জছমা ওদান মধ্যযুগীয় গুজৰাটৰ এগৰাকী লোকদেৱী। চৌলুক্য বংশৰ এজন ৰজা সিদ্ধৰাজ জয়সিংহই তেওঁৰ স্বামীক হত্যা কৰাৰ পিছত নিজৰ সন্মান ৰক্ষাৰ বাবে ‘সতী’ হোৱা এগৰাকী মহিলাৰ কাহিনীৰ ওপৰত ভিত্তি কৰি এই লোকদেৱীৰ ধাৰণা গঢ় লৈ উঠিছে।
কিংবদন্তি
জছমা পুখুৰী খন্দা কামত নিয়োজিত ৰুড়াৰ পত্নী আছিল। তেওঁলোক ওড ৰাজপুত জনজাতিৰ লোক আছিল। এইটো গুজৰাট, কাথিয়াৱাড় আৰু ৰাজস্থানৰ কিছু অংশত বাস কৰা এটা ভ্ৰাম্যমাণ শ্ৰমিক জনজাতি।১ তেওঁলোকে লিংগযুক্ত হাজাৰটা মঠ আৰু এটা হ্ৰদ ‘সহস্ৰলিঙ্গ টেংক’ খান্দিবলৈ অনহিলৱাদ পাটনত আছিল। চৌলুক্য বংশৰ ৰজা সিদ্ধৰাজ জয়সিংহ জছমাৰ সৌন্দৰ্যত মোহিত হৈছিল আৰু তেওঁক বিবাহৰ প্ৰস্তাৱ দিছিল। তেওঁ জছমাক গুজৰাটৰ ৰাণী কৰাৰ প্ৰস্তাৱ দিছিল যদিও জছমাই সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। ইয়াৰ পিছতে জয়সিংহই জছমাৰ স্বামীক হত্যা কৰে। জছমাই নিজৰ সন্মান ৰক্ষাৰ বাবে চিতাত জপিয়াই ‘সতী’ হয়। তেওঁৰ অভিশাপৰ ফলত সহস্ৰলিঙ্গ টেংক পানীবিহীন হৈ পৰিছিল আৰু সিদ্ধৰাজৰ গুজৰাট সাম্ৰাজ্যৰ কোনো উত্তৰাধিকাৰী নোহোৱা হৈছিল।২৩
দ্বাদশ শতিকাত ওড ৰাজপুত জনজাতিয়ে তেওঁৰ স্মৃতিত নিৰ্মাণ কৰা জছমাদেৱী মন্দিৰ গুজৰাটৰ পাটনত সহস্ৰলিঙ্গ টেংকৰ ওচৰত অৱস্থিত।
জনপ্ৰিয় সংস্কৃতি
ঊনবিংশ শতিকাৰ পৰাই এই কিংবদন্তিৰ ওপৰত ভিত্তি কৰি ‘ভৱাই’ নামৰ এক লোকনাট্য পৰিৱেশন কৰি অহা হৈছে।৪২ ১৯৮২ চনত শান্তা গান্ধীয়ে ‘জছমা ওদান’ শীৰ্ষক এখন মঞ্চ নাট প্ৰস্তুত কৰিছিল।৫ ১৯২৬ চনত হৌমী মাষ্টাৰে এই লোকদেৱীৰ কাহিনীৰ ওপৰত ভিত্তি কৰি ‘সতী জছমা’ নামৰ এখন ভাৰতীয় নিৰ্বাক চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। ইয়াত গোহৰ মামাজিৱালা আৰু খলিলে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।৬ ১৯৭৬ চনত চন্দ্ৰকান্ত সংঘানীৰ পৰিচালনাত ‘সতী জছমা ওদান’ নামৰ এখন গুজৰাটী কথাছবি মুক্তি পাইছিল। ছবিখনৰ গীতসমূহ কান্তি অশোকে লিখিছিল আৰু সংগীত পৰিচালনা কৰিছিল মহেশ নৰেশে।৬
তথ্যসূত্ৰ
- ↑ Pal, Sushilaben; Narula, S. C. (1998). Some Ballads and Legends: Gujarati Folklore. Indian Literature. পৃ. 172–184
- ↑ Bharati Ray. (2009). Different Types of History. Pearson Education India. পৃ. 374, 380–381. ISBN 978-81-317-1818-6
- ↑ Bharati Ray. (4 October 2005). Women of India: Colonial and Post-colonial Periods. SAGE Publications. পৃ. 527–. ISBN 978-0-7619-3409-7
- ↑ Manohar Laxman Varadpande. (1992). History of Indian Theatre. Abhinav Publications. পৃ. 174–. ISBN 978-81-7017-278-9
- ↑ Vasudha Dalmia; Rashmi Sadana. (5 April 2012). The Cambridge Companion to Modern Indian Culture. Cambridge University Press. পৃ. 218. ISBN 978-1-139-82546-7
- ↑ Ashish Rajadhyaksha; Paul Willemen. (10 July 2014). Encyclopedia of Indian Cinema. Taylor & Francis. পৃ. 11–. ISBN 978-1-135-94325-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জছমা ওদান” প্ৰবন্ধৰ সংশোধন ৫৮৮৫৮৫ (১৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।