অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

য়ুভাল নোৱা হাৰাৰি

য়ুভাল নোৱা হাৰাৰি (יובל נח הררי; জন্ম-২৪ ফেব্ৰুৱাৰী ১৯৭৬) হৈছে এগৰাকী ইজৰাইলী ইতিহাসবিদ, প্ৰসিদ্ধ লেখক, আৰু জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক। তেওঁ বহুকেইখন জনপ্ৰিয় বিজ্ঞান-সাহিত্যৰ লেখক।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৬২৩ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

য়ুভাল নোৱা হাৰাৰি (יובל נח הררי; জন্ম-২৪ ফেব্ৰুৱাৰী ১৯৭৬) হৈছে এগৰাকী ইজৰাইলী ইতিহাসবিদ, প্ৰসিদ্ধ লেখক, আৰু জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক।১ তেওঁ বহুকেইখন জনপ্ৰিয় বিজ্ঞান-সাহিত্যৰ লেখক। তেওঁৰ তিনিখন গ্ৰন্থৰ নাম হৈছে চেপিয়েনছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড (২০১৪), হ'ম' ডিউছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ টুম'ৰ' (২০১৬), আৰু টুৱেণ্টি ওৱান লেছনছ্ ফ'ৰ দ্য টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী(২০১৮)। তেওঁৰ ৰচনাসমূহে মুক্ত মন, সচেতনতা, বুদ্ধিমত্তা আৰু সুখক সামৰি লয়।

জীৱনী

হাৰাৰিৰ জন্ম হৈছিল ১৯৭৬ চনত, ইজৰাইলৰ কিৰয়াট আট্টাত আৰু প্ৰতিপালিত হৈছিল এটা ইহুদী পৰিয়ালত।২৩ হাৰাৰি এজন গেই(Gay)।৪ ২০০২ চনত হাৰাৰিয়ে তেওঁৰ জীৱনসংগী ইটজিক য়াহাভক লগ পায় যাক হাৰাৰিয়ে "ইণ্টাৰনেট অৱ অল থিংছ" বুলি অভিহিত কৰে।৫৬ য়াহাভে হাৰাৰিৰ ব্যক্তিগত মেনেজাৰৰ ভূমিকাও পালন কৰে।৭ তেওঁলোকৰ বিবাহ কানাডাৰ টৰণ্টত সম্পন্ন হয়।৮ দম্পতীটোৱে জেৰুজালেমৰ মছাভত (একধৰণৰ সমবায়ভিত্তিক কৃষিনিৰ্ভৰ সমাজ) বাস কৰে।৯১০১১

হাৰাৰিয়ে কয় যে; ২০০০ চনত অক্সফৰ্ডত থাকোঁতে তেওঁ আৰম্ভ কৰা ৱিপাশনা ধ্যানে তেওঁৰ জীৱন সলনি কৰি পেলাইছে।১২১৩ তেওঁ প্ৰত্যেকদিনাই এই ধ্যান দুঘণ্টাকৈ কৰে। একঘণ্টা দিনটোৰ প্ৰাৰম্ভত আৰু এঘণ্টা দিনটোৰ শেষত।১৪), আৰু প্ৰতিবছৰে তেওঁ ত্ৰিশ বা ততোধিক দিন ধ্যানৰ বাবে সম্পূৰ্ণ নিৰ্জনতাত যাপন কৰে। সেইখিনি সময়ত তেওঁ কিতাপ নপঢ়ে আৰু ছ'ছিয়েল মিডিয়াতো প্ৰৱেশ নকৰে।১৫১৬ তেওঁ ধ্যাণৰ এজন সহকাৰী শিক্ষকো।১৭

হাৰাৰি এজন ভেগান (Vegan), আৰু৩১৮২০১৯ চনৰ জানুৱাৰী মাহলৈকে তেওঁৰ কোনো স্মাৰ্টফোন নাই।১৯

শৈক্ষিক জীৱন

জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ত হাৰাৰিয়ে ১৯৯৩ চনৰ পৰা '৯৮লৈকে মধ্যযুগীয় ইতিহাস আৰু সামৰিক ইতিহাস অধ্যয়ন কৰে আৰু সেইবিষয়ত বিশেষজ্ঞ হৈ উঠে। ষ্টিভেন জে. গানৰ অধীনত অক্সফৰ্ডৰ জেছাছ কলেজৰ পৰা তেওঁ ২০০২ চনত নিজৰ গৱেষণা শেষ কৰে। ২০০৩ চনৰ পৰা ২০০৫ লৈকে হাৰাৰিয়ে "য়াড হানাডিভ"ৰ জলপানি লৈ ইতিহাস বিষয়ত নিজৰ প'ষ্ট ডক্টৰেলৰ অধ্যয়ন শেষ কৰে।২০

সাহিত্যিক জীৱন

এতিয়ালৈকে হাৰাৰিৰ একাধিক গ্ৰন্থ আৰু ৰচনা প্ৰকাশিত হৈছে। তেওঁৰ কেইখনমান গুৰুত্বপূৰ্ণ ৰচনা হৈছে- স্পেচিয়েল অপাৰেছ্যনছ্ ইন দ্য এ'জ অৱ চিভাল‌্‌‌ৰি,১১০০–১৫৫০;২১ দ্য আল্টিমেট এক্সপ্ৰিয়েন্স:বেটলফিল্ড ৰিভিলেছনছ্ এণ্ড দ্য মেকিং অৱ মডাৰ্ণ ৱাৰ কালছাৰ, ১৪৫০–২০০০;২২ আদি।

হাৰাৰিৰ প্ৰথমখন গ্ৰন্থ ছেপিয়েনছ: এ ব্ৰিফ হিষ্ট্ৰী অৱ হিউমেনকাইণ্ড ২০১১ চনত প্ৰকাশিত হৈছিল। তাৰপিছত ২০১৪ চনত গ্ৰন্থখন ইংৰাজী ভাষাত প্ৰকাশিত হয়। ইয়াৰ পিছত গ্ৰন্থখন ৪৫টা ভাষালৈ অনূদিত হৈছে।২৩ এই গ্ৰন্থখনত মানৱ ইতিহাসৰ সম্পূৰ্ণ ৰূপৰেখাৰ এক ছবি অঙ্কিত হৈছে। গ্ৰন্থখনৰ হিব্ৰু সংস্কৰণটো ইজৰাইলত "বেষ্ট ছেলাৰ" হিচাপে পৰিচিত হয়। কিতাপখনে বৌদ্ধিক সমাজত এক উৎসুকতাৰ জন্ম দিয়ে আৰু হাৰাৰিক এগৰাকী চেলেব্ৰেটীলৈ ৰূপান্তৰিত কৰে।২৪

২০১৬ চনত তেওঁৰ দ্বিতীয়খন গ্ৰন্থ "হ'ম' ডিউছ" প্ৰকাশ হয়। এইখন গ্ৰন্থত তেওঁ হ'ম' ছেপিয়েনছৰ ভৱিষ্যত সম্পৰ্কে নানান সম্ভাৱনা আৰু আলোচনা লিপিবদ্ধ কৰে।২৫ হ'ম' ডিউছত হাৰাৰিয়ে মানুহৰ ভৱিষ্যত তেওঁলোকৰ অতীত আৰু বৰ্তমানৰ ওপৰত নিৰ্ভৰশীল বুলি বিশ্লেষণ দাঙি ধৰে। হাৰাৰিৰ মতে; "ডাটাবাদ"(dataism)নামৰ এক দৰ্শন অথবা দৃষ্টিভংগী ভৱিষ্যতৰ পৃথিৱীত মূৰ দাঙি উঠিব।২৬২৭

২০১৮ চনৰ ৩০ আগষ্টত তেওঁৰ তৃতীয়খন গ্ৰন্থ "টুৱেণ্টি ওৱান লেছনছ্ ফ'ৰ দ্য টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী" প্ৰকাশিত হয়।২৮২৯ এইখনি গ্ৰন্থত হাৰাৰিয়ে বৰ্তমান পৃথিৱীৰ বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত নিজা চিন্তা ব্যাখ্যা কৰে।৩০৩১৩২

বঁটা-সন্মান

"সৃজনীশীলতা আৰু স্বকীয়তা"ৰ বাবে ২০০৯ আৰু ২০১২ চনত দুবাৰকৈ হাৰাৰি পলনস্কি বঁটাৰে সন্মানীত হয়। ২০১১ চনত সামৰিক ইতিহাসত উৎকৃষ্ট ৰচনা লিখাৰ বাবে হাৰাৰিয়ে "সামৰিক ইতিহাস সমাজ"ৰ পৰা ম'নকাডো বঁটা লাভ কৰে। ২০১২ চনত হাৰাৰি "বিজ্ঞানৰ যুৱ ইজৰাইলী একাডেমী"লৈ নিৰ্বাচিত হয়।৩৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Yuval Harari official website
  2. ↑ Les prédictions de Yuval Noah Harrari, L'arche magazine
  3. ↑ Cadwalladr, Carole. (5 July 2015). Yuval Noah Harari: The age of the cyborg has begun – and the consequences cannot be known. The Guardian
  4. ↑ Anthony, Andrew. (9 March 2017). Yuval Noah Harari: ‘Homo sapiens as we know them will disappear in a century or so’. The Guardian
  5. ↑ Adams, Tim. (27 August 2016). Yuval Noah Harari: ‘We are acquiring powers thought to be divine’. the Guardian
  6. ↑ (25 April 2012). Fast Talk / The Road to Happiness. Haaretz
  7. ↑ זה ייגמר בבכי: סוף העולם לפי יובל נח הררי
  8. ↑ Nevatia, Shreevatsa. (14 October 2015). Sadly, superhumans in the end are not going to be us. Mumbai Mirror. The Times Group
  9. ↑ (25 April 2017). Fast Talk The Road to Happiness. Haaretz
  10. ↑ Appleyard, Bryan. (31 August 2014). Asking big questions. Thesundaytimes.co.uk
  11. ↑ Reed, John. (5 September 2014). Lunch with the FT: Yuval Noah Harari. ft.com
  12. ↑ Yuval Harari, author of "Sapiens," on AI, religion, and 60-day meditation retreats
  13. ↑ Adams, Tim. (27 August 2016). Yuval Noah Harari: ‘We are quickly acquiring powers that were always thought to be divine’
  14. ↑ How Humankind Could Become Totally Useless. Time
  15. ↑ (October–November 2015). Interview - Yuval Harari. The World Today. Chatham House. পৃ. 30–32
  16. ↑ (3 September 2016). Yuval Noah Harari, Sapiens and the age of the algorithm. The Australian. Josh Glancy
  17. ↑ (17 December 2013). The messenger of inner peace: Satya Narayan Goenka; New Appointments. Vipassana Newsletter 23 (12). Vipassana Research Institute
  18. ↑ Interview With Yuval Noah Harari: Masters in Business (Audio)
  19. ↑ (19 March 2017). # 68 -- Reality and the Imagination. Waking Up podcast. Sam Harris
  20. ↑ (2008). CV at The Hebrew University of Jerusalem
  21. ↑ Yuval Noah Harari, Special Operations in the Age of Chivalry, 1100–1550 (Woodbridge: Boydell & Brewer, 2007)
  22. ↑ Yuval Noah Harari, The Ultimate Experience: Battlefield Revelations and the Making of Modern War Culture, 1450–2000 (Houndmills: Palgrave-Macmillan, 2008)
  23. ↑ Payne, Tom. (26 September 2014). Sapiens: a Brief History of Humankind by Yuval Noah Harari, review: 'urgent questions'. The Telegraph
  24. ↑ Fast talk / The road to happiness, in Haaretz, 25 April 2012
  25. ↑ Runciman, David. (24 August 2016). Homo Deus by Yuval Noah Harari review – how data will destroy human freedom. The Guardian
  26. ↑ Harari, Yuval Noah. (2017). Homo Deus: A Brief History of Tomorrow. Vintage. পৃ. 429. ISBN 9781784703936
  27. ↑ Harari, Yuval Noah. (26 August 2016). Yuval Noah Harari on big data, Google and the end of free will. Financial Times
  28. ↑ Yuval Noah Harari’s 21 Lessons for the 21st Century is a banal and risible self-help book. New Statesman
  29. ↑ Book review: Is '21 Lessons for the 21st Century' another hit for Yuval Noah Harari. The National
  30. ↑ Lewis, Helen. (15 August 2018). 21 Lessons for the 21st Century by Yuval Noah Harari review – a guru for our times?. the Guardian
  31. ↑ Russell, Review by Jenni. (19 August 2018). Review: 21 Lessons for the 21st Century by Yuval Noah Harari — chilling predictions from the author of Sapiens
  32. ↑ Can mindfulness save us from the menace of artificial intelligence?. Evening Standard
  33. ↑ asiasociety.org/india/events/21st-centurys-emerg

সম্পৰ্কিত শ্ৰেণী

ইতিহাসবিদইজৰাইলৰ ব্যক্তিদাৰ্শনিকসাহিত্যিকয়ুৱাল নোৱা হাৰাৰীৰ গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়ুভাল নোৱা হাৰাৰি” প্ৰবন্ধৰ সংশোধন ৬৪০১৮২ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।