অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কোমল চাউল

কোমল চাউল অসমত উৎপাদিত হোৱা একপ্ৰকাৰৰ চাউল। সাধাৰণতে চকোৱা, নানিয়া বা তেনেধৰণৰ ধানৰ পৰা কোমল চাউল উৎপাদন কৰা হয়। এই চাউল নিসিজোৱাকৈ খোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি বাবেই বিশেষ সমাদৰ লাভ কৰিছে।

হালনাগাদ: ৩ এপ্ৰিল ২০২১ ৫১১ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

কোমল চাউল অসমত উৎপাদিত হোৱা একপ্ৰকাৰৰ চাউল। সাধাৰণতে চকোৱা, নানিয়া বা তেনেধৰণৰ ধানৰ পৰা কোমল চাউল উৎপাদন কৰা হয়। এই চাউল নিসিজোৱাকৈ খোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি বাবেই বিশেষ সমাদৰ লাভ কৰিছে। কুহুমীয়া বা গৰম পানীত ১০ পৰা ১৫ মিনিট তিয়াই ললে বা ঠাণ্ডা পানীত ৩০ মিনিট মান তিয়ালে এই চাউল খোৱাৰ বাবে উপযোগী হৈ পৰে। এনে গুণৰ বাবে ই দেশ-বিদেশত বিশেষভাৱে সমাদৃত। অসমীয়া সমাজত বিহুৰ জলপান হিচাপে বিশেষ স্থান আছে।

কোমল চাউলৰ এক প্ৰকাৰ বোকা চাউলে ২০১৮ চনত ভাৰতৰ ভৌগোলিক স্বীকৃতি লাভ কৰে।১২

উৎপাদন

অসমৰ প্ৰায়বোৰ জিলাতেই৩ কোমল চাউলৰ খেতি কৰা হয়। ইয়াৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনটো কিছু পৰিমাণে প্ৰধানকৈ শালি ধান হিচাপে বোকা চাউলৰ খেতি কৰা হয়। এই খেতি জুন মাহত আৰম্ভ হয় আৰু ডিচেম্বৰ মাহলৈ এই ধান চপোৱা হয়।

১৭ শতিকাত মোগলৰ সৈতে যুঁজ দিয়া আহোম সৈন্যৰ বাবে ই আছিল দেহৰ শক্তিদায়ী ইন্ধন।

প্ৰস্তুতকৰণ পদ্ধতি

কোমল চাউল প্ৰস্তুত কৰাৰ বাবে দুটা প্ৰক্ৰিয়া আছে। কোমল চাউল প্ৰস্তত কৰিবৰ বাবে কোমল ধানৰ প্ৰয়োজন হয়। সাধাৰণতে চকোৱা, নানিয়া বা তেনেধৰণৰ ধানৰ পৰা কোমল চাউল উৎপাদন কৰা হয়। ডাঙৰ কেৰাহি এটাত পানী গৰম কৰি কোমল ধানখিনি চালি জাৰি লৈ কেৰাহিত দিব লাগে। এতিয়া কেৰাহিৰ ওপৰত ডলা বা বস্তাৰে ঢাকি দিব লাগে। প্ৰায় ১ ঘণ্টাৰ পিচত জুইৰ তাপত দুই এটাকৈ ধান ফাটিবলৈ ধৰিব। সম্পূৰ্ণকৈ সিজিলে বা গোটেই ধানবোৰ ফাটিলে চালনীৰে কাঢ়ি টুকি পেলাব লাগে। পানী নিগৰি শেষ হ’লেই চোতালত বাঁহৰ ঢাৰি পাৰি ৰ’দত পাতলকৈ মেলি দিব লাগে আৰু ঘনে ঘনে লৰাই থাকিব লাগে। ধানখিনি একে ৰ’দত শুকুৱাই পেলোৱা বাধ্যতামূলক। নহ’লে চাউলখিনিৰ সোৱাদ নষ্ট হৈ যায়। ধান গৰমে গৰমে বস্তাত ভৰাই থৈ দুদিনৰ পিচত মিলত বা ঢেঁকীত খুন্দি চালি জাৰি সাঁচি ৰাখিব লাগে। আগৰ দিনত কোমল চাউল মাটিৰ কলহত ভৰাই ৰাখিছিল। কোমল চাউল বহুদিনলৈ ৰাখিব নালাগে। মলঙি যায়। পৰিবেশনৰ বাবে এঘণ্টামানৰ বাবে আগেয়ে তিয়াই ৰাখি পিচত গাখীৰ, দৈ, গুৰ আদিৰে জলপান প্ৰস্তুত কৰা হয়।

দৈ, গুৰ, ৰসগোল্লা, বুন্দিয়াৰে কোমল চাউল
দৈ, গুৰ, ৰসগোল্লা, বুন্দিয়াৰে কোমল চাউলছবি: Nayan j Nath · CC BY-SA 4.0

আনটো পদ্ধতি মতে, কোমল ধানখিনি ভালকৈ নিতিওঁৱাকৈ ৰ’দত শুকুৱাব লাগে। ভালকৈ শুকালেই ধান গৰমে গৰমে বস্তাত ভৰাই পিছদিনাই মিলত বা ঢেঁকীত খুন্দি চাউল জাৰি-ফুকি লৈ এটা সৰু কেৰাহিত এখোলা দুখোলাকৈ চাউলখিনি ভাজিব লাগে। এনে কৰোঁতে চৌকাৰ জুই এটা নিদিষ্ট পৰিমাণত ৰাখিব লাগে। যেতিয়া চাউলখিনি অলপ অলপ ৰঙচুৱাহৈ পৰিব তেতিয়া কেৰাহিৰ পৰা কাঢ়ি আনি সাঁচি ৰাখিব পাৰিব। তাৰ পিচত খোৱাৰ কিছু সময়ৰ আগতে গৰম গাখীৰ বা গৰম পানী দিলেই কুমলি যাব। তাৰপিছত গুৰ মিহলি কৰি পৰিবেশন কৰিব পাৰে।

পুষ্টি আৰু ব্যৱহাৰ

কুহুমীয়া বা গৰম পানীত ১০ পৰা ১৫ মিনিট তিয়াই ললে বা ঠাণ্ডা পানীত ৩০ মিনিট মান তিয়ালে কোমল চাউল খোৱাৰ বাবে উপযোগী হৈ পৰে। কোমল হোৱাৰ পিছত গুৰ, দৈ, গাখীৰ, কল আদিৰ লগত ইয়াক খোৱা হয়। অসমীয়া সকলে বোকা চাউলক জলপান হিচাপে খায়। মাঘ বিহুৰ ই অন্যতম বিহুৰ খাদ্য।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৈৱপ্ৰযুক্তিবিদ্যা বিভাগে এই চাউলৰ ওপৰত গৱেষণা কৰি ইয়াৰ পুষ্টিতত্ত্ববোৰ চিহ্নিত কৰিছে। তেওঁলোকৰ গৱেষণাৰ মতে কোমল চাউলত ১০.৭৩ শতাংশ ফাইবাৰ আৰু ৬.৪ শতাংশ প্ৰটিন থাকে আৰু এই ধানৰ প্ৰজাতিত মাত্ৰ ৪ পৰা ৫ শতাংশহে এমায়ল'জ থাকে।

খাদ্য প্ৰকৰণ

কোমল চাউল দৈ বা এঁৱা গাখীৰৰ উপৰিও নিমখ, তেল আদাৰ লগতো খাব পাৰি। কেতিয়াবা ইয়াৰ লগত কেইটানমান তিয়াই থোৱা বুটমাহ মিহলাইও নিমখ তেল দি খাব পাৰি।

ভৌগোলিক স্বীকৃতি

২০১৬ চনত নলবাৰীৰ লটাছ প্ৰগ্ৰেচীভ চেণ্টাৰ আৰু গুৱাহাটীৰ চেণ্টাৰ ফৰ এনভাৰমেণ্ট এডুকেচনে কোমল চাউলৰ এক প্ৰকাৰ বোকা চাউলৰ ভৌগোলিক স্বীকৃতিৰ বাবে আবেদন কৰিছিল। ২০১৮ চনৰ আগষ্ট মাহত বোকা চাউলে ভৌগোলিক স্বীকৃতি লাভ কৰিলে।৪

তথ্যসূত্ৰ

  1. ↑ (2018-08-11). ‘The rice that needs no cooking’: magic rice variety from Assam gets GI tag
  2. ↑ ভৌগোলিক চিহ্ন প্ৰাপ্ত অসমৰ যাদুকৰী চাউল–কোমল চাউল বা বোকা চাউল: — বিকাশপেডিয়া
  3. ↑ (2018-08-10). Boka Saul of Assam "That Needs No Cooking" Gets GI Tag » Northeast Today
  4. ↑ Soft rice grown in Assam in line for GI tag

সম্পৰ্কিত শ্ৰেণী

অসমৰ খাদ্যশস্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোমল চাউল” প্ৰবন্ধৰ সংশোধন ২৬৯৯৬৯ (৩ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।