যোগাত্মক বিপৰীত সংখ্যা (additive inverse) যদি যিকোনো দুটা সংখ্যাৰ যোগফল ০(শূন্য) হয়, তেন্তে এটাক আনটো সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যা বুলি কোৱা হয়। এই সংখ্যা বোৰক বিপৰীত সংখ্যা১, বিপৰীত চিহ্ন যুক্ত সংখ্যা বুলিও কোৱা হয়।২ ইয়াৰ পৰাই ঋণাত্মক সংখ্যাৰ ধাৰণাটোৰ উদ্ভৱ হয়। উদাহৰণ স্বৰূপে যিকোনো এটা সংখ্যা যেনে ৪ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব (-৪) আৰু (-৪)ৰ যোগাত্মক বিপৰীত হ'ব ৪, য'ত-
৪+(-৪)=০,বা (-৫)+৫=০ একেদৰে, ৰ যোগাত্মক বিপৰীত হৈছে যিটো ৰূপত প্ৰকাশ কৰিব পাৰি। 2x − 3ৰ যোগাত্মক বিপৰীত হৈছে 3 − 2x, কাৰণ .৩
প্ৰতিটো ধনাত্মক সংখ্যাৰ যোগাত্মক বিপৰীত হ'ব সংখ্যাটোৰ ঋণাত্মক মান। আনহাতে প্ৰতিটো ঋণাত্মক সংখ্যাৰ যোগাত্মক বিপৰীত হ'ল সংখ্যাটোৰ ধনাত্মক মান। ০(শূন্য) নিজেই নিজৰ যোগাত্মক বিপৰীত।
সাধাৰণ উদাহৰণ

কোনো এটা সংখ্যাৰ ক্ষেত্ৰত (বিভিন্ন সংখ্যাৰ ভেন আঙুঠি) সংখ্যাটোক -১ৰে পূৰণ কৰি ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো পাব পাৰি। যেনে: এই সংখ্যাৰ ভেন আঙুঠিৰ ভিতৰত থাকিব অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, বাস্তৱ সংখ্যা, আৰু জটিল সংখ্যা বোৰ।
বিয়োগৰে সম্পৰ্ক
যোগাত্মক বিপৰীত বিয়োগৰ সৈতে ওচৰ সম্পৰ্কীয়। যিটোক বিপৰীতৰে যোগ হৈ থকা বুলি দেখুৱাব পাৰি: . আকৌ যোগাত্মক বিপৰীতক শূণ্যৰ পৰা বিয়োগ কৰি পোৱা বিয়োগফল বুলিও ক'ব পাৰি:
অন্যান্য বৈশিষ্ট্য
অন্যান্য বৈশিষ্ট্যত তলৰ বীজগণিতীয় ধৰ্ম সমূহ উল্লেখ কৰা হয়: *, যিটো অনুৰূপ বিপৰীত
- উল্লেখনীয় ভাৱে,
তথ্যসূত্ৰ
- ↑ Tussy, Alan; Gustafson, R. (2012). Elementary Algebra. Cengage Learning. পৃ. 40. ISBN 9781133710790
- ↑ Brase, Corrinne Pellillo; Brase, Charles Henry. (1976). Basic Algebra for College Students. Houghton Mifflin. পৃ. 54. ISBN 978-0-395-20656-0
- ↑ Additive Inverse. www.learnalberta.ca
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগাত্মক বিপৰীত সংখ্যা” প্ৰবন্ধৰ সংশোধন ৬২৭৯১৮ (১৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।