অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কুমাৰী (দেৱী)

কুমাৰী বা কুমাৰী দেৱী বা জীৱন্ত দুৰ্গা হৈছে নেপালকে আদি কৰি এছিয়াৰ ধৰ্মীয় পৰম্পৰাত দৈৱিক নাৰী শক্তি বা দেৱীৰ স্বৰূপ হিচাপে কমবয়সীয়া কুমাৰী ছোৱালীক উপাসনা কৰাৰ পৰম্পৰা।

হালনাগাদ: ২৫ নৱেম্বৰ ২০২৩ ২৯১ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কুমাৰী বা কুমাৰী দেৱী বা জীৱন্ত দুৰ্গা হৈছে নেপালকে আদি কৰি এছিয়াৰ ধৰ্মীয় পৰম্পৰাত দৈৱিক নাৰী শক্তি বা দেৱীৰ স্বৰূপ হিচাপে কমবয়সীয়া কুমাৰী ছোৱালীক উপাসনা কৰাৰ পৰম্পৰা। সংস্কৃত ভাষাত কুমাৰী শব্দৰ অৰ্থ হৈছে "ঋতুমতী নোহোৱা সৰু ছোৱালী।"

নেপালত কুমাৰী বুলিলে নেপালী নৱাৰী বৌদ্ধ সম্প্ৰদায়ৰ শাক্য জাতিৰ পৰা নিৰ্বাচিত এগৰাকী ঋতুমতী নোহোৱা ছোৱালীক বুজা যায়। কুমাৰীক দেশখনৰ হিন্দুসকলৰ একাংশই শ্ৰদ্ধা আৰু উপাসনা কৰে। সমগ্ৰ নেপালত কেইবাগৰাকীও কুমাৰী আছে আৰু কিছুমান চহৰত কুমাৰীৰ সংখ্যা একাধিক। ইয়াৰে মাজত সৰ্বাধিক জনাজাত কুমাৰীগৰাকী হৈছে কাঠমাণ্ডুৰ ৰাজকীয় কুমাৰী আৰু তেওঁ চহৰখনৰ মাজমজিয়াত থকা কুমাৰী ঘৰত বাস কৰে। এইগৰাকী কুমাৰীৰ বাছনি প্ৰক্ৰিয়াটো বিশেষভাৱে কঠোৰ। ২০১৭ চনলৈকে ৰাজকীয় কুমাৰী হৈছে তিনি বছৰ বয়সৰ তৃষ্ণা সিংহা আৰু তেওঁক ২০১৭ চনৰ ছেপ্টেম্বৰত নেপালৰ ৰাজতন্ত্ৰৰ স্থান লোৱা মাওবাদী চৰকাৰে অধিষ্ঠিত কৰিছিল। ২০১৪ চনৰ এপ্ৰিলত পাটনৰ কুমাৰী হিচাপে নিৰ্বাচিত উনিকা বজ্ৰাচাৰ্য হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ জীৱন্ত দেৱীৰ দ্বিতীয়গৰাকী।১২

কাঠমাণ্ডু উপত্যকাত কুমাৰী প্ৰথা এক বিশেষভাৱে প্ৰচলিত। কুমাৰীক দুৰ্গা দেৱীৰ স্বৰূপ তালেজুৰ অৱতাৰ বুলি বিশ্বাস কৰা হয়।৩ যেতিয়া কুমাৰীগৰাকীৰ প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হয় তেতিয়াই দেৱীয়ে তেওঁৰ শৰীৰ ত্যাগ কৰে বুলি বিশ্বাস কৰা হয়। গুৰুতৰ ৰোগ বা আঘাতৰ ফলত অত্যধিক ৰক্তক্ষৰণ হোৱাৰ ফলতো দেৱীয়ে কুমাৰীৰ দেহ ত্যাগ কৰে বুলি বিশ্বাস কৰা হয়।

কুমাৰী পৰম্পৰা কেৱল নেপালৰ কেইখনমান চহৰতেই আছে। ইয়াৰ ভিতৰত আছে কাঠমাণ্ডু, ললিতপুৰ, ভক্তপুৰ, চাংখু আৰু বুঙ্গামতী।৪৫ কুমাৰীৰ বাছনি প্ৰক্ৰিয়া আৰু ভূমিকা চহৰভেদে ভিন্ন হয়।৪

নামকৰণ

জ্ঞানাৰ্ণৱ ৰুদ্ৰায়মালা তন্ত্ৰ আদি হিন্দু শাস্ত্ৰত এগৰাকী কুমাৰীক তেওঁৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন নাম দিয়া হয়:

বয়স (বছৰত)নাম
১সন্ধ্যা
২সৰস্বতী
৩ত্ৰিধামূৰ্তি
৪কালিকা
৫সুভগা
৬পাৰ্বতী/উমা
৭মালিনী
৮কুব্জিকা
৯কালসন্দৰ্ভা
১০অপৰাজিতা
১১ৰূদ্ৰাণী
১২ভৈৰৱী
১৩মহালক্ষ্মী
১৪পীঠনায়িকা
১৫ক্ষেত্ৰজ্ঞা
১৬অম্বিকা

নেপালত কুমাৰীসকলক কেৱল এদিনৰ বাবে উপাসনা কৰা হয়। সাধাৰণতে ঋতুমতী হোৱাৰ কাৰণে ১৬ বছৰৰ অধিক বয়সৰ কন্যা কুমাৰী হ'ব নোৱাৰে। বুঙ্গামতীত কুমাৰী গৰাকী তেওঁৰ প্ৰথম গাখীৰ দাঁত সৰি নোযোৱালৈকে অধিষ্ঠিত হৈ থাকে।৪

পৌৰাণিক উপাখ্যান

শাস্ত্ৰ অনুসৰি কোলাসুৰ বধৰ দ্বাৰা কুমাৰী পূজাৰ উদ্ভৱ হয়। আখ্যান অনুসৰি, কোলাসুৰে এসময়ত স্বৰ্গ-মৰ্ত্য অধিকাৰ কৰাত বাকি বিপন্ন দেৱ গণ মহাকালীৰ শৰণাপন্ন হয়। সেই দেৱতা সকলৰ আহ্বানত দেৱীয়ে কুমাৰী ৰূপে পুনৰজন্ম লয় আৰু কোলাসুৰক বধ কৰে। ইয়াৰ পিছৰে পৰা মৰ্ত্যত কুমাৰী পূজাৰ প্ৰচলন আৰম্ভ হয় বুলি বিশ্বাস কৰা হয়। ৬

বিতৰ্ক

২০০৭ চনৰ ৩ জুলাইত মেৰিলেণ্ডৰ ডাউনটাউন চিলভাৰ স্প্ৰিংত আমেৰিকান ফিল্ম ইনষ্টিটিউট/ডিস্কভাৰী চেনেলৰ তথ্যচিত্ৰ মহোৎসৱ চিলভাৰডক্সত লিভিং গডেছ শীৰ্ষক চলচ্চিত্ৰখনৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমেৰিকা ভ্ৰমণ কৰাৰ পিছত সজনী শাক্যক ভক্তপুৰৰ কুমাৰী পদৰ পৰা বিতাড়িত কৰা হয়। জ্যেষ্ঠ লোকসকলৰ মতে এই ভ্ৰমণে তেওঁৰ বিশুদ্ধতাক কলংকিত কৰিছিল।৭ এই ঘটনাৰ কেইসপ্তাহমানৰ পিছত সজানি শাক্যৰ গৃহচহৰৰ মন্দিৰ কৰ্তৃপক্ষই তেওঁলোকৰ পূৰ্বৰ কয় যে তেওঁ ভ্ৰমণৰ সময়ত কৰা যিকোনো পাপ নাশ কৰিবৰ বাবে "শুদ্ধিকৰণ" অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কুমাৰীগৰাকীয়ে ইচ্ছা প্ৰকাশ কৰাত তেওঁৰ এই পদবী চ্যুত কৰা নহ'ব।৮

তথ্যসূত্ৰ

  1. ↑ Bell, Thomas. (3 November 2006). Goddess status may violate girls' rights, says court. The Telegraph
  2. ↑ Living Goddesses of Nepal – Photo Gallery
  3. ↑ Patron Deity: Taleju Bhawani by Shivendra Thapa, ECS NEPAL, Issue 47, Aug 2010, retrieved 16 December 2020
  4. ↑ Jamuna, Bajracharya. (2020-10-07). Becoming a Kumari was a dream come true. Medium
  5. ↑ Murr, Michael. Michaels WebSite. www.michael-murr.de
  6. ↑ দুলাল ভৌমিক. কুমাৰী পূজা. বাংলাপিডিয়া
  7. ↑ 'Goddess' sacked for visiting US. BBC News. 2007-07-03
  8. ↑ Nepalese 'goddess' is reinstated. BBC News. 2008-07-19

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুমাৰী (দেৱী)” প্ৰবন্ধৰ সংশোধন ৩৯৩২১২ (২৫ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।