অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কোট্টানকুলংগাৰা দেৱী মন্দিৰ

কোট্টানকুলংগাৰা দেৱী মন্দিৰ ভাৰতৰ কেৰালা ৰাজ্যৰ চাভাৰা গাঁৱত অৱস্থিত এখন পৰম্পৰাগত হিন্দু মন্দিৰ। এই পবিত্ৰ স্থানখন শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা ভগৱতী বা আদি শক্তিলৈ উচৰ্গিত।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৬ ৪৪৮ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ
মন্দিৰৰ সন্মুখৰ ভাগ
মন্দিৰৰ সন্মুখৰ ভাগছবি: Gangadharan Pillai · CC BY-SA 3.0
মন্দিৰত প্ৰৱেশ কৰা ভক্তসকল
মন্দিৰত প্ৰৱেশ কৰা ভক্তসকলছবি: Gangadharan Pillai · CC BY-SA 3.0

কোট্টানকুলংগাৰা দেৱী মন্দিৰ ভাৰতৰ কেৰালা ৰাজ্যৰ চাভাৰা গাঁৱত অৱস্থিত এখন পৰম্পৰাগত হিন্দু মন্দিৰ। এই পবিত্ৰ স্থানখন শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা ভগৱতী বা আদি শক্তিলৈ উচৰ্গিত।১২৩৪

প্ৰাচীন ইতিহাস

যি ঠাইত বৰ্তমান মন্দিৰটো অৱস্থিত, সেই ঠাইখন এসময়ত এখন ঘন অৰণ্যৰ অংশ আছিল। ই গছ-গছনি আৰু লতাৰে আবৃত এক শান্ত এলেকা আছিল। এই ভূমিখণ্ডৰ উত্তৰ-পশ্চিম কোণত 'ভূতকুলাম' নামৰ এটা সৰু গভীৰ পুখুৰী আছিল। স্থানীয় লোকসকলে বিশ্বাস কৰিছিল যে সেই পুখুৰীটো বিষাক্ত সাপৰ বাসস্থান আছিল। ইয়াৰ পূব দিশত আন এখন বিশাল গভীৰ পুখুৰী আছিল। বৰষুণৰ দিনত তাৰ পৰা এটি জুৰি বৈ আহিছিল। এই জুৰিটোৱে আশে-পাশে থকা অঞ্চলটোক অতি উৰ্বৰ আৰু খেতিৰ উপযোগী কৰি তুলিছিল। যিহেতু এই ঠাইখন ঘাঁহ আৰু পবিত্ৰ পানীৰে ভৰি আছিল, সেয়েহে ওচৰ-চুবুৰীয়া অঞ্চলৰ গৰখীয়া ল'ৰাবোৰে নিজৰ গৰু-ম'হ লৈ তাত সমবেত হৈছিল।৫

লোককথা বা কিংবদন্তি

প্ৰচলিত লোককথা অনুসৰি, এদিন এদল গৰখীয়াই এই ঠাইৰ পৰা এটা নৰিকল পালে। তেওঁলোকে ভূতকুলামৰ দক্ষিণ অংশত এটা আচৰিত শিল দেখিবলৈ পালে। যেতিয়া তেওঁলোকে নৰিকলটোৰ বাকলি গুচাবলৈ সেই শিলটোৰ ওপৰত জোৰেৰে আছাৰ মাৰিলে, তেতিয়া তেওঁলোকে দেখিলে যে শিলটোৰ পৰা তেজৰ টোপাল ওলাইছে। তেওঁলোকে এই আচৰিত ঘটনাটো গাঁৱৰ জ্যেষ্ঠসকলক জনালে। জ্যোতিষীয়ে গণনা কৰি ক'লে যে সেই শিলটোত অলৌকিক ঐশ্বৰিক শক্তি আছে। গতিকে তাত এটা মন্দিৰ সাজি লগে লগে পূজা আৰম্ভ কৰিব লাগে। জ্যেষ্ঠ আৰু গৰখীয়াসকলে খুঁটি, গছৰ পাত আৰু নৰিকল গছৰ কোমল পাতেৰে এটা অস্থায়ী মন্দিৰ সাজিলে। পুৰণি কালত পৰম্পৰা আছিল যে কুদুম্বা মন্দিৰসমূহত সৰু সৰু ছোৱালীবোৰে ফুলৰ মালা গাঁথিছিল আৰু পূজাৰ চাকি জ্বলাইছিল। এই পৰম্পৰাক সন্মান জনাই গৰখীয়া ল'ৰাবোৰে ছোৱালীৰ দৰে পোছাক বা স্ত্ৰী-ৰূপ ধাৰণ কৰি মন্দিৰত পূজা অৰ্চনা কৰিবলৈ ল'লে। নৰিকলৰ শাহৰ পৰা তৈয়াৰী গাখীৰ গৰম কৰি ঔষধি তেল উলিওৱা হৈছিল আৰু তাৰ কঠিন অৱশিষ্ট অংশ (কোট্টান) দেৱীৰ চৰণত নৈবেদ্য হিচাপে আগবঢ়োৱা হৈছিল। ইয়াৰ পৰাই মন্দিৰটোৰ নাম কোট্টানকুলংগাৰা হয়।৫৬

উৎসৱসমূহ

চমায়াভিলাক্কু

কোট্টাংকুলাঙ্গাৰা উৎসৱ বা কোট্টানকুলংগাৰা চমায়াভিলাক্কু হৈছে মন্দিৰৰ আটাইতকৈ বিখ্যাত বাৰ্ষিক উৎসৱ। এই উৎসৱত সমগ্ৰ ৰাজ্যৰ লগতে বৰ্তমান বহিঃৰাজ্যৰ পৰাও পুৰুষসকলে মহিলাৰ দৰে সুন্দৰ সাজ-পোছাক পিন্ধি মন্দিৰলৈ আহে। এই স্ত্ৰী-ৰূপ ধাৰণ কৰাটো এক পুৰণি ধৰ্মীয় পৰম্পৰা। ৰাতি তেওঁলোকে পৰম্পৰাগত চাকি হাতত লৈ বাদ্য-যন্ত্ৰৰ সংগতত সমদল কৰি মন্দিৰ পৰিক্ৰমা কৰে। দেৱীৰ আশীৰ্বাদ ল'বলৈ হাজাৰ হাজাৰ ভক্তই ইয়ালৈ ঢাপলি মেলে।৭৮৯

কুৰুথোলা ৰভা

মন্দিৰৰ উৎপত্তি আৰু লোককথা চিৰস্মৰণীয় কৰি ৰাখিবলৈ প্ৰতি বছৰে গছৰ পাতেৰে এটা প্ৰাচীন মন্দিৰৰ আৰ্হি সজা হয়। দেৱীৰ যাত্ৰাৰ সময়ত ভক্তসকলে কুঞ্জালুম্মুডুৰ পৰা আৰাত্তুকাডাভুলৈ দীঘলীয়া শাৰী পাতি থিয় হয়। এই আধ্যাত্মিক শোভাযাত্ৰা দৰ্শন কৰি ভক্তসকলে অপাৰ মানসিক আনন্দ লাভ কৰে। তেওঁলোকে বিশ্বাস কৰে যে এই পবিত্ৰ দৃশ্যই তেওঁলোকক জীৱনৰ অজান বিপদ আৰু দুখ-কষ্টৰ পৰা পৰিত্ৰাণ পাবলৈ সহায় কৰিব।

জীৱথা এঝুন্নালাথু

জীৱথা এঝুন্নালাথু অনুষ্ঠান ঘাইকৈ কেৰালাৰ দেৱী মন্দিৰসমূহত পালন কৰা হয়। পৰম্পৰাগত পোছাক পিন্ধি আৰু কঁকালত তথা মূৰত গামোচা টানকৈ বান্ধি শিল্পীসকলে কান্ধত 'জীৱথা' (দেৱীৰ আসন বা বিগ্ৰহ) কঢ়িয়াই নিয়ে। তেওঁলোকে ইয়াৰ সৈতে এক বিশেষ ছন্দময় নৃত্য পৰিৱেশন কৰে। বিশ্বাস কৰা হয় যে এই উৎসৱত দেৱীয়ে নিজেই তেওঁৰ ভক্তসকলৰ ঘৰলৈ যায় আৰু ভক্তসকলে দেৱীৰ আশীৰ্বাদ ল'বলৈ নৈবেদ্য আগবঢ়ায়।

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Kottankulangara Chamayavilakku - a festival for men as ladies · Kerala Unique Festivals. Kerala Tourism
  2. ↑ ... Kottankulangara Devi Temple
  3. ↑ ... Chamayavilakku ...
  4. ↑ ... "Kottankulangara Chamayavilakku" ...
  5. ↑ Temple History. Kottankulangara Temple
  6. ↑ Sri Bhagavati-Devi: Goddess of Crossdressing
  7. ↑ Temple Festival. Kottankulangara Temple
  8. ↑ Kerala temple: Where the lady with the lamp is a man. NDTV
  9. ↑ Kottankulangara Chamayavilakku. Kerala Festival Wiki

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ মঠ-মন্দিৰকেৰালা পৰ্যটনএলজিবিটি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোট্টানকুলংগাৰা দেৱী মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬০২৯ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।