অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ছত্ৰাকাৰ দেৱালয়

ছত্ৰাকাৰ দেৱালয় (Chatrakar Devalaya) অসমৰ গুৱাহাটীৰ উজান বজাৰত অৱস্থিত মন্দিৰ। এই দেৱালয় আহোম যুগত স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ লগতে অৱস্থিত মংগলচণ্ডী দেৱীৰ মন্দিৰটো কলীয়া ভোমোৰা বৰফুকনে নিৰ্মাণ কৰাইছিল।

হালনাগাদ: ৭ অক্টোবৰ ২০২৩ ৩১৮ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ছত্ৰাকাৰ দেৱালয় (Chatrakar Devalaya) অসমৰ গুৱাহাটীৰ উজান বজাৰত অৱস্থিত মন্দিৰ। এই দেৱালয় আহোম যুগত স্বৰ্গদেউ চুক্লিংফাৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ লগতে অৱস্থিত মংগলচণ্ডী দেৱীৰ মন্দিৰটো কলীয়া ভোমোৰা বৰফুকনে নিৰ্মাণ কৰাইছিল।

নামৰ উৎপত্তি

ছত্ৰাকাৰ দেৱালয় গুৱাহাটীৰ উজান বজাৰৰ এটা টিলাৰ ওপৰত অৱস্থিত। এই টিলাৰ আকৃতি ছত্ৰ বা ছাতিৰ আকৃতিৰ হোৱাৰ বাবে পিছলৈ দেৱালয়খনৰ নামো ছত্ৰাকাৰ হয়।১

ইতিহাস

এই মন্দিৰ মূলতঃ ভগৱান শিৱ আৰু ভগৱান বিষ্ণুক উৎসৰ্গিত কৰা হৈছিল। পিছলৈ ইয়াত দেৱী মংগলচণ্ডী মন্দিৰটোও অন্তৰ্ভুক্ত কৰা হৈছিল। তিনিওটা মন্দিৰৰ কেন্দ্ৰত ভগৱান বিষ্ণু, সোঁফালে ভগৱান শিৱ আৰু বাওঁফালে দেৱী মংগলচণ্ডী বিৰাজমান। দেৱীৰ মন্দিৰটো কলীয়া ভোমোৰা বৰফুকনে প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ আগতে কামৰূপৰ ৰঙিয়াৰ হৰদত্ত-বিৰাদত্ত ভাতৃসকলে দেৱী মংগলচণ্ডীক পূজা-অৰ্চনা কৰিছিল আৰু দেৱীৰ ধাতুৰ মূৰ্তি আছিল। তেওঁলোকে ১৮ শতিকাৰ শেষভাগত দন্দুৱা দ্ৰোহত আহোম সকলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। তেওঁলোক পৰাজিত হোৱাৰ পিছত দেৱীৰ মূৰ্তিটো হ্ৰদত আহোমসকলৰ পৰা লুকুৱাই ৰখা হৈছিল।১

কলীয়া ভোমোৰা বৰফুকনৰ পত্নীয়ে দেৱীৰ সপোন দেখালৈকে এই মূৰ্তি বহু বছৰ ধৰি হ্ৰদৰ পানীৰ তলত লুকাই আছিল। দেৱীযে সপোনত তেওঁক মূৰ্তিটো পুনৰ প্ৰতিষ্ঠা কৰিবলৈ আদেশ দিছিল। সেয়ে কলীয়া ভোমোৰাযে মূৰ্তিটো উলিয়াই গুৱাহাটীৰ ছত্ৰাকাৰ দেৱালয়ত স্থাপন কৰে।১

বৰ্ণনা

মধ্যযুগৰ পিছৰ ভাগত দেৱোত্তৰ ভূমিৰ ওপৰত স্থাপন কৰা এই মন্দিৰ প্ৰাঙ্গনত শিৱ, বিষ্ণু আৰু মংগলচণ্ডীৰ মন্দিৰ তিনিটা আছে। আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত (১৭৯৫-১৮১০) সজোৱা এই ছত্ৰাকাৰ দেৱালয় শাক্ত ধৰ্মৰ এখন প্ৰধান পীঠস্থান। মধ্যযুগৰ প্ৰথম ভাগৰ কিছুমান শৈল ভাস্কৰ্য্য এই পীঠস্থানত পোৱা যায়। মধ্য যুগৰ কিছুমান ভাস্কৰ্য্য মন্দিৰৰ দেৱালৰ বাহিৰ ফালে লগোৱা আছে। বংশী গোপালৰ এটা শিলত খোদিত সুন্দৰ মূৰ্ত্তি বিষ্ণু মন্দিৰত পৱিত্ৰভাৱে থোৱা আছে। এই মন্দিৰসমূহ বৰ্তমানে নতুনকৈ সজোৱা হৈছে। উত্তৰফালে থকা ব্ৰহ্মপুত্ৰৰ মুখামুখিকৈ এটা টিলাৰ ওপৰত সজোৱা এই মন্দিৰলৈ ভ্ৰমণকাৰী সকলৰ উপৰিও তীৰ্থযাত্ৰীসকল নিয়মিতভাৱে আহে।

পৰ্যটন

ছত্ৰাকাৰ দেৱালয়
ছত্ৰাকাৰ দেৱালয়ছবি: অজয় দাস · CC BY-SA 4.0

ছত্ৰাকাৰ দেৱালয় হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উপাসনাস্থল। ইয়ালৈ দৈনন্দিন বহু ভক্তৰ সমাগম হয়। হিন্দু ধৰ্মৰ তিনিটা প্ৰধান ভাগ শৈৱ, শাক্ত আৰু বৈষ্ণৱ সম্প্ৰদায়ৰ মানুহ ইয়ালৈ আহে। প্ৰতিবছৰে ইয়াত উলহ-মালহকৈ মহাশিৱৰাত্ৰি আৰু দুৰ্গা পূজা অনুষ্ঠিত হয়। দেৱী মংগলচণ্ডী মন্দিৰ উল্লেখযোগ্য শক্তিপীঠ।

অৱস্থান

ছত্ৰাকাৰ দেৱালয় কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী মহানগৰৰ উজান বজাৰত অৱস্থিত। গুৱাহাটী চহৰৰ মাজমজিয়াত অৱস্থিত হোৱাৰ বাবে যোগাযোগৰ সু-ব্যৱস্থা আছে। ইয়াৰ নিকটৱৰ্তী ৰে'ল ষ্টেচন পল্টন বজাৰত অৱস্থিত গুৱাহাটী ৰেল ষ্টেচন মাত্ৰ ২.৫ কিঃমিঃ নিলগত অৱস্থিত। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ই প্ৰায় ২৩ কিঃমিঃ নিলগত অৱস্থিত।

তথ্যসূত্ৰ

  1. ↑ Guwahati Gyan - Chattrakar Devalaya. guwahatiplus.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ ধৰ্মীয় স্থানহিন্দুধৰ্মৰ মঠ-মন্দিৰঅসমৰ পৰ্যটনস্থলীকামৰূপ মহানগৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছত্ৰাকাৰ দেৱালয়” প্ৰবন্ধৰ সংশোধন ৩৮৬৩১০ (৭ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।