অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ভদ্ৰা

হিন্দু ধৰ্মত ভদ্ৰা শব্দটোৱে বহু কেইগৰাকী দেৱ-দেৱীক বুজায়- কুবেৰৰ পত্নী, চন্দ্ৰৰ জীয়ৰী, শ্ৰীকৃষ্ণৰ পত্নী, এটি পৰ্বত আৰু দেৱী দুৰ্গাৰ এক সংগী।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৯৭ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

হিন্দু ধৰ্মত ভদ্ৰা শব্দটোৱে বহু কেইগৰাকী দেৱ-দেৱীক বুজায়- কুবেৰৰ পত্নী, চন্দ্ৰৰ জীয়ৰী, শ্ৰীকৃষ্ণৰ পত্নী, এটি পৰ্বত১ আৰু দেৱী দুৰ্গাৰ এক সংগী।২৩৪

কুবেৰৰ পত্নী

ভদ্ৰা বা যক্ষী, শ্ববি, ৰিদ্ধি আৰু কুবেৰী হৈছে শুভ বিষয়ক দেৱী, তেওঁক উপদেৱতা কুবেৰৰ পত্নী হিচাপে বৰ্ণনা কৰা হয়। তেওঁ মুৰা নামৰ এটা অসুৰৰ জীয়েক আছিল। ভদ্ৰা আৰু কুবেৰৰ তিনিটা পুত্ৰ সন্তান ক্ৰমে নলকুৱেৰ, মণিগ্ৰভ, আৰু ময়ূৰজা আৰু এগৰাকী জীয়ৰী মিনাক্ষী আছিল। পিছলৈ যেতিয়া লংকা ৰাজ্য ৰাৱণে অধিগ্ৰহণ কৰে তেওঁ স্বামীৰ সৈতে অলকাপুৰীলৈ স্থানান্তৰিত হয়।৫৬৭৮

চন্দ্ৰৰ জীয়ৰী

অন্য এক ব্যাখ্যা অনুসৰি ভদ্ৰা চন্দ্ৰৰ জীয়ৰী আৰু তেওঁৰ বিবাহ উতথ্য নামৰ এটি ঋষিৰ সৈতে হয়। ভগৱান বৰুণ, যি প্ৰথমৰ পৰায়েই ভদ্ৰাৰ প্ৰতি প্ৰেম আসক্ত আছিল তেওঁ উতথ্যক ধৰ্মগুৰুৰ স্থানৰ পৰা অপসাৰণ কৰে আনকি ভদ্ৰাক আনিবলৈ পঠিওৱা নাৰদকো ঘূৰাই পঠিয়াই। এই কথাতে খঙত অগ্নিশৰ্মা হৈ ঋষি উতথ্যই গোটেই সমুদ্ৰৰ পানী পাণ কৰি শেষ কৰে, তথাপিও বৰুণ দেৱতাই ভদ্ৰাক যাবলৈ নিদিয়ে। উতথ্যৰ ইচ্ছাত অৱশেষত বৰুণ হ্ৰদ শুকাই যায় আৰু সাগৰ বৈ যায়। ঋষিয়ে লগতে দেশ আৰু নদী সমূহক সম্বোধন কৰে। লগে লগে সৰস্বতী মৰুভূমিত লুকাই যায় ফলত দেশবোৰ নিৰ্জন আৰু ইয়াৰ মাটি অশুদ্ধ হৈ পৰে। এইদৰে দেশবোৰত সুখ সম্পদ নোহোৱা হৈ পৰাত বৰুণ দেৱতা উপায়ন্তৰ হৈ তেওঁ নিজকে ঋষিৰ ওচৰত সমৰ্পন কৰে আৰু ভদ্ৰাক গতাই দিয়ে। ভদ্ৰাক ঘূৰাই পায় ঋষিয়ে দেশ সমূহৰ লগতে বৰুণ দেৱতাকো কষ্টৰ পৰা মুক্ত কৰি দিয়ে।৯

শ্ৰীকৃষ্ণৰ পত্নী

শাস্ত্ৰ পুৰাণ অনুসৰি ভদ্ৰা, হিন্দু সকলৰ ভগৱান কৃষ্ণৰ আঠ গৰাকী মুখ্য ৰাণীৰ ভিতৰত এগৰাকী। অৰ্থাৎ অষ্টভাৰ্যাৰ এগৰাকী।১০ বিষ্ণুপুৰাণ আৰু হৰিবংশত ভদ্ৰা, ধৃষ্টকেতুৰ জীয়ৰী আৰু কৈকেয়াৰ ৰাজকুমাৰী বুলি উল্লেখ আছে।১১ ভাগৱত পুৰাণে তেওঁক কৈকেয়ী, কৈকেয়া ৰাজ্যৰ ৰাজকুমাৰী বুলি পৰিচয় প্ৰদান কৰিছে। তেওঁ ৰজা ধৃষ্টকেতু আৰু তেওঁৰ পত্নী শ্ৰুতকীৰ্তিৰ কন্যা আছিল। শ্ৰুতকীৰ্তি আছিল কৃষ্ণৰ দেউতাক বাসুদেৱৰ ভনীয়েক। সেই অনুসৰি ভদ্ৰা আছিল শ্ৰীকৃষ্ণৰ পেহীয়েকৰ জীয়েক। ভদ্ৰাৰ পাঁচজন ককায়েকৰ আটাইতকৈ ডাঙৰজন অৰ্থাৎ কুমাৰ সন্তৰ্দনে ভদ্ৰাক শ্ৰীকৃষ্ণলৈ বিয়া দিয়ে।১২১৩ অন্য এক বিৱৰণ মতে শ্ৰীকৃষ্ণই ভদ্ৰাক এক সয়ম্বৰ যোগে লাভ কৰে।১৪ এবাৰ শ্ৰীকৃষ্ণ তেওঁৰ ৰাণী সহিত কুন্তীৰ সন্তান সকল অৰ্থাৎ পাণ্ডৱ আৰু তেওঁলোকৰ সামূহিক পত্নী দ্ৰৌপদীক লগ কৰিবলৈ হস্তিনাপুৰলৈ গৈছিল। কুন্তীৰ নিৰ্দেশত দ্ৰৌপদীয়ে শ্ৰীকৃষ্ণ, ভদ্ৰা আৰু অন্য ৰাণী সকলৰ আলপৈচান ধৰাৰ লগতে উপহাৰ ভেদ কৰিছিল। ভদ্ৰাই দ্ৰৌপদীক শ্ৰীকৃষ্ণই কেনেকৈ তেওঁক পত্নী হিচাপে লাভ কৰিছিল সেই বিষয়ে বৰ্ণাইছিল।১৫১৬

ভাগৱত পুৰাণৰ মতে ভদ্ৰাৰ দহটা পুত্ৰ সন্তান আছিল। তেওঁলোক আছিল- সংগ্ৰামজিৎ, বৃহৎসেনা, সুৰ, প্ৰহৰণ, অৰ্জিৎ, জয়, শুভদ্ৰ, ভম, আয়ুৰ আৰু সাত্যক।১৭১৮ মহাভাৰত আৰু ভাগৱত পুৰাণ অনুসৰি ভদ্ৰাই আন আন ৰাণী সহিত শ্ৰীকৃষ্ণৰ মৃত্যুত নিজ ইচ্ছাৰে চিতাজুইত আত্মজাহ দিয়ে। ভাগৱত পুৰাণত যদিওবা প্ৰতিগৰাকী ৰাণীয়েই আত্মজাহ দিছিল বুলি উল্লেখ আছে, মহাভাৰতৰ মতে কিন্তু ভদ্ৰাৰ সৈতে আৰু আন তিনিগৰাকী ৰাণীয়েহে সতীদাহ পালন কৰিছিল।১৯২০

তথ্যসূত্ৰ

  1. ↑ Gopal, Madan. (1990). India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃ. 75
  2. ↑ 1) Bangala Bhasar Abhidhaan ( Dictionary of the Bengali Language) Shishu Sahitya Samsad Pvt Ltd. 32A, APC Road, Kolakata – 700009, Volume 1, p.151. (ed. 1994)
  3. ↑ Manorama Year Book (Bengali edition)Malyala Manorama Pvt. Ltd., 32A, APC Road, Kolkata- 700 009(ed.2012), p.153
  4. ↑ Archived copy
  5. ↑ Daniélou, Alain (1964). "Kubera, the Lord of Riches". The myths and gods of India. Inner Traditions / Bear & Company. pp. 135–7
  6. ↑ Wilkins, W. J. (1990). Hindu Mythology, Vedic and Puranic. Sacred texts archive. pp. 388–93
  7. ↑ Knapp, Stephen (2005). The Heart of Hinduism: The Eastern Path to Freedom, Empowerment and Illumination. iUniverse. pp. 192–3
  8. ↑ archive.org/details/puranicencyclopa00maniuoft/p
  9. ↑ Dalal, Roshen. (2010). Hinduism: An Alphabetical Guide. Penguin Books India. ISBN 978-0-14-341421-6
  10. ↑ Mani, Vettam. (1975). Puranic Encyclopaedia: a Comprehensive Dictionary with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass Publishers. পৃ. 62. ISBN 978-0-8426-0822-0
  11. ↑ Horace Hayman Wilson. (1870). The Vishńu Puráńa: a system of Hindu mythology and tradition. Trübner. পৃ. 82–3
  12. ↑ Prabhupada. Bhagavata Purana 10.58.56. Bhaktivedanta Book Trust
  13. ↑ Prabhupada. Bhagavata Purana 9.24.38. Bhaktivedanta Book Trust
  14. ↑ Aparna Chatterjee. (December 10, 2007). The Ashta-Bharyas. American Chronicle
  15. ↑ V. R. Ramachandra Dikshitar. (1995). The Purana Index. Motilal Banarsidass. পৃ. 534. ISBN 978-81-208-1273-4
  16. ↑ Prabhupada. Bhagavata Purana 10.71.41-42. Bhaktivedanta Book Trust
  17. ↑ The Genealogical Table of the Family of Krishna. Krsnabook.com
  18. ↑ Prabhupada. Bhagavata Purana 10.61.17. Bhaktivedanta Book Trust
  19. ↑ Kisari Mohan Ganguli. Mahabharata. Sacred-texts.com
  20. ↑ Prabhupada. Bhagavata Purana 11.31.20. Bhaktivedanta Book Trust

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভদ্ৰা” প্ৰবন্ধৰ সংশোধন ৩৮২২৭৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।