ৰক্তদন্তিকা (সংস্কৃত ভাষা: रक्तदन्तिका, ৰোমানীকৃত: Raktadantikā) হিন্দু দেৱী দুৰ্গাৰ এক ৰূপ। দেৱী মহাত্ম্যৰ মতে ৰক্তদন্তিকাই অসুৰ বিপ্ৰচিত্তিৰ বংশধৰক বধ কৰিবলৈ অৱতাৰ লৈছিল।১ আন এটা বিৱৰণীত তেওঁক কালিৰ ৰূপ বুলি বৰ্ণনা কৰা হৈছে, যাৰ শৰীৰৰ বৰণ সম্পূৰ্ণ ৰঙা।২
ব্যুৎপত্তি
ৰক্তদন্তিকাৰ অৰ্থ হৈছে “যাৰ দাঁত ৰঙা ৰঙৰ”।৩
কিংবদন্তী
দেৱী মহাত্ম্যৰ মতে দেৱী দুৰ্গাই অসুৰ বিপ্ৰচিত্তিৰ দানৱ সন্তান সকলক বধ আৰু ভক্ষণৰ বাবে ৰক্তদন্তিকা হিচাপে অৱতাৰ লোৱা বুলি বৰ্ণনা কৰা হৈছে। তেওঁৰ দাঁতবোৰ ডালিমৰ ফুলৰ দৰে ৰঙা হৈ পৰা বুলি বৰ্ণনা কৰা হৈছে, যাৰ ফলত তেওঁৰ নাম ৰক্তদন্তিকা ৰখা হৈছিল।৪ এই কিংবদন্তি মাৰ্কণ্ডেয় পুৰাণতো উল্লেখ কৰা হৈছে।৫
ৰক্তদন্তিকা ডালিম গছত বাস কৰা বুলি বৰ্ণনা কৰা হৈছে।৬ তাইৰ ৰঙা দাঁতবোৰ ৰঙা ডালিমৰ গুটিৰ গুটিৰ সৈতে সাদৃশ্যপূৰ্ণ।৩
তথ্যসূত্ৰ
- ↑ A Classical Dictionary of India, p. 173
- ↑ Gupta, N.B. Sen. (162). Sri Sri Chandi. University of Virginia. পৃ. 97, 119, 132
- ↑ Rodrigues, Hillary. (February 2012). Ritual Worship of the Great Goddess The Liturgy of the Durga Puja with Interpretations. State University of New York Press. পৃ. 45, 56, 130, 182, 200, 264. ISBN 9780791488447
- ↑ Vercoe, Lyndal; Markandeya, Sage. (2019-10-15). Devi Mahatmyam – the Glory of the Goddess. Lulu.com. পৃ. 57. ISBN 978-0-359-98061-1
- ↑ (2019-10-24). The Markandeya Purana. Penguin Random House India Private Limited. পৃ. 416. ISBN 978-93-5305-671-1
- ↑ (2013). Cultus Arborum - A Description Of Phallic Tree Worship. Read Books LTD. ISBN 9781473380097
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰক্তদন্তিকা” প্ৰবন্ধৰ সংশোধন ৪৭৬১০৭ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।