অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

খাটু শ্যাম মন্দিৰ

খাটু শ্যাম জী মন্দিৰ (Khatu Shyam Temple) ভাৰতৰ ৰাজস্থানৰ সীকৰ জিলাৰ অন্তৰ্গত খাটু গাঁৱত অৱস্থিত এটি প্ৰসিদ্ধ হিন্দু মন্দিৰ। এই মন্দিৰটো মহাভাৰতৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ বৰ্বৰিকক উৎসৰ্গিত কৰা হৈছে, যিয়ে ভগৱান শ্ৰীকৃষ্ণৰ পৰা কলিযুগত শ্যাম নামেৰে পূজিত হোৱাৰ আশীৰ্বাদ লাভ কৰিছিল।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ২৪৪ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

খাটু শ্যাম জী মন্দিৰ (Khatu Shyam Temple) ভাৰতৰ ৰাজস্থানৰ সীকৰ জিলাৰ অন্তৰ্গত খাটু গাঁৱত অৱস্থিত এটি প্ৰসিদ্ধ হিন্দু মন্দিৰ। এই মন্দিৰটো মহাভাৰতৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ বৰ্বৰিকক উৎসৰ্গিত কৰা হৈছে, যিয়ে ভগৱান শ্ৰীকৃষ্ণৰ পৰা কলিযুগত শ্যাম নামেৰে পূজিত হোৱাৰ আশীৰ্বাদ লাভ কৰিছিল।১২৩

চুলকানা ধাম, পানীপথ (এই ঠাইত বৰ্বৰিকে ভগৱান শ্ৰীকৃষ্ণক নিজৰ মূৰ দান কৰিছিল বুলি বিশ্বাস কৰা হয়)
চুলকানা ধাম, পানীপথ (এই ঠাইত বৰ্বৰিকে ভগৱান শ্ৰীকৃষ্ণক নিজৰ মূৰ দান কৰিছিল বুলি বিশ্বাস কৰা হয়)ছবি: Rajmohanaushik · CC BY-SA 4.0

ইতিহাস

স্থানীয় বিশ্বাস অনুসৰি বৰ্বৰিকে যুদ্ধত অংশ লোৱাৰ পূৰ্বে স্বেচ্ছাই ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত মূৰ অৰ্পণ কৰিছিল।৪৫ কোৱা হয় যে বৰ্তমানৰ ৰাজস্থানৰ খাটু গাঁৱত তেওঁৰ মূৰটো আবিৰ্ভাৱ হৈছিল, য’ত এজনী গাইগৰুৱে প্ৰতিদিনে এটি বিশেষ স্থানত গাখীৰ ঢালিছিল।৬৭ খননৰ সময়ত পোৱা এই মূৰটো এজন ব্ৰাহ্মণৰ হাতত গতাই দিয়া হৈছিল। পৰৱৰ্তী সময়ত খাটুৰ তদানীন্তন শাসকে সপোনত মন্দিৰ নিৰ্মাণ কৰি মূৰটো স্থাপনৰ নিৰ্দেশ পাইছিল বুলি বিশ্বাস কৰা হয়।৬

মূল মন্দিৰটো ১০২৭ খ্ৰীষ্টাব্দত ৰাজা ৰূপ সিং চৌহান আৰু তেওঁৰ পত্নী নৰ্মদা কঁৱৰে নিৰ্মাণ কৰা বুলি ধাৰণা কৰা হয়।৮ ১৭২০ খ্ৰীষ্টাব্দত, ঠাকুৰৰ দীৱান অভয় সিংহই মন্দিৰটোৰ কিছু সংস্কাৰ সাধন কৰে।৮

ধৰ্মীয় তাৎপৰ্য্য

খাটু শ্যাম জীক হিন্দু ধৰ্মত বিশেষকৈ ৰাজস্থান আৰু হাৰিয়ানাত এক গুৰুত্বপূৰ্ণ দেৱতা হিচাপে পূজা কৰা হয়।১ তেওঁক প্ৰায়ে "শ্যাম বাবা", "হাৰে কা চাহাৰা", "কলিযুগ কা অৱতাৰ" আদি নামেৰে সম্বোধন কৰা হয়।৯২১০ তেওঁক পূজা কৰিবলৈ আৰু তেওঁৰ পৰা আশীৰ্বাদ বিচাৰি এই মন্দিৰলৈ প্ৰতিদিনে বহু ভক্তৰ আগমন ঘটে।

মেলা আৰু উৎসৱ

প্ৰতি বছৰে ফাগুন মাহৰ একাদশী তিথিত খাটু শ্যামজী মন্দিৰত এখন বৃহৎ মেলাৰ আয়োজন কৰা হয়, য'ত দূৰ-দূৰণিৰ পৰা লাখ লাখ ভক্তৰ সমাগম হয়।১১১২ ইয়াৰ উপৰিও জন্মাষ্টমী, একাদশী তিথি, আৰু দীপাৱলীৰ দৰে গুৰুত্বপূৰ্ণ হিন্দু উৎসৱ এই মন্দিৰত পালন কৰা হয়।১১

মন্দিৰটোত, খাটু শ্যাম বাবাৰ জন্ম বাৰ্ষিকীপালন কৰা হয়, যাক "দেৱউঠনী একাদশী" নামেৰে জনা যায়। এই দিৱসটোক ভক্তসকলে তেওঁৰ আবিৰ্ভাৱ দিৱস হিচাপে উদযাপন কৰে।১৩

সুৰজগড়ৰ শ্যাম ধ্বজ

নিশান নামেৰেও পৰিচিত, খাটু শ্যাম মন্দিৰৰ ওপৰত উত্তোলন কৰা পতাকাৰ বিশেষ ধৰ্মীয় তাৎপৰ্য আছে। এই পতাকাখন প্ৰতি বছৰে ৰাজস্থানৰ ঝুনঝুনু জিলাৰ সুৰজগড় চহৰৰ পৰা অনা হয়।১৪১৫ বগা কাপোৰত নীলা ঘোঁৰাৰ আকৃতিৰ এই পতাকাখন সুৰজগড়ৰ এটি প্ৰাচীন মন্দিৰত প্ৰস্তুত কৰি ফাগুন মাহত লক্ষ্মী মেলাৰ সময়ত খাটু ধামলৈ আনি মন্দিৰৰ ওপৰত স্থাপন কৰা হয়।১৪১৫

প্ৰৱেশপথ

খাটু শ্যামজী মন্দিৰ জয়পুৰৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰৈত অৱস্থিত।৩ ইয়াৰ নিকটতম ৰেল ষ্টেচন হৈছে ৰীঙ্গস, যিটো খাটুৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ দূৰৈত অৱস্থিত।৩ ৰীঙ্গসৰ পৰা খাটুলৈ বাছ, টেক্সি আৰু অন্যান্য স্থানীয় পৰিবহণ পদ্ধতি সহজে উপলব্ধ।

শ্ৰী শ্যাম মন্দিৰ সমিতি (পঞ্জীয়নভুক্ত)

শ্ৰী শ্যাম মন্দিৰ কমিটি (পঞ্জীয়নভুক্ত) খাটুশ্যামজী মন্দিৰ পৰিচালনা আৰু প্ৰশাসনৰ দায়িত্বত থকা এটি পঞ্জীয়নভুক্ত সংস্থা।১৬ এই কমিটীয়ে মন্দিৰৰ দৈনন্দিন কাম-কাজ চোৱাচিতা কৰে, মেলা-উৎসৱৰ আয়োজন কৰে, ভক্তসকলৰ বাবে সা-সুবিধাসমূহ ৰক্ষণাবেক্ষণ কৰে।১৬ সময়ে সময়ে কমিটীৰ নিৰ্বাচন অনুষ্ঠিত হয়, বৰ্তমান পৃথ্বী সিং চৌহান অধ্যক্ষ, মানবেন্দ্ৰ সিং চৌহান মন্ত্ৰী, আৰু কালু সিং চৌহান ডাঙৰীয়া কোষাধ্যক্ষ হিচাপে দায়িত্বত আছে।১৬১৭১৮

লগতে চাওক

  • সালাসৰ বালাজী মন্দিৰ
  • জীণ মাতা
  • ৰাণী সতী মন্দিৰ

তথ্যসূত্ৰ

  1. ↑ Khatu Shyam Ji Birthday: The legend of Khatu Shyam and why he is the most revered form of Krishna. The Times of India
  2. ↑ Know the mysterious story of Barbarik becoming Khatu Shyam. Patrika
  3. ↑ Khatu Shyam Temple: जानें इससे जुड़े रोचक तथ्य. Navbharat Times
  4. ↑ Khatu Wale Shyam: बर्बरीक ने क्यों दिया था अपना शीश दान, जानें महाभारत की ये कथा. Aaj Tak
  5. ↑ Khatu Shyam Ji: कैसे बर्बरीक बने खाटू श्याम, जानें कब मनाई जाती है 'हारे के सहारे' की जयंती. Jagran
  6. ↑ Khatu Shyam Baba Ke Chamatkar: खाटू श्याम बाबा को क्यों चढ़ाया जाता है कच्चा दूध, जानें इसके पीछे की कहानी. TV9 Hindi
  7. ↑ Khatu Wale Shyam Baba: सीकर, राजस्थान में है खाटू श्याम बाबा का मंदिर, जानें इतिहास और कैसे बना बाबा का मंदिर. Aaj Tak
  8. ↑ Temple Profile: Mandir Shri Khatu Shyam Ji. Devasthan Department, Government of Rajasthan
  9. ↑ Khatu Shyam Ji Birthday Date 2024: इस दिन है खाटू श्याम जी का जन्मदिन, जानें उनकी पूरी कहानी. Times Now Hindi
  10. ↑ Khatu Shyam Mandir: राजस्थान के सीकर जिले में है खाटू श्याम मंदिर, जानें बाबा के नामों का अर्थ. Jagran
  11. ↑ Khatu Shyam Ji Birthday 2024: साल में दो बार क्यों मनाते हैं खाटू श्याम बाबा का जन्मदिन, जानें इसके पीछे की वजह. Navbharat Times
  12. ↑ Khatu Shyam Birthday 2024: खाटू श्याम का जन्मदिन कब है? देवउठनी एकादशी पर लगता है लक्खी मेला. News18 Hindi
  13. ↑ Hare Ka Sahara Khatu Shyam Baba Birthday: आज है 'हारे का सहारा' खाटू श्याम बाबा का जन्मदिन, देवउठनी एकादशी पर ऐसे करें पूजा. ABP Live
  14. ↑ Khatu Shyam Lakhi Mela 2025: खाटू श्याम लक्खी मेले में सूरजगढ़ के ध्वज का इतिहास. Navbharat Times
  15. ↑ Khatu Shyam Temple: खाटू श्याम मंदिर में चढ़ाया जाने वाला यह निशान पहले 12 महीने मंदिर के शिखर पर रहता है, जानें इतिहास और कारण. News18 Hindi
  16. ↑ shrishyammandir – Khatu shyam
  17. ↑ श्री श्याम मंदिर कमेटी के चुनाव सम्पन्न, प्रताप सिंह चौहान बने अध्यक्ष. NDTV Rajasthan
  18. ↑ खाटू श्याम मंदिर के पुनर्विकास के लिए ₹87.87 करोड़ की योजना स्वीकृत. Navbharat Times

সম্পৰ্কিত শ্ৰেণী

মহাভাৰতহিন্দুধৰ্মৰ মঠ-মন্দিৰৰাজস্থান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খাটু শ্যাম মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৬০২১৬১ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।