হিন্দুধৰ্মৰ মঠ-মন্দিৰ
১২৪ প্ৰবন্ধ
-
সীতা আম্মান মন্দিৰ
সীতা আম্মান মন্দিৰ বা সীতা এলিয়া সীথাই আম্মান থিৰুকোভিল, যাক অশোক বাটিকা সীতা মন্দিৰ বুলিও কোৱা হয়, মধ্য শ্ৰীলংকাৰ নুৱাৰা এলিয়া জিলাত অৱস্থিত এটা প্ৰাচীন হিন্দু মন্দিৰ। মন্দিৰৰ লোককথা হিন্দু মহাকাব্য ৰামায়ণৰ সৈতে গভীৰভাৱে জড়িত।
-
হিড়িম্বা মন্দিৰ
হিড়িম্বা দেৱী মন্দিৰ মন্দিৰ, যাক স্থানীয়ভাৱে ধেংগেৰী মন্দিৰ বুলি জনা যায়,যাক বিভিন্নভাৱে হাদিম্বা মন্দিৰ বুলিও জনা যায়, হৈছে উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যৰ এটা পাহাৰীয়া আস্থান মানালীত অৱস্থিত এটা হিন্দু মন্দিৰ।
-
ৰাইদঙীয়া দৌল
ৰাইদঙীয়া দৌল বা ৰাইদঙ্গীয়া দৌল (Raidongia Doul) ডিব্ৰুগড় জিলাৰ লেজাই-কলাখোৱা অঞ্চলত অৱস্থিত ঐতিহাসিক দৌল। ১৭৫০ চনত আহোম ৰজা স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে (১৭৪৪–১৭৫১) নিৰ্মাণ কৰাইছিল। ইটাৰে সজা দৌলটো পূৰ্বতে দেৱী মন্দিৰ আছিল। কালক্ৰমত দৌলৰ কাষতেই এটি ঘৰ নিৰ্মাণ কৰি অঞ্চলৰ ৰাইজে শিৱ পূজা কৰি আহিছে।
-
ৰামাপ্পা মন্দিৰ
ৰামাপ্পা মন্দিৰ (Ramappa Temple) ৰুদ্ৰেশ্বৰা মন্দিৰ হিচাপেও পৰিচিত৷ ৰামাপ্পা মন্দিৰ হৈছে ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান৷ এই মন্দিৰটো দক্ষিণ ভাৰতৰ টেলাংগানা জিলাত অৱস্থিত৷ হায়দৰাবাদৰ পৰা এই মন্দিৰটো ২০৯ কিলোমিটাৰ (১৩০ মাইল) নিলগত৷ মুলুগু জিলাৰ ভেংকটপুৰ মণ্ডলৰ পালেমপেট নামৰ এখন ক্ষুদ্ৰাকৃতিৰ গাঁৱত…