
কণী ধান ( Foxtail Millet) (বৈজ্ঞানিক নাম: Setaria italica; সমাৰ্থক Panicum italicum L.), মানুহৰ খাদ্যৰ বাবে খেতি কৰা এবিধ বাৰ্ষিক শস্য। ই দ্বিতীয় সৰ্বাধিক ৰোপণ কৰা বজৰাৰ এটা প্ৰজাতি আৰু এছিয়াত সৰ্বাধিক উৎপাদিত বজৰাৰ প্ৰজাতি। কণী ধান বজৰাৰ খেতিৰ আটাইতকৈ প্ৰাচীন প্ৰমাণ চীনৰ চিছানত ইয়েলো নদীৰ প্ৰাচীন অৱবাহিকাত পোৱা গৈছিল, আজিৰ পৰা প্ৰায় ৮,০০০ বছৰৰ আগৰ বুলি ধৰা হৈছে।১২ ভাৰতত ফক্সটেইল বজৰা বা কণী ধানৰ খেতিও প্ৰাচীন কালৰ পৰাই চলি আহিছে৷ এই প্ৰজাতিৰ আন নামসমূহ হ’ল বামন চেটাৰিয়া, ফক্সটেইল ব্ৰিষ্টল-গ্ৰাছ, জায়ান্ট চেটাৰিয়া, সেউজীয়া ফক্সটেইল, ইটালীয় বাজৰা, জাৰ্মান বাজৰা আৰু হাংগেৰিয়ান বাজৰা৷
বৰ্ণনা
কণী ধান হৈছে এবিধ বাৰ্ষিক শস্য, যাৰ কাণ্ড মিহি, উলম্ব, পাতল আৰু ইয়াৰ উচ্চতা ১২০–২০০ চে.মি.৷
বীজৰ মূৰটো ৫–৩০ চে.মি. (২ ইঞ্চি – ১ ফুট ০ ইঞ্চি) দীঘল ঘন, লোমশ গুটি।
প্ৰায় ২ মিলিমিটাৰ (৩⁄৩২ ইঞ্চি) ব্যাসৰ সৰু বীজবোৰ পাতল, কাগজৰ দৰে খোলা এটাত আবদ্ধ থাকে, যিটো মৰণা মৰা হ’লে সহজে আঁতৰি যায়। বিভিন্ন জাতৰ মাজত বীজৰ ৰং বহু পৰিমাণে ভিন্ন হয়।
কৃষি
ভাৰতত ফক্স টেইল বজৰাৰ খেতি এতিয়াও ইয়াৰ শুষ্ক আৰু অৰ্ধশুষ্ক অঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ শস্য।[12] দক্ষিণ ভাৰতত সংগম যুগৰ পৰাই দীৰ্ঘদিন ধৰি মানুহৰ মাজত ই প্ৰধান খাদ্য হিচাপে পৰিগণিত হৈ আহিছে। পুৰণি তামিল গ্ৰন্থত ইয়াৰ বিষয়ে প্ৰায়ে উল্লেখ কৰা পোৱা যায় আৰু ই সাধাৰণতে ভগৱান মুৰুগান আৰু তেওঁৰ পত্নী ভল্লীৰ আখ্যানৰ সৈতে জড়িত হৈ আছে।
ভাৰতৰ অসমৰ কাৰ্বি আংলং জিলাত বজৰা কাৰ্বিসকলৰ খাদ্য ব্যৱস্থাৰ লগতে ঝুম খেতি পথাৰৰো অবিচ্ছেদ্য অংগ হৈ আহিছে। হাঞ্জাংমিলেন নামৰ কাৰ্বি কণী ধান বজৰাৰ আগতেও ঝুম পথাৰত দেখা গৈছিল। কিন্তু আজিকালি ঝুম পথাৰত প্ৰায়েই দেখা পোৱা নগৈছিল। কিন্তু কৃষকসকলে এতিয়া পৰম্পৰাগত শস্যক নিজৰ খাদ্য ব্যৱস্থালৈ ঘূৰাই আনিছে, যিটোৰ বাবে পানীৰ প্ৰয়োজন কম, কম উৰ্বৰ মাটিতো ভালদৰে গজে, দ্ৰুতগতিত বৃদ্ধি পায় আৰু অতি কম ৰোগত আক্ৰান্ত হয়।
চীনৰ উত্তৰ অংশত ছুং বংশৰ আগতে ঘেঁহু মূল খাদ্য হোৱাৰ আগতে কণী ধান বজৰা মূল খাদ্য আছিল৷ বৰ্তমানেও ই আটাইতকৈ সাধাৰণ বাজৰা আৰু দেশৰ শুকান উত্তৰ অংশত বিশেষকৈ দুখীয়া লোকৰ মাজত অন্যতম প্ৰধান খাদ্য শস্য। দক্ষিণ-পূব এছিয়াত ফক্স টেইল বজৰাৰ খেতি সাধাৰণতে ইয়াৰ শুকান, উচ্চভূমি অঞ্চলত কৰা হয়।৩ ইউৰোপ আৰু উত্তৰ আমেৰিকাত ইয়াক ঘাঁহ আৰু চাইলেজৰ বাবে মধ্যমীয়া পৰিসৰত আৰু চৰাইৰ বীজৰ বাবে অধিক সীমিত পৰিমাণে ৰোপণ কৰা হয়।
তথ্যসূত্ৰ
- ↑ Houyuan Lu. (2009). Earliest domestication of common millet (Panicum miliaceum) in East Asia extended to 10,000 years ago. Proceedings of the National Academy of Sciences of the United States of America
- ↑ Ian S Hornsey. (2012). Alcohol and its Role in the Evolution of Human Society. পৃ. 254–256 (chapter 4.7.3)
- ↑ Castillo, Cristina. (2010). 50 Years of Archaeology in Southeast Asia. ISBN 978-6167339023
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কণী ধান” প্ৰবন্ধৰ সংশোধন ৬৩২৩৯৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।