জগদম্বা (সংস্কৃত ভাষা: जगदम्बा) হৈছে হিন্দু ধৰ্মীয় পৰম্পৰাত উপাসিত এগৰাকী দেৱী। তেওঁক দেৱী জগদম্বা, জগদম্বা মাতা, জগদম্বিকা বা অম্বা-বাই হিচাপেও নামাংকিত কৰা হয়। জগদম্বা শব্দটিৰ অৰ্থ হৈছে "বিশ্ব মাতৃ"। জগদম্বা অভিধাৰে সচৰাচৰ দূৰ্গা দেৱী(আদি পৰাশক্তি)ক বুজোৱা হয় যদিও আন আন দেৱী যেনে পাৰ্বতী, লক্ষ্মী, সীতা বা ৰাধাক বুজাবলৈও জগদম্বা অভিধা ব্যৱহাৰ কৰা হয়। ১২
পেছৱা মাৰাঠাসকলে জগদম্বাক মা ভৱানীৰ ৰূপত ভক্তি-উপাসনা কৰে। ৩ মহাৰাষ্ট্ৰত অম্বা-বাই নামৰ আন এক অভিধাৰেও মূলচন্দী মহালক্ষ্মী দেৱীক বুজোৱা হয়। ৪ ৰামচৰিত মানস গ্ৰন্থত তুলসীদাসে জগদম্বা অভিধাৰে সীতাক বুজাইছে। ৫৬ ৰামায়ণৰ এক সংস্কৰণত পাৰ্বতীও জগদম্বা নামেৰে বিভূষিতা হৈছে।
ধৰ্মীয় পুথি-পাঁজিত
তুলসীদাসৰ দ্বাৰা কৃত ৰামচৰিতমানস(যি ৰামায়ণৰ এক সংস্কৰণ)ত অঙ্গদে ৰাৱণৰ সৈতে সাক্ষাত হোৱাৰ পিছত এইদৰে কৈছে: (কবিৰ শব্দেৰে অঙ্গদৰ বক্তব্য)
नृप अभिमान मोह बस किंबा। हरि आनिहु सीता जगदंबा॥ अब सुभ कहा सुनहु तुम्ह मोरा। सब अपराध छमिहि प्रभु तोरा॥ सादर जनकसुता करि आगें। एहि बिधि चलहु सकल भय त्यागें॥
এই কবিতাফাঁকিৰ অনুবাদ নিম্নোল্লেখিত ধৰণৰ:
"হে লংকাৰ অধিপতি, অহংকাৰ অথবা যৌন-লালসাত আছন্ন হৈ তুমি জগদম্বা (বিশ্বৰ মাতৃ) আৰু হৰি (ৰাম)ৰ ভাৰ্য্যা সীতাক হৰণ কৰিছা। এতিয়া তোমাৰ হাতত মাথো এটি পথেই আছে, কোনো দ্বিধাবোধ নোহোৱাকৈ শ্ৰী সীতাক তুমি শ্ৰী ৰামৰ ওচৰত পুনৰ সমৰ্পণ কৰাগৈ।"৭৮
কাহিনী
হিন্দু ধৰ্মীয় মহাকাব্য ৰামায়ণৰ বৰ্ণনা অনুসৰি, মূল চৰিত্ৰ ৰামে এদিন এটা পথেৰে ঘূৰি ফুৰোঁতে তাহাকাৰি নামৰ গাঁওখন আহি পায়। চিন্তাক্লিষ্ট মনৰ ৰামে তেওঁৰ মনৰ দুঃচিন্তা কম কৰিবৰ উদ্দেশ্যে পথৰ দাঁতিত ফুলি থকা ফুলৰ গোটাচেৰেক পাহ ছিঙি গোন্ধ ল'বৰ চেষ্টা কৰে। অৱশ্যে তেওঁক যে আকাশৰ পৰা শিৱ আৰু পাৰ্বতীয়ে লক্ষ্য কৰি আছিল সেয়া ৰামৰ দৃষ্টিগোচৰ হোৱাই নাছিল। ৰাম তেওঁৰ মৃত পত্নী সীতাৰ স্মৃতি সুঁৱৰি ক্ৰন্দনৰত আছিল। সেইসময়ত শিৱই পাৰ্বতীক বুজাবলৈ চেষ্টা কৰি আছিল যে ৰাম বাস্তৱিকতেই ভগৱান বিষ্ণুৰ এক অৱতাৰ। কিন্তু পাৰ্বতী শিৱৰ কথাত পতিয়ন যাব পৰা নাছিল আৰু সেয়েই পৰীক্ষা কৰি চাবলৈ থিৰাং কৰিলে। পাৰ্বতীয়ে তেতিয়া সীতাৰ ৰূপ ধাৰণ কৰি আহি শ্ৰীৰামচন্দ্ৰৰ সম্মুখত আহি উপস্থিত হ'ল। শিৱ আৰু ৰামচন্দ্ৰ দুয়োজনেই তৎক্ষণাত ধৰিব পাৰিলে যে সেয়া প্ৰকৃত সীতা নহয়। ছদ্মবেশী পাৰ্বতীৰ সাজ-পোছাক দেখি ৰামচন্দ্ৰই সুধিলে:
"হে মাতৃ, আপুনি পৃথিৱীত মোক দৰ্শন দিবৰ নিমিত্তে অৱতৰণ কৰিলে নেকি?" ৰামে এই কথাষাৰ কওঁতে তেওঁৰ মুখেৰে বিদ্ৰুপৰ হাঁহি বিয়পি পৰিছিল। পাৰ্বতীয়ে অনুধাৱন কৰিলে যে, তেওঁৰ ছদ্মবেশৰ পৰিকল্পনা বিফল হৈছে আৰু ৰামে সকলো বুজি পাইছে। পাৰ্বতীয়ে ততাতৈয়াকৈ সেই ঠাই পৰিত্যাগ কৰিলে, কিয়নো পাৰ্বতীৰ ব্যৰ্থ পৰিকল্পনাক লৈ শিৱৰ বিদ্ৰুপাত্মক ঠাট্টা-মস্কৰা তেওঁৰ বাবে অসহনীয় হৈ পৰিছিল। পৰিশেষত, পাৰ্বতী যেতিয়া স্বৰ্গীয় প্ৰাসাদলৈ প্ৰত্যাৱৰ্তন কৰে, তেতিয়া তেওঁলোকৰ সম্মুখত জগদম্বা মাতা হিচাপে দেখা দিয়ে। ৯
তথ্যসূত্ৰ
- ↑ Chitralekha Singh; Prem Nath. (2001). Lakshmi. Crest Publishing House. পৃ. 4. ISBN 9788124201732
- ↑ Deepak Behl. (25 July 2018). 2-In-1 Biography of God Almighty & Deity Brahma. Partridge Publishing. পৃ. 116. ISBN 9781543703467
- ↑ George, K. M. (1992). Modern Indian Literature, an Anthology: Plays and prose. Sahitya Akademi. ISBN 978-81-7201-783-5
- ↑ Tate, Karen. (2005). Sacred Places of Goddess: 108 Destinations. CCC Publishing. পৃ. 197. ISBN 9781888729177
- ↑ G. N. Das. (1998). Shri Rama: The Man and His Mission. Abhinav Publications. পৃ. 87. ISBN 978-8170173632
- ↑ R. C. Dwivedi. (1994). Gosvāmī Tulasīdāsakr̥ta Śrīrāmacaritamānasa. Motilal Banarsidass. পৃ. 592
- ↑ R. C. Dwivedi. (1994). Gosvāmī Tulasīdāsakr̥ta Śrīrāmacaritamānasa. Motilal Banarsidass. পৃ. 592
- ↑ G. N. Das. (1998). Shri Rama: The Man and His Mission. Abhinav Publications. পৃ. 87. ISBN 978-8170173632
- ↑ Story of the goddess
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জগদম্বা” প্ৰবন্ধৰ সংশোধন ৬০০৪০০ (১৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।