ফ্ৰান্ৎছ কাফকা (Franz Kafka,; ৩ জুলাই ১৮৮৩ – ৩ জুন ১৯২৪) আছিল অষ্ট্ৰ-হাংগেৰীয় সাম্ৰাজ্যৰ অন্তৰ্গত প্ৰাগত জন্মগ্ৰহণ কৰা এজন জাৰ্মানভাষী ইহুদী চেক লেখক আৰু ঔপন্যাসিক।১ ২০ শতিকাৰ সাহিত্যৰ এজন অন্যতম প্ৰধান ব্যক্তিত্ব হিচাপে ব্যাপকভাৱে পৰিগণিত কাফকাৰ ৰচনাসমূহত সাহিত্যিক বাস্তৱবাদ আৰু অদ্ভুতবাদৰ উপাদানসমূহৰ সংমিশ্ৰণ ঘটিছে।২ তেওঁৰ কাহিনীভাগত সাধাৰণতে নিসংগ মুখ্য চৰিত্ৰসমূহে আচৰিত বা অবাস্তৱসদৃশ কঠিন পৰিস্থিতি আৰু দুৰ্বোধ্য সামাজিক তথা আমোলাতান্ত্ৰিক প্ৰত্যাহ্বানৰ মুখামুখি হোৱা দেখা যায়। তেওঁৰ লেখাত চিত্ৰিত পৰিস্থিতিৰ দৰে জটিল তথা দুৰ্বোধ্য অৱস্থাক বুজাবলৈ শব্দকোষত কাফকাসুলভ (Kafkaesque) শব্দটোৱে স্থান পাইছে।৩ তেওঁৰ আটাইতকৈ বিখ্যাত ৰচনাসমূহৰ ভিতৰত আছে উপন্যাসিকা ৰূপান্তৰ (Die Verwandlung, ১৯১৫) আৰু উপন্যাস বিচাৰ (Der Prozess, ১৯২৪) আৰু দুৰ্গ (Das Schloß, ১৯২৬)। তেওঁৰ চুটি নীতিশিক্ষাূলক কাহিনী আৰু নীতিবচনসমূহৰ বাবেও তেওঁ সমাদৃত, যিবোৰত প্ৰায়ে তেওঁৰ দীঘলীয়া ৰচনাসমূহৰ অন্ধকাৰময় বিষয়বস্তুৰ সমান্তৰালভাৱে ধেমেলীয়া উপাদানসমূহো অন্তৰ্ভুক্ত হৈছিল।৪ তেওঁৰ কৰ্মৰাজিয়ে শিল্পী, দাৰ্শনিক, সুৰকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, সাহিত্য ইতিহাসবিদ, ধৰ্মীয় পণ্ডিত আৰু সাংস্কৃতিক তাত্ত্বিকসকলক ব্যাপকভাৱে প্ৰভাৱিত কৰিছে।
কাফকাৰ জন্ম হৈছিল অষ্ট্ৰ-হাংগেৰীয় সাম্ৰাজ্যৰ অন্তৰ্গত ব'হেমিয়া ৰাজ্যৰ ৰাজধানী প্ৰাগৰ (যি পিছলৈ চেক'স্ল'ৱাকিয়া আৰু চেক গণৰাজ্যৰ ৰাজধানী হয়) এটা মধ্যবিত্ত শ্ৰেণীৰ জাৰ্মানভাষী চেক ইহুদী পৰিয়ালত।৫৬ তেওঁ এজন অধিবক্তা হিচাপে প্ৰশিক্ষণ লৈছিল আৰু আইনী শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত বিভিন্ন আইনী আৰু বীমা সংক্ৰান্তিয় চাকৰিত পূৰ্ণকালীনভাৱে নিয়োজিত হৈছিল।৭ তেওঁৰ বৃত্তিমূলক দায়িত্বই তেওঁৰ মনত এক আভ্যন্তৰীণ সংঘাতৰ সৃষ্টি কৰিছিল, কিয়নো তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ প্ৰকৃত ধাউতি আছিল কেৱল লিখনিত। তেওঁৰ জীৱনকালত তেওঁৰ ৰচনাৰ মাত্ৰ কম সংখ্যক অংশহে প্ৰকাশ পাইছিল; গল্প সংকলন চিন্তন (Betrachtung, ১৯১২) আৰু এজন গাঁৱলীয়া চিকিৎসক (Ein Landarzt, ১৯১৯), আৰু তেওঁৰ চুটি উপন্যাস ৰূপান্তৰৰ দৰে স্বতন্ত্ৰ গল্পসমূহ সাহিত্য আলোচনীত প্ৰকাশ পাইছিল, কিন্তু সেইবোৰে বিশেষ মনোযোগ লাভ কৰা নাছিল। তেওঁ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুসকললৈ শ শ চিঠি লিখিছিল, য'ত তেওঁৰ দেউতাকো অন্তৰ্ভুক্ত আছিল, যাৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল অতিশয় টান আৰু আনুষ্ঠানিক। তেওঁ কেইবাগৰাকীও মহিলাৰ সৈতে বাগ্দানত আৱদ্ধ হৈছিল যদিও কেতিয়াও বিবাহপাশত আৱদ্ধ হোৱা নাছিল। ১৯২৪ চনত ৪০ বছৰ বয়সত যক্ষ্মা ৰোগত আক্ৰান্ত হৈ তেওঁ আপেক্ষিকভাৱে অপৰিচিত অৱস্থাতে মৃত্যুবৰণ কৰে। তেওঁৰ সাহিত্যিক উইল কাৰ্যবাহী তথা বন্ধু মাক্স ব্ৰ'ডে কাফকাৰ বাকী থকা ৰচনাসমূহ ধ্বংস কৰাৰ ইচ্ছাক আওকাণ কৰি সেইবোৰ প্ৰকাশ কৰে, যিবোৰে পিছলৈ বিশ্বজোৰা স্বীকৃতি লাভ কৰে।
তথ্যসূত্ৰ
উৎস
- Koelb, Clayton. (2010). Kafka: A Guide for the Perplexed. Continuum International Publishing Group. ISBN 978-0-8264-9579-2
- (25 October 2012). Who is citizen? Guide to Czech citizenship in 1918 – 1949. Embassy of the Czech Republic in Tel Aviv
- Steinhauer, Harry. (Autumn 1983). Franz Kafka: A World Built on a Lie. The Antioch Review. পৃ. 390
বাহ্যিক সংযোগ
- Kafka Society of America
- Oxford Kafka Research Centre – information on ongoing international Kafka research
- Translated excerpts from Kafka's Diaries 1910 – 1923
- The Album of Franz Kafka, Franz Kafka receives a tribute in this album of "recomposed photographs".
- Journeys of Franz Kafka Photographs of places where Kafka lived and worked
- Letters to Felice at Archive.org
- Společnost Franze Kafky a nakladatelství Franze Kafky Franz Kafka Society and Publishing House in Prague
- What makes something "Kafkaesque"? A Ted talk on Kafka, his works and his legacy, by Noah Tavlin
তথ্যসূত্ৰ
- ↑ Herz, Julius M. (1978). Franz Kafka and Austria: National Background and Ethnic Identity. Modern Austrian Literature. পৃ. 301–318 Quotation on p. 301
- ↑ Spindler, William. (1993). Magical Realism: A Typology. Forum for Modern Language Studies. পৃ. 90–93
- ↑ Steinhauer 1983, পৃ. 390–408
- ↑ Foster-Wallace, David. (1998). Laughing with Kafka. Harper's Magazine. পৃ. 23–27
- ↑ Heroes – Trailblazers of the Jewish People. Beit Hatfutsot
- ↑ (12 January 2023). A new translation of Franz Kafka's diaries restores much of his Jewish musings. www.jta.org
- ↑ Gray, Jefferson M., review in The Federal Lawyer, October 2009, of Franz Kafka: The Office Writings. Princeton, New Jersey: Princeton University Press, 2009
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ৰান্ৎছ কাফকা” প্ৰবন্ধৰ সংশোধন ৬৩১২২৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।