অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ঋণাত্মক অখণ্ড সংখ্যা

মূল প্ৰবন্ধ: অখণ্ড সংখ্যা'ঋণাত্মক অখণ্ড সংখ্যা হৈছে স্বাভাৱিক সংখ্যা, শূন্য আৰু স্বাভাৱিক সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যা। এই অখণ্ড সংখ্যা বোৰ মূলত ধনাত্মক বা ঋণাত্মক। গণিতৰ পৃথিৱী খনত ঋণাত্মক সংখ্যা বোৰ একো একোটা বাস্তৱ সংখ্যাই, যাৰ মান শূন্যতাতকৈ কম।

হালনাগাদ: ২ জুন ২০২০ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

মূল প্ৰবন্ধ: অখণ্ড সংখ্যা'ঋণাত্মক অখণ্ড সংখ্যা' হৈছে স্বাভাৱিক সংখ্যা, শূন্য আৰু স্বাভাৱিক সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যা। এই অখণ্ড সংখ্যা বোৰ মূলত ধনাত্মক বা ঋণাত্মক। গণিতৰ পৃথিৱী খনত ঋণাত্মক সংখ্যা বোৰ একো একোটা বাস্তৱ সংখ্যাই, যাৰ মান শূন্যতাতকৈ কম। ঋণাত্মক সংখ্যা বোৰে যিকোনো মানৰ বিপৰীত মানক প্ৰতিনিধিত্ব কৰে। উদাহৰণ স্বৰূপে সাগৰ পৃষ্ঠৰ ওপৰত বুজাবলৈ ধনাত্মক আৰু তলত বুজাবলৈ ঋণাত্মক সংখ্যা ব্যৱহাৰ কৰা হয়। ঠিক তেনেদৰে, জমা ধনৰাশিক বুজাবলৈ ধনাত্মক আৰু উলিওৱা ধন বা খৰচ কৰা ধন ৰাশিক বুজাবলৈ ঋণাত্মক সংখ্যা ব্যৱহাৰ কৰা হয়। একেদৰে লাভ-লোকচান, দীঘল-চুটি আদি বিশেষণ সমূহ ধনাত্মক-ঋণাত্মক সংখ্যাৰ দ্বাৰা বুজোৱা হয়। সংখ্যাৰেখাত এই ঋণাত্মক সংখ্যা বোৰে শূন্যৰ বাঁও ফালে অৱস্থান কৰে। এই সংখ্যা বোৰ লিখোঁতে সংখ্যাবোৰৰ প্ৰত্যেকৰে আগত এডাল বিয়োগ চিন (-) ব্যৱহাৰ কৰা হয়। উদাহৰণ স্বৰূপে, -৩। ০ (শূন্য)টো প্ৰকৃততে কোনো ধনাত্মক বা ঋণাত্মক সংখ্যা নহয়।১আকৌ কোনো ধনাত্মক সংখ্যা এটাৰ বিপৰীতৰ বিপৰীত হ'ব সংখ্যাটোৰ প্ৰকৃত মান। যেনে: -(-৩)=৩।

তথ্যসূত্ৰ

  1. ↑ The convention that zero is neither positive nor negative is not universal. For example, in the French convention, zero is considered to be both positive and negative. The French words positif and négatif mean the same as English "positive or zero" and "negative or zero" respectively

সম্পৰ্কিত শ্ৰেণী

সংখ্যা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঋণাত্মক অখণ্ড সংখ্যা” প্ৰবন্ধৰ সংশোধন ২৩৪৩২২ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।