হিন্দু দেৱী
১৯২ প্ৰবন্ধ
-
ৰোহিনী
ৰোহিনী এগৰাকী হিন্দু ধৰ্মৰ তৰাৰ দেৱী আৰু চন্দ্ৰ দেৱতাৰ প্ৰিয় পত্নী। তেওঁ প্ৰজাপতি দক্ষ আৰু তেওঁৰ পত্নী আসিকনীৰ ২৭ গৰাকী কন্যাৰ ভিতৰত এগৰাকী। ৰোহিনী এক ৰঙা ৰঙৰ বৃষমণ্ডলৰ উজ্জ্বল নক্ষত্ৰ, ইয়াক হিন্দু শাস্ত্ৰত দেৱীৰ মৰ্য্যাদা দিয়া হৈছে।
-
অলক্ষ্মী
অলক্ষ্মী হ'ল লক্ষ্মীৰ ছাঁ আৰু দুৰ্ভাগ্যৰ দেৱী। কল্কি পুৰাণ আৰু মহাভাৰতত উল্লেখ কৰা মতে অলক্ষ্মী হৈছে কালি অসুৰৰ দ্বিতীয় পত্নী৷
-
অশোকসুন্দৰী
অশোকসুন্দৰী (अशोकसुंदरी) এগৰাকী হিন্দু দেৱী৷ তেওঁ শিৱ আৰু পাৰ্বতীৰ কন্যা আছিল৷ পদ্ম পুৰাণত অশোকসুন্দৰীৰ উল্লেখ আৰু বৰ্ণনা পোৱা যায়৷ দক্ষিণ ভাৰতত বালা ত্ৰিপুৰাসুন্দৰী দেৱীৰ ৰূপত তেওঁৰ পূজা অৰ্চনা কৰা হয়৷
-
অষ্টভাৰ্যা
অষ্টভাৰ্যা (अष्टभार्या) হৈছে দ্বাপৰ যুগত (যুগ) দ্বাৰকাৰ ৰজা হিন্দু দেৱতা কৃষ্ণৰ আঠগৰাকী প্ৰধান ৰাণী-পত্নীৰ গোট। ভাগৱত পুৰাণত উপলভ্য আটাইতকৈ বহুল প্ৰচলিত অষ্টভাৰ্যাৰ তালিকাখনৰ ভিতৰত আছে: ৰুক্মিণী, জাম্বৱতী, সত্যভামা, কালিন্দী, নাগ্নজিতী, মিত্ৰবিন্দা, লক্ষ্মণা আৰু ভদ্ৰা।
-
অসিক্নী
অসিক্নী (असिक्नी) হৈছে হিন্দু পৌৰাণিক কাহিনীত উল্লিখিত এগৰাকী দেৱী। তেওঁক পঞ্চজনী আৰু বিৰাণী বুলিও কোৱা হয়। পৌৰাণিক কাহিনী অনুসৰি তেওঁ দক্ষৰ পত্নী। বেছিভাগ শাস্ত্ৰতে তেওঁক ৬০০০ পুত্ৰ আৰু ৬০ কন্যা সন্তানৰ মাতৃ বুলি উল্লেখ কৰা হৈছে।
-
কামাখ্যা দেৱী
কামাখ্যা অথৱা কামাক্ষা হৈছে হিন্দু ধৰ্মৰ এগৰাকী তান্ত্ৰিক দেৱী। তেওঁৰ আবাস হৈছে নীলাচল পাহাৰ। তেওঁক সিদ্ধ কব্জিকা হিচাপে পূজা কৰা হয়। তেওঁক কালী বা মহা ত্ৰিপুৰা সুন্দৰী হিচাপেও চিহ্নিত কৰা হয় কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ দেৱী কামাখ্যাৰ পূজাৰ মূল আধাৰ। কামৰূপ জিলাত কামাখ্যা দেৱীৰ মন্দিৰ আছে।
-
পঞ্চকন্যা
পঞ্চকন্যা (पञ्चकन्या, ) হিন্দু মহাকাব্যত বৰ্ণিত প্ৰবাদপ্ৰতিম পাঁচগৰাকী প্ৰধান নাৰী চৰিত্ৰ। তেওঁলোকৰ প্ৰশস্তিমূলক স্তুতিগীত আৰু নাম পাঠ কৰি পাপ দূৰীভূত কৰিব পাৰি বিশ্বাস কৰা হয়। পঞ্চকন্যা শব্দটিৰে সূচিত পাঁচগৰাকী নাৰী হৈছে- অহল্যা, দ্ৰৌপদী, কুন্তী, তাৰা আৰু মন্দোদৰী।
-
ব্ৰহ্মচাৰিণী
ব্ৰহ্মচাৰিণী (ब्रह्मचारिणी) নামৰ অৰ্থ হৈছে এগৰাকী নিষ্ঠাৱান নাৰী শিষ্যা যি তেওঁৰ গুৰুৰ সৈতে আন শিক্ষাৰ্থীৰ লগত আশ্ৰমত বাস কৰে। ই দেৱী দুৰ্গাৰ (পাৰ্বতী) দ্বিতীয় ৰূপ। নৱৰাত্ৰিৰ দ্বিতীয় দিনা (নৱদুৰ্গাৰ প্ৰতি উৎসৰ্গিত নটা নিশা) দেৱীক পূজা কৰা হয়। ব্ৰহ্মচাৰিণী দেৱীয়ে শুকুলা বস্ত্ৰ পৰিধাণ কৰে।
-
ভগৱতী
ভগৱতী (Devanagari: भगवती, IAST: Bhagavatī), হৈছে সংস্কৃত মূলৰ এটা শব্দ, যাক ভাৰতত হিন্দু ধৰ্মৰ নাৰী দেৱতাসকলৰ বাবে সম্বোধন কৰিবলৈ বা সন্মানীয় উপাধি হিচাপে সম্বোধন কৰিবলৈ নম্ৰ ৰূপ হিচাপে ব্যৱহাৰ কৰা হয়। ভগৱতী পুৰুষৰ সমতুল্য হৈছে ভগৱান। দেৱী বা ঈশ্বৰীৰ সলনি "ভাগৱতী" শব্দটো ব্যৱহাৰ কৰিব পাৰি.
-
ভদ্ৰা
হিন্দু ধৰ্মত ভদ্ৰা শব্দটোৱে বহু কেইগৰাকী দেৱ-দেৱীক বুজায়- কুবেৰৰ পত্নী, চন্দ্ৰৰ জীয়ৰী, শ্ৰীকৃষ্ণৰ পত্নী, এটি পৰ্বত আৰু দেৱী দুৰ্গাৰ এক সংগী।
-
শতৰূপা
হিন্দু পৌৰাণিক আখ্যান অনুসৰি শতৰূপা (शतरूपा) হৈছে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ দুহিতা। শতৰূপা নামৰ অৰ্থ হৈছে, যি নাৰীয়ে এশ ৰূপ পৰিগ্ৰহ কৰিব পাৰে। মৎস্য পুৰাণত শতৰূপাৰ অনেক নামৰ উল্লেখ আছে। সেইসমুহৰ ভিতৰত কেইটামান হৈছে সৰস্বতী, সন্ধ্যা, ব্ৰাহ্মী ইত্যাদি।
-
শাকম্ভৰী
শাকম্ভৰী (शाकम्भरी) হিন্দু ধৰ্মৰ এগৰাকী দেৱী তথা পাৰ্বতীৰ অৱতাৰ। শাকম্ভৰী নামৰ অৰ্থ হৈছে "যি মানৱজাতিক ফল আৰু পাচলিৰে পুষ্টি প্ৰদান কৰিছিল।" কিংবদন্তি অনুসাৰে, শত বছৰ জোৰা দুৰ্ভিক্ষৰ অন্তত পৰমশক্তিয়ে শতাক্ষী-শাকম্ভৰী হিচাপে অৱতাৰ গ্ৰহণ কৰিছিল আৰু ভোকাতুৰ লোকসকলক আহাৰ প্ৰদান কৰিছিল।
-
সুৰসা
সুৰসা (सुरसा) বা সিৰস এগৰাকী হিন্দু দেৱী। তেওঁক নাগমাতা অৰ্থাৎ সৰ্প বা নাগসকলৰ মাতৃ বুলি বৰ্ণনা কৰা হয়। হিন্দু মহাকাব্য ৰামায়ণতেই সুৰসাৰ সবাতোকৈ জনপ্ৰিয় আখ্যানৰ বিৱৰণ পোৱা যায়। এই আখ্যান অনুসৰি দেৱতাসকলে তেওঁক সীতাৰ সন্ধানত লংকা অভিমুখী হনুমানৰ বল আৰু বুদ্ধিৰ পৰীক্ষা লোৱাৰ দায়িত্ব অৰ্পণ কৰে।
-
স্কন্দমাতা
স্কন্দমাতা (स्कंदमाता) হৈছে হিন্দু দেৱী পাৰ্বতীৰ পঞ্চম ৰূপ। তেওঁৰ নামটো 'স্কন্দ'ৰ পৰা আহিছে। যুদ্ধদেৱতা কাৰ্তিকৰ ই এক বিকল্প নাম, আৰু মাতা শব্দৰ অৰ্থ মাতৃ। নৱদুৰ্গাৰ এগৰাকী হিচাপে নৱৰাত্ৰিৰ পঞ্চম দিনা স্কন্দমাতাৰ পূজা অনুষ্ঠিত হয়। দেৱীৰ অৱস্থান বিশুদ্ধ চক্ৰ।
-
হিন্দু ধৰ্মত তুলসী
হিন্দু ধৰ্মত তুলসী দেৱীক লক্ষ্মী দেৱীৰ অৱতাৰ বুলি কোৱা হয় আৰু এনেদৰে তেওঁক ভগৱান শ্ৰীবিষ্ণুৰ সহধৰ্মিনী হিচাপে গণ্য কৰা হয়। আন এক কিংবদন্তিয়ে তেওঁক বৃন্দা বুলি উল্লেখ কৰে আৰু লক্ষ্মী দেৱীৰ পৰা পৃথক কৰে। তুলসী বা বৃন্দা (পবিত্ৰ তুলসী) -ক হিন্দু ধৰ্মাৱলম্বী লোকসকলে এক পৱিত্ৰ উদ্ভিদ বুলি বিশ্বাস কৰে।
-
কুমাৰী (দেৱী)
কুমাৰী বা কুমাৰী দেৱী বা জীৱন্ত দুৰ্গা হৈছে নেপালকে আদি কৰি এছিয়াৰ ধৰ্মীয় পৰম্পৰাত দৈৱিক নাৰী শক্তি বা দেৱীৰ স্বৰূপ হিচাপে কমবয়সীয়া কুমাৰী ছোৱালীক উপাসনা কৰাৰ পৰম্পৰা।
-
কেঁচাইখাতী
কেঁচাইখাতী ("কেঁচা মাংস খোৱা") উত্তৰ-পূব ভাৰতৰ এগৰাকী বিশিষ্ট দেৱী। অৰুণাচল প্ৰদেশৰ পায়াৰ ওচৰত তেওঁৰ মন্দিৰ তাম্ৰেশ্বৰী মন্দিৰ আছে৷ নৱম শতিকাৰ কালিকা পুৰাণত তেওঁক দিক্কাৰাৱাসিনী (Dikkaravasini) বুলি কোৱা হয় যাৰ মন্দিৰে কামৰূপৰ পূব সীমা গঠন কৰিছিল।
-
চেলাম্মা
চেলাম্মা ভাৰতৰ দক্ষিণ কৰ্ণাটক অঞ্চলৰ এগৰাকী হিন্দু দেৱী। চেলাম্মা এগৰাকী বৃশ্চিক দেৱী আৰু ইয়াক কোলাৰামত কোলাৰম্মাৰ সৈতে পূজা কৰা হয়।
-
ছায়া
ছায়া বা চায়া ( ছাঁ) হৈছে এগৰাকী হিন্দু দেৱী, তেওঁক ছাঁ বা ছায়াৰ দেৱী বুলি কোৱা হয়। ছায়া হিন্দু দেৱতা সূৰ্যৰ এগৰাকী সহধৰ্মিনী। তেওঁ সূৰ্যৰ প্ৰথম পত্নী সৰন্যু (সঞ্জনা বা সংজ্ঞা, সন্ধ্যা)ৰ ছাঁ-প্ৰতিচ্ছবি বা প্ৰতিফলন।
-
জগদম্বা
জগদম্বা (Sanskrit: जगदम्बा) হৈছে হিন্দু ধৰ্মীয় পৰম্পৰাত উপাসিত এগৰাকী দেৱী। তেওঁক দেৱী জগদম্বা, জগদম্বা মাতা, জগদম্বিকা বা অম্বা-বাই হিচাপেও নামাংকিত কৰা হয়। জগদম্বা শব্দটিৰ অৰ্থ হৈছে "বিশ্ব মাতৃ"।
-
জগদ্ধাত্ৰী
জগদ্ধাত্ৰী বা জগতধাত্ৰী বা জগধত্ৰী (Jagadhatri) (জগত ধাৰণ কৰ্তা) হৈছে হিন্দু দেৱী পাৰ্বতীৰ এটা ৰূপ। এই গৰাকী দেৱীৰ জনপ্ৰিয়তা বিশেষকৈ ভাৰতৰ পশ্চিম বংগ আৰু উৰিষ্যাত বেছি। দুয়োখন ৰাজ্যত দেৱীৰ পূজা কৰা হয়।
-
তেত্ৰিশ দেৱতা
তেত্ৰিশ দেৱতা বা তেত্ৰিশ কৌটি দেৱতা (त्रिदश) হৈছে হিন্দুধৰ্মৰ দেৱতাসকলৰ প্ৰকাৰভেদ অনুযায়ী সমষ্টিবদ্ধ সংখ্যা। সংস্কৃত ভাষাত ত্ৰয়োত্ৰিংশ কৌটি বুলি কওতে "তেত্ৰিশ গুণ সম্পন্ন বা তেত্ৰিশ প্ৰকাৰ"-ক বুজায়। প্ৰকৃতপক্ষে তেত্ৰিশ কৌটি দেৱতা বুলিলে তেত্ৰিশ প্ৰকাৰৰ গুণ সম্পন্ন বৈদিক দেৱতাক বুজোৱা হয়।
-
দেৱী শ্ৰী
দেৱী শ্ৰী বা শ্ৰীদেৱী ( জাভানী: ꦢꦺꦮꦶꦱꦿꦶ, বালি: ᬤᬾᬯᬶᬲ᭄ᬭᬶ, সুন্দানী: ᮑᮄ ᮕᮧᮠᮎᮤ ᮞᮀᮠᮡᮀ ᮃᮞᮢᮤ) হৈছে জাভা, সুন্দানী আৰু বালিৰ ধান আৰু উৰ্বৰতাৰ এগৰাকী হিন্দু দেৱী। বৰ্তমানো ইণ্ডোনেছিয়াৰ জাভা, বালি আৰু লম্বক দ্বীপত বহুলভাৱে এই দেৱীৰ পূজা কৰা হয়।
-
ধূমাৱতী
ধুমাৱতী (धूमावती, IAST: Dhūmāvatī, আক্ষৰিক অৰ্থত ধোঁৱাৰ আধাৰ বা গৰাকী) দহ গৰাকী তান্ত্ৰিক দেৱীৰ মাজত এগৰাকী দেৱী এই ধুমাৱতী। এখেত হিন্দু দেৱী, যি শক্তিৰ ৰুদ্ৰ ৰূপক প্ৰতিনিধিত্ব কৰে।
-
বৰুণী
বৰুণী বা বাৰুণী (वारुणी) হৈছে জল দেৱতা বৰুণৰ সৈতে সম্পৰ্কিত একাধিক দেৱীৰ নাম। এই অভিধাটোৱে তিনিগৰাকী দেৱীক বুজায় - বৰুণ দেৱৰ পত্নী, তেওঁৰ জীয়ৰী আৰু এগৰাকী মাতৃকা (শক্তি)। কেতিয়াবা, তিনিওগৰাকী দেৱীক এগৰাকী দেৱীৰ ৰূপত একত্ৰিত কৰা হয়।
-
লক্ষ্মণা
লক্ষ্মণা (लक्ष्मणा) বা লক্ষনা হৈছে অষ্টভাৰ্যাৰ সপ্তমগৰাকী, বা হিন্দু দেৱতা কৃষ্ণৰ আঠগৰাকী পত্নীৰ গোটৰ এগৰাকী৷
-
সিনীবালী
সিনীবালী (সংস্কৃত: सिनीवाली; ৰোমানীকৃত: Sinīvālī) এগৰাকী বৈদিক দেৱী৷ ঋগবেদৰ দুটা শ্লোক, আৰ.ভি. ২.৩২ আৰু আৰ.ভি. ১০.১৮৪ত সিনীবালীৰ বিষয়ে উল্লেখ কৰা হৈছে। ২.৩২.৭-৮ নং শ্লোকত সিনীবালী বহল নিতম্ব, লাহি হস্ত, লাহি আঙুলিৰ, প্ৰজনন ক্ষমতাসম্পন্ৱ আৰু সহজ জন্মৰ দেৱী বুলি বৰ্ণনা কৰা হৈছে।
-
ৰক্তদন্তিকা
ৰক্তদন্তিকা (সংস্কৃত: रक्तदन्तिका, ৰোমানীকৃত: Raktadantikā) হিন্দু দেৱী দুৰ্গাৰ এক ৰূপ। দেৱী মহাত্ম্যৰ মতে ৰক্তদন্তিকাই অসুৰ বিপ্ৰচিত্তিৰ বংশধৰক বধ কৰিবলৈ অৱতাৰ লৈছিল। আন এটা বিৱৰণীত তেওঁক কালিৰ ৰূপ বুলি বৰ্ণনা কৰা হৈছে, যাৰ শৰীৰৰ বৰণ সম্পূৰ্ণ ৰঙা।
-
ৰাত্ৰি
ৰাত্ৰি (সংস্কৃত: रात्रि, আক্ষৰিক অৰ্থ: 'ৰাতি', নিশা বুলিও কোৱা হয়), হিন্দু ধৰ্মৰ এগৰাকী বৈদিক দেৱী। এই দেৱীক ৰাতিক প্ৰতিনিধিত্ব কৰা ব্যক্তিত্ব হিচাপে গণ্য কৰা হয়। ৰাত্ৰিৰ বিষয়ে অধিকাংশ উল্লেখ ঋগবেদত পোৱা যায় আৰু তেওঁক পূৱাৰ দেৱী উষাৰ ভগ্নী বুলি বৰ্ণনা কৰা হৈছে।
-
অনুমতি (দেৱী)
অনুমতি (সংস্কৃত: अनुमति) হিন্দু ধৰ্মৰ এগৰাকী দেৱী৷ অনুমতি চন্দ্ৰক প্ৰতিনিধিত্ব কৰা দেৱী আৰু আধ্যাত্মিকতাৰ দেৱী বুলি গণ্য কৰা হয়। অনুমতিৰ বাহন হৈছে কৃষ মৃগম বা কৃষ্ণ জিংকা অৰ্থাৎ কৃষ্ণসাৰ মৃগ (ব্লেকবাক)। অনুমতি হিন্দী ভাষাৰ এটা শব্দ যাৰ অৰ্থ হৈছে "অনুমতি" বা "অনুমতি প্ৰদান কৰা"।