক ৰক্ষা কৰে আৰু নিজৰ ভক্তসকলক সোম দি তেওঁলোকৰ স্বাস্থ্য আৰু মানসিক লক্ষণসমূহৰ পৰা উপশম দিয়ে।
-
হৰসিদ্ধি
দুৰ্গাৰ অন্যতম দিশ হৰসিদ্ধি হৈছে এক আঞ্চলিক হিন্দু দেৱী। ভাৰতৰ মহাৰাষ্ট্ৰ তথা গুজৰাট, মধ্য প্ৰদেশত এইগৰাকী দেৱী জনপ্ৰিয়।
-
ৰঙ্গনায়কী
ৰঙ্গনায়কী (তামিল: ரங்கநாயகி, সংস্কৃত: रङ्गनायकी, ৰোমানীকৃত: Raṅganāyakī, আক্ষৰিক অৰ্থ: 'ৰংগনাথৰ পত্নী'), এগৰাকী হিন্দু দেৱী। তেওঁক তায়াৰ (তামিল: தாயாம், ৰোমানীকৃত: Tāyār অৰ্থাৎ 'মাতৃ') নামেৰেও জনা যায়৷ শ্ৰীৰংগমৰ শ্ৰীৰংগনাথস্বামী মন্দিৰৰ তেওঁ এগৰাকী অধিষ্ঠাতী দেৱী।
-
ৰেৱতী (বলোৰামৰ পত্নী)
ৰেৱতী ৰজা কাকুদ্মীৰ কন্যা আৰু বলোৰামৰ সহধৰ্মিনী আছিল। মহাভাৰত,ভাগৱত পুৰাণ আৰু বিষ্ণু পুৰাণৰ দৰে বিভিন্ন পৌৰাণিক ধৰ্ম গ্ৰন্থত তেওঁৰ বিৱৰণ আছে। ৰেৱতী কাকুদ্মীৰ একমাত্ৰ কন্যা আছিল।