ত্বৰিতা (त्वरिता অৰ্থাৎ 'বেগী') হৈছে এগৰাকী হিন্দু শক্তিবাদৰ দেৱী। তেওঁক মূলতঃ তান্ত্ৰিক হিন্দু ধৰ্মত পূজা কৰা হয়। তেওঁক নিত্য নামৰ নগৰাকী যোগীনীৰ দলৰ সদস্য হিচাপে চিত্ৰিত কৰা হৈছে।১বিভিন্ন শাস্ত্ৰত এই যোগিনী সকলৰ নামবোৰ ভিন্ন। তেওঁ আদি পৰাশক্তিৰ এটা দিশ। ইয়াৰোপৰি তেওঁক মহাবিদ্যাৰো এগৰাকী বুলি কোৱা হয়। মহাবিদ্যা বা দশমহাবিদ্যা হৈছে হিন্দু ধৰ্মৰ দেৱীৰ এটা গোট। এয়া দিব্য জননী পাৰ্বতী দেৱীৰ দহটি বিশেষ ৰূপৰ সমষ্টিগত নাম। এই সকল দেৱীৰ এটা ৰূপ হৈছে ভয়ংকৰ দেৱীমূৰ্তি, আৰু আনটো ৰূপ অপৰূপ সুন্দৰী দেৱী প্ৰতিমাৰ।২ মালিনী বিজয় গ্ৰন্থ মতে, মহাবিদ্যা হৈছে কালী, নীলা, মহাদুৰ্গা, ত্বৰিতা, ছিন্নমস্তিকা, বাগ্বাদিনী, অন্নপূৰ্ণা, প্ৰত্যঙ্গিৰা, কামাখ্যাবাসিনী, বালা, মাতঙ্গী আৰু শৈলবাসিনী।৩
মূৰ্তিৰ প্ৰকাশ
ত্বৰিতাৰ দৈহিক বৰণ ঘনঘোৰ অন্ধকাৰৰ দৰে সম্পূৰ্ণৰূপে ক'লা ৰূপত চিত্ৰিত কৰা হৈছে। তেওঁ মূৰত এটা মুকুট পৰিধান কৰে, আৰু ইয়াত ময়ূৰৰ পাখি লগোৱা থাকে। দেৱীৰ কাপোৰ গছৰ পাতৰ পৰা তৈয়াৰ কৰা হৈছে। ডিঙিত তেওঁ গুঞ্জ ফুলৰে তৈয়াৰী হাৰ পিন্ধে। আঠডাল সাপৰ দ্বাৰা নিৰ্মিত দেৱীৰ কাপোৰৰ পাৰি অংশ তেওঁৰ স্তনৰ নিম্নভাগলৈকে ওলমি থাকে। হাতৰ বাজু, কঁকালৰ কিংকিণী আৰু গোৰোহাৰ নূপুৰৰে তেওঁক সজোৱা হৈছে। দেৱীৰ চকু তিনিটা, আৰু দেহত উগ্ৰ স্বৰূপ প্ৰতিফলিত হৈছে। তেওঁ এখন হাতৰে বৰদ মুদ্ৰা আৰু আনখন হাতৰে অভয় মুদ্ৰা পৰিৱেশন কৰে।৪
কিংবদন্তি
ত্বৰিতা দেৱী সম্পৰ্কীয় প্ৰাৰম্ভিক উৎসসমূহত তেওঁক এনে এগৰাকী দেৱী হিচাপে চিত্ৰিত কৰা হৈছে যিয়ে সাপৰ কামোৰৰ বলি হোৱা লোকসকলৰ জীৱন ৰক্ষাৰ বাবে বেছিকৈ পৰিচিত আছিল। পিছলৈ তেওঁক দুৰ্গা আৰু কালী দেৱীৰ সৈতে একাকাৰ কৰি চিনাক্ত কৰা হয়।৫ ত্বৰিতাক গছৰ পাতৰ কাপোৰ, ময়ূৰৰ পাখি আৰু এটা সৰু ছাতি লৈ থকা এগৰাকী জনজাতীয় মহিলা হিচাপে কল্পনা কৰা হৈছে। এঘাৰজন পৰিচাৰক আৰু দুজন দুৱাৰৰ ৰক্ষকৰ সংগত দেৱীক চিত্ৰিত কৰা হৈছে। দেৱীৰ স্তুতিত গায়ত্ৰী মন্ত্ৰ জপ কৰা হয়।৬
ব্ৰহ্মাণ্ড পুৰাণৰ ললিতা মহাত্মায়াৰ অংশ ললিতোপাখ্যানত ত্বৰিতাক শ্ৰীচক্ৰৰ ৰক্ষক দেৱতাৰ আৰু পুন্দ্ৰকেতু নামৰ অসুৰৰ বধক বুলি উল্লেখ কৰা হৈছে।৭৮
শিৱ পুৰাণৰ মতে দক্ষৰ যজ্ঞ ধ্বংস কৰিবলৈ বীৰভদ্ৰৰ অধীনত ভদ্ৰকালি, কালি, কাত্যয়নী, চামুণ্ডা, বৈষ্ণৱী, ঈশানী, মুণ্ডমৰ্দিনী দেৱীসকলৰ লগত ত্বৰিতাই যোগদান কৰিছিল। অগ্নি পুৰাণত তেওঁৰ পূজা আচাৰ-ব্যৱহাৰৰ কথা উল্লেখ আছে।৯১০১১১২
তথ্যসূত্ৰ
- ↑ Einoo, Shingo. Genesis and Development of Tantra. Рипол Классик. পৃ. 48. ISBN 978-5-88134-784-0
- ↑ Mahavidyas Hindu goddesses: visions of the divine feminine in the Hindu religious tradition, by David R. Kinsley. University of California Press, 1988. . Page 161-165
- ↑ পৌৰাণিকা: বিশ্বকোষ হিন্দুধৰ্ম, প্ৰথম খণ্ড, অমলকুমাৰ মুখোপাধ্যায়, ফাৰ্মা কেএলএম প্ৰাইভেট লিমিটেড, কলকাতা, ২০০১
- ↑ mantras - Who is Goddess Tvarita?. Hinduism Stack Exchange
- ↑ Olesen, Bjarne Wernicke. (2015-09-16). Goddess Traditions in Tantric Hinduism: History, Practice and Doctrine. Routledge. পৃ. 74–75. ISBN 978-1-317-58522-0
- ↑ Slouber, Michael. (2017). Early Tantric Medicine: Snakebite, Mantras, and Healing in the Gāruḍa Tantras. Oxford University Press. পৃ. 99. ISBN 978-0-19-046181-2
- ↑ www.wisdomlib.org. (2019-06-23). Description of other inner Apartments in the Royal Chamber (Chapter 37). www.wisdomlib.org
- ↑ www.wisdomlib.org. (2019-06-22). Flight of Viṣaṅga (Chapter 25). www.wisdomlib.org
- ↑ www.wisdomlib.org. (2018-09-27). The March of Vīrabhadra (Chapter 33). www.wisdomlib.org
- ↑ www.wisdomlib.org. (2021-11-13). Mode of worshipping the goddess Tvaritā and others (Chapter 147). www.wisdomlib.org
- ↑ www.wisdomlib.org. (2021-11-15). The mode of worship of Tvaritā (Chapter 309). www.wisdomlib.org
- ↑ www.wisdomlib.org. (2021-11-15). The narration of the spell relating to Tvaritā (Chapter 310). www.wisdomlib.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ত্বৰিতা” প্ৰবন্ধৰ সংশোধন ৩৫৪৬৬৪ (১৮ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।