শান্তিৰ ন'বেল বঁটা বিজয়ী
২৮ প্ৰবন্ধ
-
ৰাষ্ট্ৰসংঘ
ৰাষ্ট্ৰসংঘ (United Nations) এক আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু ইয়াৰ মূল লক্ষ্যসমূহ হ'ল আন্তঃৰাষ্ট্ৰীয় আইন, সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন, সামাজিক অগ্ৰগতি, মানৱ অধিকাৰ আৰু বিশ্বশান্তিৰ বাবে কাম কৰা। দ্বিতীয় বিশ্বযুদ্ধৰ পাচতে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হয়।
-
ইউৰোপিয়ান ইউনিয়ন
ইউৰোপিয়ান ইউনিয়ন বা ইউৰোপিয় সংঘ মূলতঃ ইউৰোপ মহাদেশত অৱস্থিত ২৮খন দেশৰ এক ৰাজনৈতিক তথা অৰ্থনৈতিক সংঘ। ইয়াৰ মাটিকালি ৪,৩২৪,৭৮২ বৰ্গ কি:মি: আৰু জনসংখ্যা প্ৰায় ৫০.৮ কোটি।
-
বাৰাক অ'বামা
বাৰাক হুছেইন অ'বামা (Barack Hussein Obama; জন্ম: ৪ আগষ্ট, ১৯৬১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি। ২০০৯ চনৰ ২০ জানুৱাৰীত তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ লোক হিচাপে পৰিগণিত হয়।
-
মাদাৰ টেৰেছা
মাদাৰ টেৰেছা (Mother Teresa; ১৯১০ - ১৯৯৭; জন্মৰ নাম: এগ্নেছ গোন্জা বোজাজিউ; উচ্চাৰণ: ) এগৰাকী কেথ'লিক খ্ৰীষ্টান পন্থীয় নান (nun) আছিল। তেখেত মূলতঃ এলবেনিয়ান জাতিৰ ব্যক্তি পাছলৈ এখেতে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল। এখেতে কলিকতাত 'মিছনেৰীজ অফ চেৰিটি' স্থাপন কৰিছিল।
-
নেলছন মেণ্ডেলা
নেলছন ৰোলিহলাহলা মেণ্ডেলা (Nelson Rolihlahla Mandela, জন্ম: ১৮ জুলাই, ১৯১৮) বা চমুকৈ নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ এগৰাকী ৰাজনৈতিক ব্যক্তি আছিল যিজনে ৰাষ্ট্ৰপতি হিচাপে ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ কাৰ্য্যভাৰ চলাইছিল। দক্ষিণ আফ্ৰিকাত তেওঁ মাডিবা (Madiba) আৰু টাটা (Tata) নামেৰেও জনাজাত আছিল।
-
টেনজিং গিয়াত্ ছো
টেনজিং গিয়াত্ ছো হৈছে চতুৰ্দশ দালাই লামা। তেখেত ১৯৫৯ চনত তিব্বতৰ পৰা প্ৰস্থান কৰি ভাৰতত আশ্ৰয় গ্ৰহণ কৰে। তিব্বতৰ শান্তিৰক্ষাৰ ক্ষেত্ৰত অবদানৰ বাবে তেখেতক শান্তিৰ ন'বেল বঁটা প্ৰদান কৰা হয়।
-
মাৰ্টিন লুথাৰ কিং, কনিষ্ঠ
আমেৰিকান পাদ্ৰী মাৰ্টিন লুথাৰ কিং, অনুজ আছিল একাধাৰে সক্ৰিয় কৰ্মী, আফ্ৰিকীয়-আমেৰিকান গণ অধিকাৰ আন্দোলনৰ আগশাৰীৰ নেতা। তেওঁক বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ তথা সমগ্ৰ বিশ্বতে গণ অধিকাৰৰ বিষয়ে সজাগতা অনাৰ বাবে জনা যায়।
-
মুহাম্মদ ইউনুছ
মুহাম্মদ ইউনুছ (জন্ম: ২৮ জুন, ১৯৪০) এজন বাংলাদেশী ন'বেল বঁটা বিজয়ী বেংকাৰ আৰু অৰ্থনীতিবিদ। তেওঁ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ এজন অধ্যাপক। তেওঁ ক্ষুদ্ৰঋণ ধাৰণাৰ প্ৰৱৰ্তক। অধ্যাপক ইউনুছ গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠাতা।
-
মালালা ইউছুফজাই
মালালা ইউছুফজাই (Malala Yousafzai জন্ম: ১২ জুলাই ১৯৯৭) ১৩ বছৰ বয়সতে তেওঁ তাহৰিক-এ-তালিবান শাসনৰ অত্যাচাৰৰ বিষয়ে "গুল মাকাই" ছদ্ম নাম লৈ "বিবিচি"ৰ বাবে ব্লগিঙৰ দ্বাৰা স্বাতৰ লোকৰ মাজত নায়িকা হৈ পৰে।
-
আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা
আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা চমুকৈ আই এল অ ৰাষ্ট্ৰসংঘৰ এটা সংস্থা। ইয়াৰ মূল উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় শ্ৰম মানদণ্ড নিৰ্ধাৰণ কৰি সামাজিক আৰু অৰ্থনৈতিক ন্যায় আগবঢ়োৱা। ১৯১৯ চনৰ অক্টোবৰ মাহত জাতিসংঘৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।
-
ক'ফি আন্নান
ক'ফি আন্নান (Kofi Annan) ঘানাৰ এজন কূটনীতিবিদ আছিল যি ১৯৯৭ চনৰ জানুৱাৰীৰ পৰা ২০০৬ চনৰ ডিচেম্বৰলৈ ৰাষ্ট্ৰসংঘৰ সপ্তম মহাসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আন্নান আৰু ৰাষ্ট্ৰসংঘই যুটীয়াভাবে ২০০১ চনৰ শান্তিৰ ন'বেল বঁটা লাভ কৰিছিল।
-
আং চান চ্যু কি
আং চান চ্যু কি (Aung San Suu Kyi; জন্ম: ১৯ জুন ১৯৪৫) হৈছে এগৰাকী ম্যানমাৰৰ ৰাজনীতিজ্ঞ, কূটনীতিজ্ঞ, লেখক আৰু ১৯৯১ চনৰ শান্তিৰ ন'বেল বঁটা বিজয়ী মহিলা যিয়ে ২০১৬-২০২১ লৈকে ম্যানমাৰৰ ৰাজ্য পৰিষদৰ (প্ৰধান মন্ত্ৰীৰ সমতুল্য) আৰু বৈদেশীক নীতিৰ মন্ত্ৰিত্ব পদৰ দায়িত্বভাৰ লৈ আছিল।
-
কৈলাস সত্যাৰ্থী
কৈলাস সত্যাৰ্থী (Kailash Satyarthi; জন্ম: ১১ জানুৱাৰী ১৯৫৪) ভাৰতৰ এজন শান্তিৰ ন'বেল বঁটা বিজয়ী সক্ৰিয় শিশু অধিকাৰ কৰ্মী। ২০১৪ চনত তেওঁক পাকিস্তানী সমাজকৰ্মী মালালা ইউছুফজাইৰ সৈতে যুটীয়াভাৱে “শিশু অৱদমনৰ বিৰুদ্ধে আৰু সকলো শিশুৰ শিক্ষাৰ অধিকাৰৰ হকে কৰি অহা সংগ্ৰামৰ বাবে” শান্তিৰ ন'বেল বঁটাৰে…
-
বিশ্ব খাদ্য কাৰ্যসূচী
বিশ্ব খাদ্য কাৰ্যসূচী (World Food Programme, WFP) হৈছে ৰাষ্ট্ৰসংঘৰ খাদ্য-সাহায্য শাখা আৰু বিশ্বৰ সৰ্ববৃহৎ মানৱহিতৈষী সংস্থা। এওঁলোকৰ মূল লক্ষ্য হৈছে ক্ষুধা-নিৰ্মূল আৰু খাদ্য সুৰক্ষা। ১৯৬১ চনত স্থাপিত হোৱা এই বিশেষ সংস্থাটোৰ মুখ্য কাৰ্যালয় ৰোমত অৱস্থিত। বিশ্বৰ ৮০খন দেশত তেওঁলোকৰ কাৰ্যালয় আছে।
-
জেন এডামছ্
লাওৰা জেন এডামছ্ (৬ ছেপ্টেম্বৰ, ১৮৬০ – ১৯৩৫ চনৰ ২১ মে') এগৰাকী আমেৰিকান কৰ্মী, সমাজ সংস্কাৰক, সমাজকৰ্মী, সমাজবিজ্ঞানী, ৰাজহুৱা প্ৰশাসক, দাৰ্শনিক, আৰু লেখিকা আছিল। সমাজসেৱা আৰু মহিলাৰ ভোটাধিকাৰৰ ইতিহাসত তেখেত এগৰাকী নেত্ৰী হিচাপে পৰিচিত।
-
ডিমিট্ৰি মুৰাটভ
ডিমিট্ৰি আন্দ্ৰেয়েভিচ মুৰাটভ (Dmitry Muratov, জন্ম: ৩০ অক্টোবৰ ১৯৬১) এগৰাকী ৰাছিয়ান সাংবাদিক আৰু ৰাছিয়াৰ বাতৰি কাকত নোভায়া গাজেটাৰ মুখ্য সম্পাদক। গণতন্ত্ৰ আৰু স্থায়ী শান্তিৰ বাবে পূৰ্বচৰ্ত বুলি বিবেচিত মত প্ৰকাশৰ স্বাধীনতাক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে ২০২১ বৰ্ষত সাংবাদিক…
-
ডেনিছ মুকৱেগে
ডেনিছ মুকেংগেৰে মুকৱেগে এজন গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ কংগো দেশৰ মানৱ অধিকাৰকৰ্মী তথা স্ত্ৰীৰোগ বিশেষজ্ঞ। তেওঁ বুকাভুত পাঞ্জি চিকিৎসালয় স্থাপন কৰিছিল। তেওঁ কংগো দেশত সন্ত্ৰাসবাদীয়ে যৌন নিৰ্যাতন চলাই ধৰ্ষণ কৰা মহিলা সকলক চিকিৎসা প্ৰদান কৰিছিল।
-
তাৱাক্কল কাৰমান
তাৱাক্কল আব্দেল-চালাম কাৰমান (জন্ম: ৭ ফেব্ৰুৱাৰী ১৯৭৯) এগৰাকী য়েমেনৰ সাংবাদিক, ৰাজনীতিক আৰু য়েমেনৰ আল-ইছলাহ ৰাজনৈতিক দলৰ প্ৰবীণ সদস্য। তদুপৰি কাৰমান এগৰাকী মানবাধিকাৰ কৰ্মী হিচাপেও দীৰ্ঘদিন ধৰি কাম কাজ চলাই আছে। তেওঁ “ৱমেন জাৰ্ণালিষ্ট উইথআউট চেইন্স” নামৰ নাৰী সাংবাদিকদৰ এটি দলক নেতৃত্ব দিয়ে।
-
নাদিয়া মুৰাদ
নাদিয়া মুৰাদ বাছি তাহা (نادیە موراد, نادية مراد; জন্ম: ১৯৯৩) ইৰাক দেশৰ এগৰাকী য়াযিদি কুৰ্দিছ মানৱ অধিকাৰকৰ্মী। তেওঁ ইছলামিক ষ্টেট অফ ইৰাক এণ্ড দা লেভেণ্টৰ দ্বাৰা অপহৰণ কৰি তিনি মাহৰ বাবে বন্দী অৱস্থাত আছিল।
-
মাৰিয়া ৰেচ্ছা
মাৰিয়া এঞ্জেলিটা ৰেচ্ছা (Maria Angelita Ressa (জন্ম-২ অক্টোবৰ, ১৯৬৩)) হৈছে ফিলিপাইনছৰ এগৰাকী সাংবাদিক আৰু লেখক। তেখেত ফিলিপাইনছৰ অনলাইন সংবাদ ৱেবছাইট ৰেপলাৰৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক। তেখেত ফিলিপাইনছৰ প্ৰথমগৰাকী স্বতন্ত্ৰ ন'বেল বঁটা বিজয়ী।
-
আবি আহমেদ আলি
আবি আহমেদ আলি (সংক্ষেপে আবি আহমেদ অথবা আবি;জন্ম ১৫ আগষ্ট ১৯৭৬) এগৰাকী ইথিঅ'পিয়াৰ ৰাজনীতিবিদ আৰু ২ এপ্ৰিল ২০১৮ চনৰ পৰা ইথিঅ'পিয়াৰ ১৫তম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ ইথিঅ'পিয়ান পিপল'ছ ৰেভুল্যছনেৰী ডেম'ক্ৰেটিক ফ্ৰণ্ট আৰু অৰুমু ডেম'ক্ৰেটিক পাৰ্টিৰ অধ্যক্ষৰ পদত অধিষ্ঠিত আছিল।
-
এমিলি গ্ৰীণ বালচ
এমিলি গ্ৰীণ বালচ (Emily Greene Balch; ৮ জানুৱাৰী, ১৮৬৭ – ৯ জানুৱাৰী, ১৯৬১)এগৰাকী আমেৰিকান অৰ্থনীতিবিদ, সমাজবিজ্ঞানী আৰু শান্তিবাদী আছিল। বালচে ৱেলেছলি কলেজত শৈক্ষিক কেৰিয়াৰৰ সৈতে দৰিদ্ৰতা, শিশু শ্ৰম, আৰু অনুপ্ৰৱেশৰ দৰে সামাজিক বিষয়সমূহৰ প্ৰতি দীৰ্ঘদিনীয়া আগ্ৰহ দেখুৱাইছিল৷ ইয়াৰ লগতে দৰিদ্ৰ…
-
সুআন মানুৱেল ছাণ্ট'ছ কাল্ডে'ৰ'ন
সুআন মানুৱেল ছাণ্ট'ছ কাল্ডে'ৰ'ন (Juan Manuel Santos Calderón) (;জন্ম: ১০ আগষ্ট, ১৯৫১) কলম্বিয়াৰ বৰ্তমান তথা ৩২তম ৰাষ্ট্ৰপতি। তেওঁ ২০১৬ চনত বাবে শান্তিৰ নোবেল বঁটা লাভ কৰে। তেওঁ এজন বিখ্যাত অৰ্থনীতিবিদ আৰু সাংবাদিক।
-
জয়ীতা গুপ্ত
জয়ীতা গুপ্ত ( Joyeta Gupta) জন্ম ভাৰতৰ দিল্লীত; তেওঁ পৰিৱেশ আৰু উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা এগৰাকী সমাজ বিজ্ঞানী। জলবায়ু ন্যায়, বহনক্ষমতা আৰু গ্ল’বেল জাষ্টিছৰ বিশিষ্ট অধ্যাপিকা (আমষ্টাৰডাম বিশ্ববিদ্যালয়), আৰু গ্ল’বেল চাউথৰ পৰিৱেশ আৰু উন্নয়নৰ অধ্যাপিকাও আৰু আই এইচ ই-ডেলফ্ট ইনষ্টিটিউট ফৰ…
-
নাৰ্গেছ মহম্মদী
নাৰ্গেছ মহম্মদী (Narges Mohammadi; জন্ম: ২১ এপ্ৰিল ১৯৭২) এজন ইৰানী মানৱ অধিকাৰ কৰ্মী আৰু শান্তিৰ নোবেল বঁটা বিজয়ী। বৰ্তমান তেওঁ শান্তিৰ নোবেল বঁটা বিজয়ী শ্বিৰিন এবাডীৰ নেতৃত্বত গঠিত ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটছ চেণ্টাৰ (মানৱ অধিকাৰ ৰক্ষক কেন্দ্ৰ) চমুকৈ DHRCৰ উপ-সভানেত্ৰী।
-
মাৰিয়া ক'ৰিনা মাচাডো
মাৰিয়া ক'ৰিনা মাচাডো পেৰিস্কা ( María Corina Machado Parisca; জন্ম: ৭ অক্টোবৰ ১৯৬৭) এগৰাকী ভেনিজুৱেলাৰ ৰাজনীতিবিদ আৰু উদ্যোগিক অভিযন্তা। তেওঁ এগৰাকী প্ৰভাৱশালী বিৰোধী নেত্ৰী। ২০১১ চনৰ পৰা ২০১৪ চনলৈকে ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
-
শ্বিৰিন এবাদি
শ্বিৰিন এবাদি(Shirin Ebadi; জন্ম: ২১ জুন ১৯৪৭) ইৰাণৰ এগৰাকী নোবেল বঁটা বিজয়ী, অধিবক্তা, লেখক, শিক্ষক আৰু ইৰাণৰ ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটছ চেণ্টাৰৰ প্ৰাক্তন ন্যায়াধীশ আৰু প্ৰতিষ্ঠাপক।
-
ৱাংগাৰি মাথাই
ৱাংগাৰী মাথাই (Wangarĩ Maathai; ১ এপ্ৰিল ১৯৪০ – ২৫ ছেপ্টেম্বৰ ২০১১) কেনিয়াৰ এগৰাকী সামাজিক, পৰিৱেশ আৰু ৰাজনৈতিক কৰ্মী যি গ্ৰীণ বেল্ট আন্দোলন প্ৰতিষ্ঠা কৰিছিল৷ এয়া এক পৰিৱেশনিৰ্ভৰ বেচৰকাৰী সংস্থা যি বৃক্ষৰোপণ, পৰিৱেশ সংৰক্ষণ আৰু মহিলাৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।