অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

টিলিঙা মন্দিৰ

টিলিঙা মন্দিৰ তিনিচুকীয়া জিলাৰ বৰডুবি নামৰ ঠাইত অৱস্থিত। দুলীয়াজানৰপৰা এই মন্দিৰলৈ ১০ কিলোমিটাৰ আৰু তিনিচুকীয়া নগৰৰপৰা ২৫ কিলোমিটাৰ দূৰত্ব। এই মন্দিৰটো শিৱপূজাৰ পীঠস্থানৰ দৰে হৈ পৰিছে।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৬ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

টিলিঙা মন্দিৰ তিনিচুকীয়া জিলাৰ বৰডুবি নামৰ ঠাইত অৱস্থিত।১ দুলীয়াজানৰপৰা এই মন্দিৰলৈ ১০ কিলোমিটাৰ আৰু তিনিচুকীয়া নগৰৰপৰা ২৫ কিলোমিটাৰ দূৰত্ব। এই মন্দিৰটো শিৱপূজাৰ পীঠস্থানৰ দৰে হৈ পৰিছে। হাজাৰ হাজাৰ কাঁহ, পিতল, তাম আৰু ব্ৰঞ্জৰ টিলিঙা বা ঘণ্টা ওলোমাই ৰখা গছ এডালক কেন্দ্ৰ কৰি এই মন্দিৰটো সাজি উলিওৱা হৈছে। অৱশ্যে মন্দিৰ চৌহদতো অলেখ ঘণ্টাৰ স্তুপ দেখা যায়।

বিশ্বাস

টিলিঙা মন্দিৰৰ সতে এক বিশ্বাস জড়িত হৈ আছে। শিৱভক্তসকলে বিশ্বাস কৰে যে, এই মন্দিৰত এটা টিলিঙা বা ঘণ্টা দান কৰি ভগৱান শিৱৰ ওপৰত আস্থা ৰাখি যি কামনা কৰে তাৰ নিশ্চিত ফলপ্ৰাপ্তি ঘটে। এই মন্দিৰৰ বৰ গছজোপাত ভক্তই টিলিঙা একে উশাহতে বান্ধিলে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি লোক-বিশ্বাস আছে; সেয়ে এই মন্দিৰৰ নাম টিলিঙা মন্দিৰ নামেৰে জনাজাত।১ বৰগছজোপাৰ ডালত ভক্তই টিলিঙা বান্ধে আৰু গছজোপাৰ গুৰিত ৰঙাসূতা একে উশাহতে বান্ধে। প্ৰবাদ আছে যে, যি মনোবাঞ্ছা লৈ ভক্তই টিলিঙা বান্ধি থৈ আহে সেই মনোবাঞ্ছা সিদ্ধি হোৱাৰ পাছত পুনৰ সেই মন্দিৰলৈ গৈ সূতা আৰু টিলিঙা সোলোকাই থৈ আহিব লাগে। গা-গছডাল সূতাৰে আৰু ডালবোৰ টিলিঙাৰে নধৰা হৈ পৰিছে।২

ইতিহাস

টিলিঙা মন্দিৰৰ ইতিহাস বৰ বেছি পুৰণি নহয়। অৰ্থাৎ মন্দিৰটোক প্ৰাচীন কালৰ বুলি ক'ব নোৱাৰি। ১৯৬৫ চনতহে মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছিল।৩ যিজোপা বটগছক কেন্দ্ৰ কৰি টিলিঙা মন্দিৰ আছে, সেইজোপা গছৰ তলত উল্লিখিত চনৰ কোনো এটা দিনত এজন চাহ শ্ৰমিকে মাটিৰ পৰা ওলাই থকা শিৱলিংগ এটা প্ৰত্যক্ষ কৰে। বনুৱাজনে শিৱলিংগটো দেখা পোৱাৰ লগে লগে এই বিষয়ে চাহ বাগিচা কৰ্তৃপক্ষক অৱগত কৰে। বাগিচা কৰ্তৃপক্ষই উক্ত স্থানত এটা মন্দিৰ সাজিবৰ বাবে সিদ্ধান্ত লয় আৰু হাতে-কামে আগবাঢ়ে। এনেকৈয়ে টিলিঙা মন্দিৰ নিৰ্মাণ কৰা হৈছিল।

দিন বাগৰাৰ লগে লগে মন্দিৰটোলৈ শিৱভক্তৰ আগমন ঘটিবলৈ ধৰে। সাধাৰণতে এই মন্দিৰলৈ অহা ভক্তসকলে প্ৰাৰ্থনা কৰে মনোবাঞ্ছা পূৰণৰ বাবে। মনোবাঞ্ছা পূৰ্ণ হ'লে পুনৰ আহি ভগৱান শিৱৰ নামত টিলিঙা দান কৰেহি। অৱশ্যে কিছু কিছু ভক্তই একেবাৰেই টিলিঙা দান দি যায়। ভক্তসকলে দান কৰা টিলিঙাৰ সংখ্যা ইমান বেছি যে, সেইসমূহ স্তূপীকৃত কৰি ৰাখিবলগীয়া হৈছে। ৫০ গ্ৰাম ওজনৰ পৰা ৫০ কিলোগ্ৰাম ওজনৰ টিলিঙালৈকে ভক্তই দান কৰি আহিছে। কিছুলোকে পাৰ চৰাই উৰুৱাই দিয়ো মনোবাঞ্ছা পূৰণৰ বাবে ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা জনায়।

যাতায়তৰ সুচলতাৰ বাবে আৰু শিৱৰ প্ৰতি থকা বিশ্বাসৰ বাবে দৈনিক যথেষ্টসংখ্যক ভক্ত আহি টিলিঙা মন্দিৰ দৰ্শন কৰি যায়হি। এই মন্দিৰত বিবাহ সম্পন্ন কৰাৰ ব্যৱস্থাও আছে। গীতে-মাতেও টিলিঙা মন্দিৰৰ বিষয়ে উল্লেখ পোৱা যায়।

তথ্যসূত্ৰ

  1. ↑ টিলিঙা মন্দিৰ. mygov.in
  2. ↑ (২৯ ছেপ্টেম্বৰ ২০১৫). The sheer volume of bells at Tilinga Mandir in Tinsukia district will have you believe that wishes do come true here. ইণ্ডিয়া টুডে
  3. ↑ (২৯ মে'২০১৯). Bell Temple Assam - Tilinga Mandir. eSamskriti

সম্পৰ্কিত শ্ৰেণী

অসমৰ ধৰ্মীয় স্থানহিন্দুধৰ্মৰ মঠ-মন্দিৰতিনিচুকীয়া জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিলিঙা মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬০২১ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।