লক্ষ্মণা (लक्ष्मणा) বা লক্ষনা হৈছে অষ্টভাৰ্যাৰ সপ্তমগৰাকী,১ বা হিন্দু দেৱতা কৃষ্ণৰ আঠগৰাকী পত্নীৰ গোটৰ এগৰাকী৷
পৰিয়াল আৰু নাম
ভাগৱত পুৰাণত সুগুণেৰে সমৃদ্ধ লক্ষ্মণাক মাদ্ৰা ৰাজ্যৰ এজন নাম প্ৰকাশ নকৰা শাসকৰ কন্যা বুলি উল্লেখ কৰা হৈছে।২ পদ্ম পুৰাণত মাদ্ৰা ৰজাৰ নাম বৃহৎসেনা বুলি নিৰ্দিষ্ট কৰা হৈছে।৩লক্ষ্মণাই বৃহৎসেনাক সংলাপৰ জৰিয়তে এজন ভাল বীণাবাদক বুলি বৰ্ণনা কৰিছে।৪ কিছুমান গ্ৰন্থত তেওঁক মাদ্ৰি বা মাদ্ৰা ("মাদ্ৰাৰ") উপনাম দিয়া হৈছে।৫৬বিষ্ণু পুৰাণত অষ্টভাৰ্যাৰ তালিকাত লক্ষ্মণাক সন্নিবিষ্ট কৰা হৈছে যদিও আন এগৰাকী ৰাণী মাদ্ৰীৰ উল্লেখ আছে, যিগৰাকীক মাদ্ৰাৰ ৰাজকুমাৰী বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে। লক্ষ্মণাৰ বংশৰ কথা গ্ৰন্থত উল্লেখ কৰা হোৱা নাই। পাঠটোত তেওঁক চাৰুহাসিনী বুলিও কোৱা হৈছে৷ হৰিবংশেও তেওঁক চাৰুহাসিনী বুলি কয়, কিন্তু মাদ্ৰাৰ লগত ইয়াৰ সম্পৰ্ক নাই৷ আনহাতে বিষ্ণু পুৰাণৰ দৰে মাদ্ৰি বা সুভিমা নামৰ আন এগৰাকী ৰাণীৰ কথা উল্লেখ কৰা হৈছে।৬৭
বিবাহ
লক্ষ্মণাৰ পিতৃয়ে স্বয়ম্বৰ অনুষ্ঠানৰ আয়োজন কৰিছিল৷ ভাগৱত পুৰাণত উল্লেখ আছে যে কৃষ্ণই স্বয়ম্বৰৰ পৰা লক্ষ্মণাক অপহৰণ কৰে, ঠিক যেনেকৈ গৰুড়ে দেৱতাৰ পৰা জীৱন অমৃতৰ ঝাৰ (অমৃত) চুৰি কৰিছিল।৮৫ আন এটা কাহিনীত কৃষ্ণই স্বয়ম্বৰত লক্ষ্মণাক জয় কৰাৰ কথা কোৱা হৈছে৷ তাৰ বাবে তেওঁ ধনুৰ্বিদ্যা প্ৰতিযোগিতাত ভাগ লয়। ৰজা জৰাসন্ধ আৰু দুৰ্যোধনে লক্ষ্য-নিৰূপণত ব্যৰ্থ হয়। শ্ৰেষ্ঠ ধনুৰ্বিদ বুলি অভিহিত পাণ্ডৱ ৰাজকুমাৰ আৰু কৃষ্ণৰ খুলশালীয়েক অৰ্জুনে কাঁড়ৰ সহায়ত লক্ষ্যৰ স্থিৰ কৰিছিল যদিও ইচ্ছানুযায়ী ব্যৰ্থ হৈছিল যাতে কৃষ্ণই লক্ষ্মণাক জয় কৰিব পাৰে। অৰ্জুনৰ ভ্ৰাতৃ ভীমে কৃষ্ণৰ প্ৰতি সন্মান জনাই স্বয়ম্বৰত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। শেষত কৃষ্ণই লক্ষ্যত আঘাত কৰি জয়ী হয়।৯ কৃষ্ণ আৰু তেওঁৰ ৰাণীসকলে এসময়ত পাণ্ডৱ আৰু যুধিষ্ঠিৰৰ পত্নী দ্ৰৌপদীক লগ কৰিবলৈ হস্তিনাপুৰলৈ গৈছিল। গৌৰৱান্বিত আৰু লাজুক লক্ষ্মণাই দ্ৰৌপদীক কয় যে তেওঁৰ বিবাহো অতি ৰোমাঞ্চকৰ আছিল৷ তেওঁ তাৰপিছত ইয়াৰ কাহিনী বৰ্ণনা কৰে।৪
সন্তান আৰু মৃত্যু
ভাগৱত পুৰাণত উল্লেখ আছে যে লক্ষ্মণাৰ দহজন পুত্ৰ আছিল: প্ৰঘোষ, গত্ৰবণ, সিংহ, বালা, প্ৰবালা, উৰ্ধ্বগ, মহাশক্তি, সাহা, ওজা আৰু অপৰাজিতা।১০বিষ্ণু পুৰাণত কোৱা হৈছে যে তেওঁৰ গত্ৰবণৰ নেতৃত্বত বহুতো পুত্ৰ আছে।৬
ভাগৱত পুৰাণত কৃষ্ণৰ ৰাণীসকলৰ কান্দোনৰ কথা উল্লেখ আছে৷ আৰু পৰৱৰ্তী সময়ত তেওঁলোকে কিদৰে কৃষ্ণৰ অন্ত্যেষ্টিক্ৰিয়াৰ জুইত নিজকে সঁপি দিছিল-তাৰ বিষয়েও উল্লেখ আছে।১১ হিন্দু মহাকাব্য মহাভাৰতৰ মৌসল পৰ্বত কৃষ্ণৰ মৃত্যু আৰু তেওঁৰ জাতিৰ যৱনিকাৰ বৰ্ণনা কৰা হৈছে৷ কোৱা হৈছে যে-মাত্ৰ চাৰিগৰাকীয়ে তেনেদৰে জঁপিয়াইছিল৷ বাকীসকলে ডকাইতৰ আক্ৰমণৰ সন্মুখীন হৈ জীৱন্তে জ্বলি নিজকে নিধন কৰে।১২
তথ্যসূত্ৰ
- ↑ Mani, Vettam. (1975). Puranic Encyclopaedia: a Comprehensive Dictionary with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass Publishers. পৃ. 62. ISBN 978-0-8426-0822-0
- ↑ Prabhupada. Bhagavata Purana 10.58.57. Bhaktivedanta Book Trust
- ↑ Mani, Vettam. (1975). Puranic Encyclopaedia: a Comprehensive Dictionary with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass Publishers. পৃ. 448. ISBN 978-0-8426-0822-0
- ↑ Rakosh Das Begamudre; Pōtana. (1988). Amrutha of Sreemad Bhagavatha: adapted and translated from the Telugu original of Kavi Bammera Pothana. Rakosh Das Beegamudre
- ↑ Prabhupada. Bhagavata Purana 10.61.15. Bhaktivedanta Book Trust
- ↑ Horace Hayman Wilson. (1870). The Vishńu Puráńa: a system of Hindu mythology and tradition. Trübner. পৃ. 81–3, 107–8
- ↑ Harivamsha Maha Puraaam - Vishnu Parvaharivamsha in the Mahabharata - Vishnuparva Chapter 103 - narration of the Vrishni race. Mahabharata Resources Organization
- ↑ Five Ques married by Krishna. Krishnabook.com
- ↑ Aparna Chatterjee. (December 10, 2007). The Ashta-Bharyas. American Chronicle
- ↑ The Genealogical Table of the Family of Krishna. Krsnabook.com
- ↑ Prabhupada. Bhagavata Purana 11.31.20. Bhaktivedanta Book Trust
- ↑ Kisari Mohan Ganguli. Mahabharata. Sacred-texts.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষ্মণা” প্ৰবন্ধৰ সংশোধন ৪৭০২৪৭ (৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।