ৰাণী আব্বাক্কা চৌটা (Abbakka Chowta) উল্লালৰ প্ৰথম টুলুভা ৰাণী আছিল। তেওঁ ষোড়শ শতিকাৰ শেষাৰ্ধত পৰ্তুগীজসকলৰ সৈতে যুঁজিছিল। তেওঁ চৌটা ৰাজবংশৰ আছিল আৰু ভাৰতৰ উপকূলীয় কৰ্ণাটক (টুলুনাডু)ৰ কিছু অংশত শাসন কৰিছিল। তেওঁলোকৰ ৰাজধানী আছিল পুট্টিগে। ১ উল্লালৰ বন্দৰ চহৰখনে তেওঁলোকৰ সহায়ক ৰাজধানী হিচাপে কাম কৰিছিল। পৰ্তুগীজসকলে উল্লালক ইয়াৰ কৌশলগত অৱস্থানৰ বাবে নিজৰ অধীনলৈ আনিবলৈ কেইবাবাৰো প্ৰয়াস কৰিছিল। কিন্তু আব্বাক্কাই চাৰি দশকতকৈও অধিক সময় ধৰি তেওঁলোকৰ প্ৰতিটো আক্ৰমণক প্ৰতিহত কৰিছিল। তেওঁৰ সাহসিকতাৰ বাবে তেওঁক অভয়া ৰাণী বা নিৰ্ভীক ৰাণী হিচাপে পৰিচিত হৈছিল।২৩ তেওঁ ঔপনিৱেশিকতাৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰাচীনতম ভাৰতীয়সকলৰ মাজৰ এগৰাকী আছিল আৰু সেয়ে কেতিয়াবা তেওঁক 'ভাৰতৰ প্ৰথম মহিলা স্বাধীনতা সংগ্ৰামী' বুলি গণ্য কৰা হয়।৪৫ কৰ্ণাটক ৰাজ্যত তেওঁক ৰাণী কিট্টুৰ চেন্নাম্মা, কেলাদি চেন্নাম্মা, ৰাণী চেন্নাভাইৰাদেৱী আৰু ওনাকে ওবাভাৰ সৈতে বীৰাংগনা, মহিলা যোদ্ধা আৰু দেশপ্ৰেমী হিচাপে স্মৰণ কৰা হয়।৬
প্ৰাৰম্ভিক জীৱন
চৌটাসকলে দিগম্বৰ জৈন বাণ্ট সম্প্ৰদায়ৰ মাতৃতান্ত্ৰিক উত্তৰাধিকাৰ বা আলিয়াসাণ্টানা প্ৰণালী অনুসৰণ কৰিছিল। ইয়াৰ ফলত আব্বাক্কাৰ খুৰাক তিৰুমালা ৰায়ে তেওঁক উল্লালৰ ৰাণীৰ মুকুট পিন্ধাইছিল। তেওঁ মাংগালোৰৰ বংগ ৰাজ্যৰ ৰজা লক্ষ্মণপ্পা আৰাছা বংগৰাজা দ্বিতীয়ৰ সৈতে আব্বাক্কাৰ বৈবাহিক সম্বন্ধ গঢ়ি তুলিছিল।৭ এই মিত্ৰতাই পিছলৈ পৰ্তুগীজসকলৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছিল। তিৰুমালা ৰায়ে আব্বাক্কাক যুদ্ধ আৰু সামৰিক ৰণনীতিৰ বিভিন্ন দিশত প্ৰশিক্ষণ দিছিল। অৱশ্যে তেওঁলোকৰ বৈবাহিক সম্বন্ধ কম সময়ৰ বাবে আছিল আৰু পিছলৈ আব্বাক্কা উল্লাললৈ ঘূৰি আহিছিল। তেওঁৰ স্বামীয়ে এনেদৰে আব্বাক্কাৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ আকাংক্ষা কৰিছিল আৰু পিছত আব্বাক্কাৰ বিৰুদ্ধে তেওঁলোকৰ যুঁজত পৰ্তুগীজসকলৰ সৈতে যোগ দিছিল।৮
ঐতিহাসিক পটভূমি
গোৱাক অতিক্ৰম কৰি ইয়াক নিয়ন্ত্ৰণলৈ অনাৰ পিছত পৰ্তুগীজসকলে ইয়াৰ দক্ষিণদিশে আৰু উপকূল অঞ্চলত মনোযোগ দিছিল। তেওঁলোকে প্ৰথমে ১৫২৫ চনত দক্ষিণ কানাড়া উপকূলত আক্ৰমণ কৰিছিল আৰু মাংগালোৰ বন্দৰ ধ্বংস কৰিছিল। উল্লাল এখন সমৃদ্ধ বন্দৰ আৰু আৰৱ আৰু পশ্চিমৰ অন্যান্য দেশলৈ মছলা বাণিজ্যৰ কেন্দ্ৰ আছিল। লাভজনক বাণিজ্য কেন্দ্ৰ হোৱাৰ বাবে পৰ্তুগীজ, ডাচ্চ আৰু ব্ৰিটিছে অঞ্চলটোৰ লগতে বাণিজ্য পথৰ নিয়ন্ত্ৰণৰ বাবে ইজনে সিজনৰ সৈতে প্ৰতিযোগিতাত মিলিত হৈছিল। অৱশ্যে তেওঁলোকে বিশেষ আগবাঢ়িব পৰা নাছিল কিয়নো স্থানীয় শাসকসকলৰ প্ৰতিৰোধ যথেষ্ট শক্তিশালী আছিল। স্থানীয় শাসকসকলে আনকি জাতি আৰু ধৰ্মীয় সীমাৰেখা কৰ্তন কৰি মিত্ৰতা গঢ়ি তুলিছিল।৯
ৰাণী আব্বাক্কাৰ প্ৰশাসনে জৈন আৰু হিন্দুসকলৰ লগতে মুছলমানসকলক অতি সুন্দৰকৈ প্ৰতিনিধিত্ব কৰিছিল। ঐতিহাসিক গৱেষণাই এয়া প্ৰকাশ কৰে যে ষোড়শ শতিকাত তেওঁৰ শাসনকালত বেৰী সম্প্ৰদায়ৰ পুৰুষসকলে নৌ বাহিনীত নাবিক হিচাপে কাম কৰিছিল। ৰাণী আব্বাক্কাই ব্যক্তিগতভাৱে মালালীত বান্ধ নিৰ্মাণৰ তদাৰক কৰিছিল আৰু তেওঁ বোল্ডাৰৰ কামৰ বাবে বেৰীসকলক নিযুক্ত কৰিছিল। তেওঁৰ সৈন্যবাহিনীও সকলো সম্প্ৰদায় আৰু জাতিৰ লোকৰে গঠিত আছিল। তেওঁ আনকি কালিকটৰ জামোৰিন সকলৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল। একেলগে তেওঁলোকে পৰ্তুগীজসকলক পৰাহত কৰি ৰাখিছিল। চুবুৰীয়া বংগ ৰাজবংশৰ সৈতে বৈবাহিক সম্পৰ্কে স্থানীয় শাসকসকলৰ মিত্ৰতাত অধিক শক্তি যোগ কৰিছিল। তেওঁ বিদনুৰৰ শক্তিশালী ৰজা ভেংকটাপ্পানায়কাৰ পৰাও সমৰ্থন লাভ কৰিছিল আৰু পৰ্তুগীজ বাহিনীৰ ভাবুকিক উপেক্ষা কৰিছিল।১০
পৰ্তুগীজৰ বিৰুদ্ধে যুদ্ধ
আব্বাক্কাৰ কৌশলৰ দ্বাৰা স্পষ্টভাৱে বিচলিত পৰ্তুগীজসকলে চৌটাক বৈশ্যতা স্বীকাৰ কৰি তেওঁলোকক কৰ দিবলৈ দাবী কৰিছিল কিন্তু আব্বাক্কাই তেওঁলোকক কৰ পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰিছিল। ১৫৫৫ চনত পৰ্তুগীজসকলে এডমিৰেল ডম এলভাৰ' দা চিলভেইৰাক কৰ পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত চৌটা ৰাজ্যৰ সৈতে যুঁজিবলৈ পঠিয়াইছিল।১১ এই যুদ্ধত ৰাণী আব্বাক্কাই আকৌ এবাৰ চৌটাক নিজৰ ক্ষমতাত ধৰি ৰাখিবলৈ সক্ষম হয় আৰু সফলতাৰে তেওঁলোকৰ আক্ৰমণক প্ৰতিহত কৰে।১২
১৫৫৭ চনত পৰ্তুগীজসকলে মাংগালোৰ লুণ্ঠন কৰে। ১৫৬৮ চনত তেওঁলোকে উল্লালৰ প্ৰতি আকৌ মনোযোগ দিছিল কিন্তু আব্বাক্কা ৰাণীয়ে তেওঁলোকক পুনৰ প্ৰতিৰোধ কৰিছিল। তাৰপিছত পৰ্তুগীজ ভাইচৰয় এণ্টেনিঅ' নৰোনহাৰে জৱাঅ' পেইক্সোটো নামৰ এজন পৰ্তুগীজ জেনেৰেল আৰু সৈনিকৰ এটা দল সমুদ্ৰিক পথেৰে প্ৰেৰণ কৰা হৈছিল। তেওঁলোকে উল্লাল চহৰ দখল কৰিবলৈ সক্ষম হৈছিল আৰু ৰাজকীয় দৰবাৰত প্ৰৱেশ কৰিছিল। অৱশ্যে আব্বাক্কা ৰাণী পলাই গৈছিল আৰু এখন মছজিদত আশ্ৰয় লৈছিল। একে ৰাতি তেওঁ তাইৰ প্ৰায় ২০০জন সৈনিকক একত্ৰিত কৰিছিল আৰু পৰ্তুগীজসকলৰ ওপৰত আক্ৰমণ চলাইছিল। এই যুদ্ধত জেনেৰেল পেইক্সোটো নিহত হয় আৰু সত্তৰজন পৰ্তুগীজ সৈন্যক বন্দী কৰি লোৱা হয়। ইয়াৰ লগতে আন বহুতো পৰ্তুগীজ সৈন্য পিছুৱাই যাবলৈ বাধ্য হয়। পৰৱৰ্তী আক্ৰমণত আব্বাক্কা ৰাণী আৰু তেওঁৰ সমৰ্থকসকলে এডমিৰেল মাস্কাৰেনহাছক হত্যা কৰে আৰু পৰ্তুগীজসকলেও মাংগালোৰ দুৰ্গ এৰি দিবলৈ বাধ্য হয়।১২
পিছলৈ পৰ্তুগীজসকলে কেৱল মাংগালোৰ দুৰ্গ পুনৰ দখল কৰাই নহয় লগতে কুণ্ডাপুৰ (বাসৰুৰ) দখল কৰিছিল। এই লাভৰ স্বত্বেও আব্বাক্কা ৰাণী তেওঁলোকৰ বাবে ভাবুকিৰ উৎস হৈ থাকিল। ৰাণীৰ বিচ্ছিন্ন স্বামীৰ সহায়ত তেওঁলোকে উল্লালৰ ওপৰত আক্ৰমণ চলাইছিল। কেইবাবাৰো যুদ্ধৰ পিছতো কিন্তু আব্বাক্কা ৰাণীয়ে চৌটাক সুৰক্ষিত কৰি ৰাখিছিল। ১৫৭০ চনত তেওঁ আহমেদ নগৰৰ বিজাপুৰ চুলতান আৰু কালিকটৰ জামোৰিনৰ সৈতে মিত্ৰতা গঠন কৰে। তেওঁলোকেও পৰ্তুগীজসকলৰ বিৰোধিতাও কৰিছিল। জামোৰিনৰ সেনাপতি কুট্টি পোকাৰ মাৰ্কাৰে আব্বাক্কাৰ হৈ যুঁজ দিছিল আৰু মাংগালোৰত পৰ্তুগীজ দুৰ্গ ধ্বংস কৰিছিল কিন্তু ঘূৰি অহাৰ সময়ত তেওঁক পৰ্তুগীজসকলে হত্যা কৰিছিল। ইয়াৰ পিছত তেওঁৰ স্বামীৰ বিশ্বাসঘাতকতাৰ বাবে আব্বাক্কা যুদ্ধত পৰাজিত হয়। তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু কাৰাগাৰলৈ লৈ যোৱা হয়। কিন্তু কাৰাগাৰত তেওঁ বিদ্ৰোহ আৰম্ভ কৰিছিল আৰু যুঁজ দি শেষত মৃত্যুবৰণ কৰিছিল।১২
লোককথা আৰু কিংবদন্তি
পৰম্পৰাগত বিৱৰণ অনুসৰি তেওঁ এগৰাকী অত্যন্ত জনপ্ৰিয় ৰাণী আছিল আৰু তেওঁ কেইবাটাও লোককাহিনীৰ অংশ। ৰাণীৰ কাহিনী লোকগীত আৰু উপকূলীয় কৰ্ণাটকৰ জনপ্ৰিয় লোক থিয়েটাৰ যক্ষগণৰ জৰিয়তে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মৌখিক সাহিত্য হিচাপে প্ৰচলিত। দৈভা কোলা নামৰ এক স্থানীয় ৰীতিৰ নৃত্যত ব্যক্তিত্বজনে আব্বাক্কা মহাদেৱীৰ মহান কাৰ্য্যবোৰ বৰ্ণনা কৰে। আব্বাক্কাক সাধাৰণতে কৃষ্ণাংগ আৰু সুন্দৰ দেখুৱা হয়। লগতে তেওঁক সদায় সাধাৰণ পোছাক পিন্ধা ৰূপত প্ৰকাশ কৰা হয়। লোককথা সমূহত তেওঁক এগৰাকী যত্নশীল ৰাণী হিচাপে চিত্ৰিত কৰা হৈছে যিয়ে নিশা লৈকে ন্যায় প্ৰদান কৰি কাম কৰিছিল। কিংবদন্তি সমূহে লগতে দাবী কৰে যে আব্বাক্কা পৰ্তুগীজসকলৰ বিৰুদ্ধে যুঁজত অগ্নিবাণ বা অগ্নি প্ৰজ্বলিত কাড় ব্যৱহাৰ কৰা অন্তিমজন ব্যক্তি আছিল। কিছুমান বিৱৰণে এইটোও দাবী কৰে যে তেওঁৰ দুগৰাকী সমানে বীৰাংগনা ছোৱালী আছিল যিয়ে পৰ্তুগীজসকলৰ বিৰুদ্ধে যুদ্ধত তেওঁৰ সৈতে যুঁজিছিল।
স্মৃতিচিহ্ন
ৰাণী আব্বাক্কা তেওঁৰ গৃহ চহৰ উল্লালত বহুত জনপ্ৰিয়। "বীৰ ৰাণী আব্বাক্কা উৎসৱ" তেওঁৰ স্মৃতিত অনুষ্ঠিত হোৱা এক বাৰ্ষিক উদযাপন। অনুষ্ঠানটোত বিশিষ্ট মহিলাসকলক বীৰ ৰাণী আব্বাক্কা প্ৰশস্তি বঁটা প্ৰদান কৰা হয়।১৩ ২০০৩ চনৰ ১৫ জানুৱাৰীত ভাৰতীয় ডাক বিভাগে ৰাণী আব্বাক্কাক চিত্ৰিত কৰি এলানি ডাক টিকট জাৰি কৰিছিল। ইয়াৰ লগতে বাজপে বিমানবন্দৰৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰিবলৈ দাবী উত্থাপন কৰা হৈছে। ১৪ উল্লালত ৰাণীৰ এটা ব্ৰঞ্জৰ মূৰ্তি আৰু বাংগালোৰত আন এটা ব্ৰঞ্জৰ মূৰ্তি স্থাপন কৰা হৈছে।১৫ অমৰ চিত্ৰ কথাই 'ৰাণী আব্বাক্কা- দ্য কুইন হু নিউ ন' ফিয়াৰ' নামৰ এখন কিতাপ প্ৰকাশ কৰিছিল। কৰ্ণাটক ইতিহাস একাডেমীয়ে ৰাজ্যৰ ৰাজধানীত কুইনছ ৰোড পথটোক 'ৰাণী আব্বাক্কা দেৱী পথ' হিচাপে নামকৰণ কৰিবলৈ আহ্বান জনাইছে।১৬
ৰাণী আব্বাক্কা শ্ৰেণীৰ পেট্ৰ'ল জাহাজ
হিন্দুস্তান শ্বিপয়াৰ্ড লিমিটেডত নিৰ্মাণ কৰা পাঁচখন ইনশ্বৰ পেট্ৰ'ল জাহাজৰ (আইপিভি) শৃংখলাৰ প্ৰথমখন ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জাহাজ আইচিজিএছ ৰাণী আব্বাক্কাক ২০১২ চনৰ ২০ জানুৱাৰী তাৰিখে বিশাখাপট্টনমত কমিচন কৰা হৈছিল। আব্বাক্কা মহাদেৱী নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে আৰু ইয়াক চেন্নাইত ৰখা হৈছে।১৭১৮
বাহ্যিক সংযোগ
- আব্বাক্কা ৰাণী - অখ্যাত যোদ্ধা ৰাণী
- পশ্চিমীয়া উপনিবেশ স্থাপনকাৰীসকলৰ ওপৰত ৰাণী আব্বাক্কাৰ বিজয়
- জালুক ৰাণী আব্বাক্কা
- আব্বাক্কা, কৰ্ণাটকৰ যোদ্ধা ৰাণী
- ৰাণী আব্বাক্কাক তেওঁৰ প্ৰাপ্য দিয়া হোৱা নাই
- সাহসী আব্বাক্কা এতিয়াও তেওঁ প্ৰাপ্যৰ বাবে অপেক্ষা কৰি আছে
- বুৰঞ্জীবিদ ড° জ্যোৎস্না কামাতৰ আব্বাক্কাৰ ওপৰত প্ৰবন্ধ
তথ্যসূত্ৰ
- ↑ There are four places in Karnataka and Kerala whose modern name is Puttige or similar. None seems to have ever been larger than a village. Another candidate for the place is Puttur, a town which is the seat of a modern taluk (which also includes one of the villages called Puttige). An unsourced statement in the corresponding article in Kannada Wiki calls Puttur "the capital of a dynasty of kings" (ವಂಶದ ಅರಸರ ರಾಜಧಾನಿಯಾಗಿತ್ತು)
- ↑ Queen Abbakka's triumph over western colonisers. Press Information Bureau, Govt., of India
- ↑ The Intrepid Queen-Rani Abbakka Devi of Ullal
- ↑ Include Tulu in Eighth Schedule: Fernandes. Rediff.com
- ↑ Blend past and present to benefit future. The Times of India
- ↑ Freedom Fighter of the Coast, Rani Abbakka.
- ↑ K. Sanjiva Prabhu. (1977). Special Study Report on Bhuta Cult in South Kanara District. Controller of Publications, 1977. পৃ. 9–12
- ↑ Ponvannan, Gayathri. (31 January 2019). Unstoppable: 75 stories of trailblazing Indian women. Hachette Book Publishing India Pvt Ltd. পৃ. 272. ISBN 9789388322003
- ↑ Garodia Gupta, Archana. (Jan 2019). The women who ruled India: leaders, warriors, icons,. Hachette Books. পৃ. 312. ISBN 9789351951520
- ↑ Sarojini Shintri, Kurukundi Raghavendra Rao. (1983). Women freedom fighters in Karnataka. Prasaranga, Karnatak University. পৃ. 13, 14
- ↑ Kudva, Venkataraya Narayan. (1972). History of the Dakshinatya Saraswats. Samyukta Gowda Saraswata Sabha. পৃ. 107–110
- ↑ Kumar Mishra, Kailash. (Jan 2002). ABBAKKA RANI: THE UNSUNG WARRIOR QUEEN. Indira Gandhi National Centre for the Arts
- ↑ (2006-01-09). M.P. Prakash calls for revival of local culture. The Hindu
- ↑ (2002-12-30). Name Mangalore airport after Rani Abbakka: Dhananjaya. The Times of India
- ↑ (2007-01-27). Highlight freedom fighters' role in books, says Ashok. The Hindu
- ↑ OpenDocument&Highlight=0,abbakka Academy demands awards for historians. The Indian Express
- ↑ Coast Guard Inducts New Indigenous IPV Rani Abbakka. Livefist
- ↑ Ministry of Defence. (20 January 2012). 1st Inshore Patrol Vessel Commissioned into Coast Guard. Press Information Burea
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আব্বাক্কা চৌটা” প্ৰবন্ধৰ সংশোধন ৩৮৪৭৭০ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।