হিন্দুধৰ্মৰ মঠ-মন্দিৰ
১২৪ প্ৰবন্ধ
-
হুদুপৰা থান
হুদুপৰা থান তেজপুৰ চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ কেতেকীবাৰী গাঁৱৰ প্রাকৃতিক পৰিৱেশৰে পৰিপূৰ্ণ এখন আধ্যাত্মিক স্থল। প্ৰৱচন অনুসৰি, বৰ্তমান যি স্থানত নিতৌ নাম কীৰ্ত্তন কৰা হয়, সেই স্থানত এজোপা কেন্দু গছ আছিল, গছ জোপাৰ কাষত প্ৰায়েই হুদু চৰায়ে জিৰণি লৈছিল। গছ জোপাৰ তলত যথেষ্ট কেঁচুমতা হৈছিল।
-
ৰাজাৰাণী মন্দিৰ
ৰাজাৰাণী মন্দিৰ হৈছে ভাৰতৰ ওড়িশা (পূৰ্বতে উৰিষ্যা)ৰ ৰাজধানী চহৰ ভুৱনেশ্বৰত অৱস্থিত খ্ৰীষ্টীয় একাদশ শতিকাৰ হিন্দু মন্দিৰ। ভগৱান শিৱৰ প্ৰতি নিষ্ঠাবান বুলি বিশ্বাস কৰা এই মন্দিৰটোক ৰাজা ৰাণী বুলি কোৱা হয় কাৰণ ইয়াক হালধীয়া আৰু ৰঙা বালিচৰেৰে তৈয়াৰ কৰা হয় আৰু ৰং দুটাক স্থানীয়ভাৱে ‘ৰাজা ৰাণী’ বুলি…
-
ৰুদ্ৰেশ্বৰ দেৱালয়
ৰুদ্ৰেশ্বৰ দেৱালয় বা ৰুদ্ৰেশ্বৰ মন্দিৰ অসমৰ উত্তৰ গুৱাহাটীত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উছৰ্গিত এখন মন্দিৰ। ই ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰৰ ৰুদ্ৰেশ্বৰ গাঁৱত অৱস্থিত। আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে ১৭৪৯ খ্ৰীষ্টাব্দত তেওঁৰ পিতৃ স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ স্মৃতিত এই মন্দিৰ নিৰ্মাণ কৰাইছিল।
-
উগ্ৰতাৰা দেৱালয়
উগ্ৰতাৰা দেৱালয় গুৱাহাটীৰ লতাশিল অঞ্চলত অৱস্থিত দশ মহাবিদ্যাৰ দ্বিতীয় দেৱী তাৰাৰ উগ্ৰ স্বৰূপ উগ্ৰতাৰাৰ নামত উৎসৰ্গিত মন্দিৰ। এই মন্দিৰৰ পিছফালে যোৰপুখুৰী নামৰ এটা পুখুৰী আছে। গুৱাহাটীৰ পঞ্চতীৰ্থৰ অন্যতম উগ্ৰতাৰা দেৱালয় গুৰুত্বপূৰ্ণ শক্তিপীঠ।
-
কাশী বিশ্বনাথ মন্দিৰ
কাশী বিশ্বনাথ মন্দিৰ ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এটা গুৰুত্বপূৰ্ণ হিন্দু মন্দিৰ। ই ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ বাৰাণসী চহৰৰ বিশ্বনাথ গলিত অৱস্থিত। এই মন্দিৰটো দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম আৰু এক প্ৰধান হিন্দু তীৰ্থস্থান।
-
কেতেকেশ্বৰ দেৱালয়
তেজপুৰ নগৰৰ আন এক পবিত্ৰ স্থান হৈছে "কেতেকেশ্বৰ" বা স্থানীয় ৰাইজৰ পৰিচিত "থিয় শিলা"। তেজপুৰৰ পৰা প্ৰায় ২ কি:মি: উত্তৰে কেতেকীবাৰীৰ বাঁহবাৰী এখনত পোত গৈ আছে বিশ্বৰ বৃহত্তম শিৱ লিংগ বুলি ঠাৱৰ কৰা কেতেকেশ্বৰ। এয়া গুপ্ত যুগৰে নিদৰ্শন বুলি অনুমান কৰা হয়।
-
গুপ্তেশ্বৰ দেৱালয়
গুপ্তেশ্বৰ দেৱালয় বা গুপ্তেশ্বৰ মন্দিৰ (Gupteswar Temple) হৈছে অসমৰ শোণিতপুৰ জিলাৰ পশ্চিম প্ৰান্তত ঢেকীয়াজুলি চহৰৰ অৱস্থিত হিন্দু ধৰ্মৰ এক দেৱালয়। এই দেৱালয় শিঙৰী মন্দিৰ হিচাপেও জনা যায়, কালিকা পুৰাণটো শৃংগটক নামেৰে ইয়াৰ উল্লেখ আছে।
-
টুক্ৰেশ্বৰী দেৱালয়
টুক্ৰেশ্বৰী দেৱালয় হৈছে গোৱালপাৰা চহৰৰ পৰা প্ৰায় ২৪ কিলোমিটাৰ দক্ষিণ-পূৱত টুক্ৰেশ্বৰী পাহাৰত অৱস্থিত এখন দেৱালয়।
-
তিৰুপতি মন্দিৰ
তিৰুপতি মন্দিৰ ভাৰতৰ অন্যতম হিন্দু তীৰ্থ। চেন্নাইৰ পৰা প্ৰায় ১০৮ কিল’মিটাৰ উত্তৰ-পশ্চিমত, পালক’ণ্ডা (ইংৰাজী: Palkonda) পাৰ্বত্যাঞ্চলত তিৰুপতি মন্দিৰ অৱস্থিত। তিৰুপতিক হিন্দু দেৱতা ভেংকটেশ্বৰৰ আবাসভূমি বুলি জনা যায়।
-
নেঘেৰিটিং শিৱদৌল
নেঘেৰিটিং শিৱদৌল অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁও নগৰৰ পৰা পূৱফালে ছয় কিঃমিঃ মান আঁতৰত সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত। নেঘেৰিটিং শিৱদৌলটো দুশ বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা হৈছে।
-
পাগলবাবা আশ্ৰম, বৃন্দাবন
পাগলবাবা আশ্ৰম, বৃন্দাবন (বা শ্ৰী পাগল বাবা মন্দিৰ) হ’ল উত্তৰ প্ৰদেশৰ বৃন্দাবনৰ মথুৰা–বৃন্দাবন পথৰ লিলাধাম অংশত অৱস্থিত এটা প্ৰসিদ্ধ হিন্দু আশ্ৰম বা মন্দিৰ। এই স্থানটো ভক্তসকলৰ মাজত পাগলবাবা মন্দিৰ নামেৰে জনাজাত। ই গীতা মন্দিৰ আৰু গ্লাছ টেম্পলৰ কাষত অৱস্থিত।
-
বিল্বেশ্বৰ দেৱালয়
বিল্বেশ্বৰ দেৱালয় অসমৰ নলবাৰী জিলাৰ এটা অতি পুৰণি মন্দিৰ। নলবাৰী চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পশ্চিমৰ বেলশৰত শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয় অৱস্থিত। এই দেৱালয়ৰ মাটিৰ পৰিমাণ ৫,২৮০ বিঘা ১৪ লেচা। বৰ্তমান ইয়াৰ মাটিত বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান গঢ়ি উঠিছে।
-
বুঢ়ীগোঁসানী দেৱালয়
বুঢ়ীগোঁসানী দেৱালয় যোৰহাট নগৰৰ মাজমজিয়াত গড় আলিৰ পূবে অৱস্থিত এক শাক্ত মন্দিৰ। ১৭০৮ চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰাজ্যৰ পৰা গোঁসানীৰ বিগ্ৰহ আনি গড়গাঁৱত স্থাপন কৰিছিল।
-
মহান জীৱন্ত চোল মন্দিৰসমূহ
মহান চোল মন্দিৰসমূহ (Great Living Chola Temples) চোল সম্ৰাটসকলৰ দ্বাৰা নিৰ্মিত। এইসমূহ সমগ্ৰ দক্ষিণ ভাৰত আৰু তাৰ প্ৰতিৱেশী দ্বীপসমূহত সিঁচৰিত হৈ আছে৷ এই সাংস্কৃতিক ঐতিহ্যবাহী স্থানটিত একাদশ আৰু দ্বাদশ শতাব্দীত নিৰ্মিত তিনটি বৃহদাকাৰ মন্দিৰ অন্তৰ্ভুক্ত হৈছে।
-
মহামায়া ধাম
মহামায়া ধাম অসমৰ কোকৰাঝাৰ জিলাৰ পৰ্বতযোৰা মহকুমাৰ বগৰীবাৰীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। মহামায়া দেৱীলৈ সমৰ্পিত দেই মন্দিৰ উল্লেখযোগ্য শক্তি পীঠ হিচাপে গণ্য কৰা হয়। মহালয়া দেৱী পাৰ্বতী, দুৰ্গা, কালি, কামাখ্যা আদি দেৱীৰে অন্য ৰূপ।
-
মুক্তেশ্বৰ মন্দিৰ
মুক্তেশ্বৰ মন্দিৰ ভাৰতৰ ওড়িশাৰ ভুৱনেশ্বৰত অৱস্থিত দশম শতিকাৰ শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ। এই মন্দিৰটো ৯৫০–৯৭৫ খ্ৰীষ্টাব্দৰ আৰু ই ওড়িশাৰ হিন্দু মন্দিৰৰ বিকাশৰ অধ্যয়নত এক গুৰুত্বপূৰ্ণ স্মৃতিসৌধ।
-
যমুনোত্ৰী মন্দিৰ
যমুনোত্ৰী মন্দিৰ (Yamunotri Temple) ভাৰতৰ উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ৩,২৯১ মিটাৰ (১০,৭৯৭ ফুট) উচ্চতাত গড়োৱাল হিমালয়ৰ পশ্চিম অঞ্চলত অৱস্থিত। মূল জিলা সদৰ উত্তৰকাশীৰ পৰা মাত্ৰ ১২৯ কিলোমিটাৰ দূৰত। মন্দিৰটো যমুনা দেৱীৰ নামত উৎসৰ্গিত, আৰু ইয়াত দেৱীৰ ক’লা মাৰ্বলৰ মূৰ্তি আছে।
-
লংকেশ্বৰ দেৱালয়
লংকেশ্বৰ দেৱালয় ( Lankeshwar Temple) কামৰূপ জিলাত অৱস্থিত অসমৰ অন্যতম এক শিৱ উপাসনাৰ থলী। গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ পৰা প্ৰায় ৫ কিল’মিটাৰ পশ্চিমত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে মন্দিৰটোৰ অৱস্থিতি। জালুকবাৰী পাহাৰত অৱস্থিত মন্দিৰটোৰ নামেৰেই ঠাইখনৰ নামো লংকেশ্বৰ হৈছে।
-
হাৰ্হি দেৱালয়
হাৰ্হি দেৱালয় অসমৰ লখিমপুৰ জিলাৰ অন্তৰ্গত ঢকুৱাখানা চহৰৰ পৰা প্ৰায় চাৰি কিঃমিঃ উত্তৰ-পূবে হাৰ্হি নদীৰ পাৰত অৱস্থিত এক দেৱালয়। ঢকুৱাখানত প্ৰচলিত জনশ্ৰুতি অনুসৰি হাৰ্হি শব্দটো পূৰ্বে সাৰ্হি আছিল।
-
ৰাধা বল্লভ মন্দিৰ, বৃন্দাবন
শ্ৰী ৰাধা বল্লভ মন্দিৰ (Shri Radha Vallabh Temple) ভাৰতৰ উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ বৃন্দাবন চহৰত অৱস্থিত এটি ঐতিহাসিক মন্দিৰ। এই মন্দিৰটোক শ্ৰী ৰাধা বল্লভলাল জী মন্দিৰ বুলিও কোৱা হয়। এই মন্দিৰটো হিন্দুধৰ্মৰ দেৱ-দেৱী ৰাধা কৃষ্ণৰ প্ৰতি উৎসৰ্গিত। এই মন্দিৰটো ৰাধা বল্লভ সম্প্ৰদায়ৰ প্ৰধান উপাসনাস্থলী।
-
ৰুদ্ৰপদ দেৱালয়
ৰুদ্ৰপদ দেৱালয় তেজপুৰ চহৰৰ উত্তৰ দিশত, ব্ৰহ্মপুত্ৰ নদীৰ গাতে লাগি থকা পাহাৰৰ ওপৰত অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। লোকবিশ্বাস অনুসৰি ভগৱান শিৱই তেওঁৰ বাওঁভৰিৰ এটা চাপ মন্দিৰৰ শিলাখণ্ড এটুকুৰাত এৰি থৈ গৈছে।
-
কৈলাশ মন্দিৰ, ইলোৰা
কৈলাশ বা কৈলাশনাথ (Kailashanatha, Kailasa) মন্দিৰ হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাৰ সম্ভাজী নগৰৰ সমীপৱৰ্তী ইলোৰা গুহাত থকা শিলত কটা হিন্দু মন্দিৰৰ ভিতৰত সবাতোকৈ ডাঙৰ মন্দিৰ।
-
কোট্টানকুলংগাৰা দেৱী মন্দিৰ
কোট্টানকুলংগাৰা দেৱী মন্দিৰ ভাৰতৰ কেৰালা ৰাজ্যৰ চাভাৰা গাঁৱত অৱস্থিত এখন পৰম্পৰাগত হিন্দু মন্দিৰ। এই পবিত্ৰ স্থানখন শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা ভগৱতী বা আদি শক্তিলৈ উচৰ্গিত।
-
খাটু শ্যাম মন্দিৰ
খাটু শ্যাম জী মন্দিৰ (Khatu Shyam Temple) ভাৰতৰ ৰাজস্থানৰ সীকৰ জিলাৰ অন্তৰ্গত খাটু গাঁৱত অৱস্থিত এটি প্ৰসিদ্ধ হিন্দু মন্দিৰ। এই মন্দিৰটো মহাভাৰতৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ বৰ্বৰিকক উৎসৰ্গিত কৰা হৈছে, যিয়ে ভগৱান শ্ৰীকৃষ্ণৰ পৰা কলিযুগত শ্যাম নামেৰে পূজিত হোৱাৰ আশীৰ্বাদ লাভ কৰিছিল।
-
চেন্নাকেশৱ মন্দিৰ, বেলুৰ
চেন্নাকেশৱ মন্দিৰ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ হাছান জিলাত অৱস্থিত দ্বাদশ শতিকাৰ এটা হিন্দু মন্দিৰ। ভগৱান বিষ্ণুৰ প্ৰতি সমৰ্পিত এই মন্দিৰ বেলুৰৰ কেশৱ বা বিজয়নাৰায়ণ মন্দিৰ বুলিও কোৱা হয়। ১১১৭ খ্ৰীষ্টাব্দত হয়চাল সাম্ৰাজ্যৰ প্ৰাচীন ৰাজধানী বেলুৰৰ য়গাচী নদীৰ পাৰত ৰজা বিষ্ণুবৰ্ধনে ইয়াক নিৰ্মাণ কৰাইছিল।
-
ছত্ৰাকাৰ দেৱালয়
ছত্ৰাকাৰ দেৱালয় (Chatrakar Devalaya) অসমৰ গুৱাহাটীৰ উজান বজাৰত অৱস্থিত মন্দিৰ। এই দেৱালয় আহোম যুগত স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ লগতে অৱস্থিত মংগলচণ্ডী দেৱীৰ মন্দিৰটো কলীয়া ভোমোৰা বৰফুকনে নিৰ্মাণ কৰাইছিল।
-
ছোটা চাৰ ধাম
ছোটা চৰ ধাম (Chota Char Dham) বা ছোটা চাৰি ধাম (আক্ষৰিক অৰ্থত 'সৰু চাৰিটা স্থান' বা 'চাৰিটা বাসস্থান/ স্থানৰ সৰু পৰিক্ৰমা') ভাৰতীয় হিমালয়ৰ উত্তৰাখণ্ডৰ এটা গুৰুত্বপূৰ্ণ আধুনিক হিন্দু তীৰ্থস্থান।
-
জ্বালামুখী মন্দিৰ
জ্বালামুখী মন্দিৰ উত্তৰ ভাৰতত অৱস্থিত এটি বিখ্যাত শক্তিপীঠ। হিমাচল প্ৰদেশৰ কাংৰাৰ সমীপবৰ্তী জ্বালামুখী নামে চহৰত অৱস্থিত এই মন্দিৰ ভাৰতৰ একাৱন্নটা শক্তিপীঠৰ অন্যতম। ভগৱান বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে খণ্ডিত কৰা দেৱী সতীৰ জিভা ইয়াত পৰিছিল বুলি প্ৰচলিত বিশ্বাস আছে।
-
টিলিঙা মন্দিৰ
টিলিঙা মন্দিৰ তিনিচুকীয়া জিলাৰ বৰডুবি নামৰ ঠাইত অৱস্থিত। দুলীয়াজানৰপৰা এই মন্দিৰলৈ ১০ কিলোমিটাৰ আৰু তিনিচুকীয়া নগৰৰপৰা ২৫ কিলোমিটাৰ দূৰত্ব। এই মন্দিৰটো শিৱপূজাৰ পীঠস্থানৰ দৰে হৈ পৰিছে।
-
ঢাকেশ্বৰী জাতীয় মন্দিৰ
ঢাকেশ্বৰী ৰাষ্ট্ৰীয় মন্দিৰ (ঢাকেশ্বৰী জাতীয় মন্দিৰ) বাংলাদেশৰ পুৰণি ঢাকাত অৱস্থিত এটা হিন্দু মন্দিৰ। ই ৰাজ্যিক মালিকানাধীন, যাৰ ফলত ই বাংলাদেশৰ 'ৰাষ্ট্ৰীয় মন্দিৰৰ স্বীকৃতি লাভ কৰিছে।