অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

সিনীবালী

সিনীবালী (সংস্কৃত: सिनीवाली; ৰোমানীকৃত: Sinīvālī) এগৰাকী বৈদিক দেৱী৷ ঋগবেদৰ দুটা শ্লোক, আৰ.ভি. ২.৩২ আৰু আৰ.ভি. ১০.১৮৪ত সিনীবালীৰ বিষয়ে উল্লেখ কৰা হৈছে। ২.৩২.৭-৮ নং শ্লোকত সিনীবালী বহল নিতম্ব, লাহি হস্ত, লাহি আঙুলিৰ, প্ৰজনন ক্ষমতাসম্পন্ৱ আৰু সহজ জন্মৰ দেৱী বুলি বৰ্ণনা কৰা হৈছে।

হালনাগাদ: ১২ ফেব্ৰুৱাৰী ২০২৫ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

সিনীবালী (সংস্কৃত ভাষা: सिनीवाली; ৰোমানীকৃত: Sinīvālī) এগৰাকী বৈদিক দেৱী৷ ঋগবেদৰ দুটা শ্লোক, আৰ.ভি. ২.৩২ আৰু আৰ.ভি. ১০.১৮৪ত সিনীবালীৰ বিষয়ে উল্লেখ কৰা হৈছে।১ ২.৩২.৭-৮ নং শ্লোকত সিনীবালী বহল নিতম্ব, লাহি হস্ত, লাহি আঙুলিৰ, প্ৰজনন ক্ষমতাসম্পন্ৱ আৰু সহজ জন্মৰ দেৱী বুলি বৰ্ণনা কৰা হৈছে। গংগা, ৰাকা, সৰস্বতী, ইন্দ্ৰাণী আৰু বৰুণানীৰ সৈতে একেলগে তেওঁক আমন্ত্ৰণ কৰা হয়। ১০.১৮৪.২ নং শ্লোকত ভ্ৰুণক গৰ্ভত সংস্থাপন কৰিবলৈ সৰস্বতীৰ সৈতে একেলগে তেওঁক আমন্ত্ৰণ কৰা হয়।২ অথৰ্ববেদৰ ৭.৪৬ নং শ্লোকত তেওঁক বিষ্ণুৰ পত্নী বুলি বৰ্ণনা কৰা হৈছে সেয়েহে তেওঁক লক্ষ্মীৰ শক্তি হিচাপে বৰ্ণিত কৰা হৈছে। লক্ষ্মী দেৱীৰ সহস্ৰানামতো সিনীবালীক অন্যতম নাম হিচাপে উল্লেখ কৰা হৈছে।৩

পিছৰ বৈদিক গ্ৰন্থসমূহত তেওঁক অমাৱস্যাৰ প্ৰতিনিধিত্ব কৰা ৰাকাৰ সৈতে স্থান দিয়া হৈছে।

মহাভাৰতত অংগিৰাৰ এগৰাকী কন্যাৰ লগতে ব্ৰহ্ম পুৰাণত ধত্ৰৰ পত্নী আৰু দৰ্শৰ মাতৃ হিচাপেও সিনীবালীৰ উল্লেখ কৰা হৈছে।৩

তথ্যসূত্ৰ

  1. ↑ Kinsley, David (1987, reprint 2005). Hindu Goddesses: Visions of the Divine Feminine in the Hindu Religious Tradition, Delhi: Motilal Banarsidass,, p.15
  2. ↑ O'Flaherty, Wendy Doniger. (2000). The Rig Veda: An Anthology. Penguin Books. পৃ. 291. ISBN 0-14-044402-5
  3. ↑ www.wisdomlib.org. (2017-05-08). Sinivali, Sinīvālī, Sini-vali, Sinivālī, Shinivali: 15 definitions. www.wisdomlib.org

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিনীবালী” প্ৰবন্ধৰ সংশোধন ৪৭৬৩২২ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।