অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

স্কন্দমাতা

স্কন্দমাতা (स्कंदमाता) হৈছে হিন্দু দেৱী পাৰ্বতীৰ পঞ্চম ৰূপ। তেওঁৰ নামটো 'স্কন্দ'ৰ পৰা আহিছে। যুদ্ধদেৱতা কাৰ্তিকৰ ই এক বিকল্প নাম, আৰু মাতা শব্দৰ অৰ্থ মাতৃ। নৱদুৰ্গাৰ এগৰাকী হিচাপে নৱৰাত্ৰিৰ পঞ্চম দিনা স্কন্দমাতাৰ পূজা অনুষ্ঠিত হয়। দেৱীৰ অৱস্থান বিশুদ্ধ চক্ৰ।

হালনাগাদ: ৬ অক্টোবৰ ২০২৩ ৩৫৬ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

স্কন্দমাতা (स्कंदमाता) হৈছে হিন্দু দেৱী পাৰ্বতীৰ পঞ্চম ৰূপ। তেওঁৰ নামটো 'স্কন্দ'ৰ পৰা আহিছে। যুদ্ধদেৱতা কাৰ্তিকৰ ই এক বিকল্প নাম, আৰু মাতা শব্দৰ অৰ্থ মাতৃ।১২ নৱদুৰ্গাৰ এগৰাকী হিচাপে নৱৰাত্ৰিৰ পঞ্চম দিনা স্কন্দমাতাৰ পূজা অনুষ্ঠিত হয়। দেৱীৰ অৱস্থান বিশুদ্ধ চক্ৰ।

চিত্ৰায়ন

স্কন্দমাতাৰ হাত চাৰিখন, তিনিচকুৰ গৰাকী দেৱীৰ বাহন সিংহ। ৩ তেওঁৰ এখন হাত অভয়মুদ্ৰা ভংগীমাৰে দেখুওৱা হয় আৰু আন এখন হাত নৱজাত পুত্ৰ স্কন্দক কোলাত ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰে। দেৱীৰ বাকী দুখন হাতত সাধাৰণতে পদুমফুল থাকে। দেৱীৰ দেহ পাতল বৰণৰ। দেৱীক প্ৰায়ে পদুমৰ ওপৰত বহি থকা দেখুওৱা হয় বাবে তেওঁক কেতিয়াবা পদ্মাসনী বুলিও কোৱা হয়।

বিশেষত্ব

ভক্ত সকলে বিশ্বাস কৰে যে তেওঁ ভক্তসকলক বিপদৰ পৰা পৰিত্ৰাণ কৰে, শক্তি, সমৃদ্ধি আৰু ঐশ্বৰ্য প্ৰদান কৰে। দেৱীয়ে নিৰক্ষৰ লোকক জ্ঞান প্ৰদান কৰিব পাৰে। নিস্বাৰ্থভাৱে দেৱীৰ প্ৰতি সমৰ্পিত ভক্তই তেওঁৰ জীৱনত সকলো সফলতা আৰু ভাণ্ডাৰ প্ৰাপ্ত কৰে। দেৱীক উপাসনা কৰোঁতে, ভক্তৰ নিজ ইন্দ্ৰিয় আৰু মনৰ ওপৰত পৰম নিয়ন্ত্ৰণ থাকিব লাগে। তেওঁৰ উপাসনা দ্বি আশীৰ্বাদ যুক্ত। যেতিয়া ভক্তই দেৱীক উপাসনা কৰে, দেৱীৰ কোলাত থকা পুত্ৰ স্কন্দ স্বয়ংক্ৰিয়ভাৱে পূজিত হয়।

ভোগ

মন্ত্ৰোচ্চাৰণ কৰি দেৱীক প্ৰসাদ হিচাপে কল আগবঢ়োৱা হয়, পিছত ব্ৰাহ্মণসকলৰ মাজত এই কল বিতৰণ কৰা হয়। দেৱী উপাসনাৰ সময়ত ফল, মিঠাই, ফুল, চাউল আৰু পানী আগবঢ়োৱা হয়। ৰঙা ৰঙৰ ফুল তেওঁৰ প্ৰিয় বুলি বিশ্বাস প্ৰচলিত।৪

কাৰ্ত্তিকৰে সম্পৰ্ক

সুৰাপদমন আৰু তাৰকাসুৰৰ নেতৃত্বত থকা ৰাক্ষস (অসুৰ)ৰ দ্বাৰা দেৱতাসকলৰ ওপৰত চলোৱা যুদ্ধৰ বাবে ভয় আৰু হতাশাৰ সৈতে যুঁজি থকা দেৱতা সকলে সহায়ৰ বাবে ভগৱান বিষ্ণুৰ কাষ চাপিছিল। কেৱল শিৱ আৰু দেৱী পাৰ্বতীৰ সন্তানেহে ধ্বংসৰ অন্ত পেলাব পাৰিব বুলি আশীৰ্বাদ প্ৰাপ্ত অসুৰৰ বিনাশ এনেয়ে সম্ভৱ নাছিল। তীব্ৰ তপস্যাৰ অন্তত দেৱী চন্দ্ৰঘণ্টা ভগৱান শিৱৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। এইদৰে শিৱ-পাৰ্বতীৰ মিলনৰ ফলত সৃষ্টি হোৱা জ্বলন্ত তেজ কঢ়িয়াই অনাৰ প্ৰয়োজন আছিল আৰু অগ্নি দেৱৰ বাবে এই বীজৰ উৰ্জা অসহনীয় আছিল, সেয়েহে এই তেজ চাৰাভানা হ্ৰদলৈ কঢ়িয়াই নিবলৈ দেৱী গংগাক দায়িত্ব প্ৰদান কৰা হৈছিল।৫৬

দেৱী পাৰ্বতীয়ে জ্বলন্ত তেজ প্ৰতিপালন কৰিবলৈ জলাশয়ৰ ৰূপ লয়। এই তেজৰ পৰা কাৰ্ত্তিকৰ জন্ম হয়। তেওঁ ডাঙৰ হৈ এজন সুন্দৰ, বুদ্ধিমান আৰু শক্তিশালী যুৱক হিচাপে অসুৰসকলক পৰাস্ত কৰিবলৈ সেনাবাহিনীক সেনাধ্যক্ষ হিচাপে নেতৃত্ব দিয়ে। মা স্কন্দমাতাক এনেদৰে এজন সৰ্বাধিক প্ৰতিভাশালী শিশুৰ মাতৃ হিচাপে পূজা কৰা হয়।

মন্ত্ৰ

ॐ देवी स्कन्दमातायै नम:

ওঁ দেৱী স্কন্দমাতায়ে নমঃ

ধ্যান মন্ত্ৰ:

सिंहासनगता नित्यं पद्माश्रितकरद्वया. शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी

সিংহাসনগত নিত্যম পদ্মশ্ৰীতকাৰদব্য, শুভাদাস্তু সদা দেৱী স্কন্দমাতা যশস্বিনী

তথ্যসূত্ৰ

  1. ↑ Bhāgīrthaprasāda Tripāṭhī. (2000). Shakti, Shiva, and Yoga. Yagyoga Chetana Pītham. পৃ. 60
  2. ↑ Shanti Lal Nagar. (1998). Indian Gods and Goddesses: Hindu, Jain, and Buddhist Goddesses. B.R. Publishing Corporation. পৃ. 43. ISBN 978-81-7646-497-0
  3. ↑ (October 7, 2016). 9 days, 9 avatars: Goddess Skandamata teaches us to love fiercely. The Times of India
  4. ↑ স্কন্দমাতাৰ ভোগ
  5. ↑ Fred W. Clothey 1978, পৃ. 51
  6. ↑ Fred W. Clothey 1978, পৃ. 54

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্কন্দমাতা” প্ৰবন্ধৰ সংশোধন ৩৮৫৯৯৮ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।