অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

টেম্বলাই দেৱী

টেম্বলাই দেৱী (ইংৰাজী: Temblai Devi) বা ত্ৰিয়াম্বোলি (স্থানীয়ভাৱে জনাজাত) দুৰ্গা দেৱীৰ এক অৱতাৰ আৰু ভাৰতৰ মহাৰাষ্ট্ৰৰ কলহাপুৰৰ পূব অংশৰ এটা পাহাৰৰ শিখৰত অৱস্থিত মন্দিৰৰ অধিস্থাতী দেৱী ৰেনুকাৰ এটা ৰূপ। এই মন্দিৰটোৰ বাবেই যি পাহাৰত মন্দিৰটো অৱস্থিত, সেই পাহাৰটোক টেম্বলাই পাহাৰ বুলি জনা যায়।

হালনাগাদ: ১৫ মে’ ২০২৫ ২৮৪ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

টেম্বলাই দেৱী (ইংৰাজী: Temblai Devi) বা ত্ৰিয়াম্বোলি (স্থানীয়ভাৱে জনাজাত) দুৰ্গা দেৱীৰ এক অৱতাৰ আৰু ভাৰতৰ মহাৰাষ্ট্ৰৰ কলহাপুৰৰ পূব অংশৰ এটা পাহাৰৰ শিখৰত অৱস্থিত মন্দিৰৰ অধিস্থাতী দেৱী ৰেনুকাৰ এটা ৰূপ।

এই মন্দিৰটোৰ বাবেই যি পাহাৰত মন্দিৰটো অৱস্থিত, সেই পাহাৰটোক টেম্বলাই পাহাৰ বুলি জনা যায়। মন্দিৰ পৰিসৰত দুটা মন্দিৰ আছে, দক্ষিণ দিশৰ ডাঙৰ মন্দিৰটো টেম্বলাই দেৱী আৰু উত্তৰ-পূব দিশৰ সৰু মন্দিৰটো য়ামাই দেৱীৰ বাবে উৎসৰ্গিত।১ এই স্থানৰ উত্তৰ দিশত এটা পথ আৰু দক্ষিণ দিশত স্থল সেনাবাহিনীৰ আৱাসগৃহ আছে।২ ভক্তসকলে বিশেষকৈ মহিলাসকলে মন্দিৰলৈ গৈ নিজৰ পছন্দৰ পুৰুষক বিয়া কৰাবলৈ প্ৰাৰ্থনা কৰে বা যদি বিবাহিত হয় তেন্তে স্বামীৰ দীৰ্ঘ আৰু সুস্থ জীৱনৰ কামনা কৰি প্ৰাৰ্থনা কৰে।৩ দৰ্শনাৰ্থী আৰু স্থানীয় লোকৰ বাবেও ই এক পৰিচিত স্থানীয় পৰ্যটন স্থান। টেম্বলাই মন্দিৰ পৰিসৰ চহৰখনলৈ অহা পৰ্যটকৰ বাবে ভ্ৰমণ কৰিবলগীয়া বহুতো স্থানৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি লাভ কৰিছে।৪ এই টেম্বলাই মন্দিৰৰ পৰা কিছু দূৰৈত কদমৱাড়ীত পঞ্চগংগা নদীৰ ওচৰত টেম্বলাই দেৱীৰ আন এটা মন্দিৰ আছে।৫

মন্দিৰ পৰিসৰৰ মন্দিৰৰ উত্তৰ-পূব দিশৰ মুকলি মালভূমি অংশত গণপতিৰ এটা বৃহৎ মূৰ্তি আছে। গণপতি মূৰ্তিৰ কাষতে দেৱস্থান সমিতিৰ দ্বাৰা নিৰ্মিত ছাত্ৰপতি শিৱাজীৰ সৰু স্মৃতিসৌধৰ এটা আৱক্ষ মূৰ্তি আছে। স্থানীয় কৰ্তৃপক্ষই এই অঞ্চলটো এখন সৰু শিশু উদ্যান স্থাপন কৰিছে।৬ স্বাধীনতাৰ পূৰ্বৰ যুগত পাহাৰটোৰ ওপৰেৰে বৈ অহা শুদ্ধ বতাহৰ বাবে এই পাহাৰটো যক্ষ্মা ৰোগীৰ চিকিৎসাৰ কেন্দ্ৰ আছিল।৭

টেম্বলাই দেৱীৰ আন এটা তুলনামূলকভাৱে কম পৰিচিত মন্দিৰ চহৰৰ উত্তৰ-পূব দিশৰ কদমৱাড়ীত পঞ্চগংগা নদীৰ পাৰত আছে।৮

কিংবদন্তী

টেম্বলাই পাহাৰৰ মন্দিৰ পৰিসৰত থকা গণেশৰ মূৰ্তি
টেম্বলাই পাহাৰৰ মন্দিৰ পৰিসৰত থকা গণেশৰ মূৰ্তিছবি: Amitized · CC BY-SA 4.0

স্থানীয় কিংবদন্তি অনুসৰি দেৱী ৰেনুকা মহালক্ষ্মীৰ ভগ্নী আৰু তেওঁ মহালক্ষ্মীক এই অঞ্চলৰ অসুৰক হত্যা কৰাৰ প্ৰচেষ্টাত সক্ৰিয়ভাৱে সমৰ্থন কৰিছিল। কিন্তু যুদ্ধৰ পাছত মহালক্ষ্মীয়ে ৰেণুকা দেৱীক যথাযথ শ্ৰদ্ধা নিদিয়াত পাহাৰলৈ নামি আহি মহালক্ষ্মীৰ ফালে পিঠি দি তাতেই বহিল। এই কাৰণেই তেওঁৰ মন্দিৰত মহালক্ষ্মীৰ মূৰ্তি পশ্চিমমুখী আৰু টেম্বলাইত দেৱী ৰেনুকাৰ মূৰ্তি পূবমুখী। প্ৰতি বছৰে নৱৰাত্ৰীৰ সময়ত ললিতপঞ্চমীৰ পঞ্চম দিনা দুয়োগৰাকী ভগ্নীৰ মিলন উদযাপন কৰা এক শোভাযাত্ৰা আয়োজন কৰা হয়।৯১০

তথ্যসূত্ৰ

  1. ↑ Temblai Temple Kolhapur World
  2. ↑ Google Maps. Google Maps
  3. ↑ Temblai Hill Temple. Hindu Temple Timings, History, Location, Deity, shlokas
  4. ↑ 11 Best Places To Visit in Kolhapur. Travel India Travel
  5. ↑ Rankala Mahotsav... kolhapurcorporation.gov.in
  6. ↑ Temblai Temple Kolhapur World
  7. ↑ कुठे हरवली मूळ त्र्यंबोली टेकडी?. www.esakal.com
  8. ↑ Rankala Mahotsav... kolhapurcorporation.gov.in
  9. ↑ Kolhapur: Modern Temple Town. Outlook Traveller
  10. ↑ Kolhapur: Modern Temple Town. Outlook Traveller

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেম্বলাই দেৱী” প্ৰবন্ধৰ সংশোধন ৫০৮৮১১ (১৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।