ছিলেটৰ মানুহে ৰচনা কৰা মৌখিক লোককথা, গল্প, যাত্ৰা আদিক সামূহিকভাৱে ছিলেটগীতিকা বুলি কোৱা হয়। ছিলেট অঞ্চলৰ প্ৰাচীন জনসাধাৰণৰ দৈনন্দিন জীৱনশৈলী, খিলঞ্জীয়াৰ জীৱিকা, সামন্তীয় শাসন ব্যৱস্থা, গ্ৰাম্য লোককথা, আৱেগিক অনুভূতি, প্ৰেম আৰু বিচ্ছেদ, যুদ্ধ আৰু সংঘাত, মানৱতাক ছিলেট গীতিকাৰ উৎস হিচাপে বিবেচিত হৈছে। অধ্যাপক আছাদৰ আলীয়ে প্ৰদান কৰা তালিকা অনুসৰি ছিলেট গীতিকাত ১২০টা লোককথা অন্তৰ্ভুক্ত কৰা হৈছে।১ ড° দীনেশ চন্দ্ৰ সেনৰ প্ৰচেষ্টাত চন্দ্ৰকুমাৰ দেয়ে পূব মাইমেনসিং আৰু ছিলেট অঞ্চলৰ পৰা সংগ্ৰহ কৰা গীতিকাসমূহ কলিকতা বিশ্ববিদ্যালয়ৰ দ্বাৰা পুৰবং গীতিকা আৰু মাইমেনসিং গীতিকা ধাৰাবাহিক হিচাপে প্ৰকাশ কৰা হৈছিল।২৩৪ তদুপৰি চৌধুৰী গোলাম আকবৰে ১৯৬৮ চনত বাংলা একাডেমীৰ পৰা ১০টা গীতিকা বাছনি কৰি একেলগে ছিলেটগীতিকা নামেৰে প্ৰকাশ কৰে।৫৬ ইয়াত গীতিকা শব্দটোৱে লোক কাহিনীক বুজাইছে।
ছিলেট গীতিকাত সন্নিৱিষ্ট গুৰুত্বপূৰ্ণ কাহিনী সমূহ
- চন্দ্ৰৰাজা (১৯৬৪ চনত আজিদ আলীৰ পৰা সংগ্ৰহ কৰা)
- তিলাইৰাজা (১৯৬৫ চনত ৰমিজ উল্লাহৰ পৰা সংগ্ৰহ কৰা)
- কালুদুলাই (আলম উল্লাহৰ পৰা সংগ্ৰহ কৰা)
- মনিবিবি (১৯৬৫ চনত আব্দুল মান্নানৰ পৰা সংগ্ৰহ কৰা)
- ৰংগমালা (১৯৬৭ চনত আজেফাৰ আলীৰ পৰা সংগ্ৰহ কৰা)
- চুৰতজান বিবি (১৯৬৬ চনত লাচুমিয়াৰ পৰা সংগ্ৰহ কৰা)
- আলিফজান সুন্দৰী (১৯৬৫ চনত আব্দুল মালিকৰ পৰা সংগ্ৰহ কৰা)
- দেৱনা মদিনা
- আলল দুলাল
- অধুৱা সুন্দৰী চুৰত জামাল
- দেৱান কটুমিয়া
- ধনাই সাধু (সংগ্ৰাহক আশ্ৰাফ হোছেইন)
- পালোক জালুৱা (সংগ্ৰাহক আশ্ৰাফ হোছেইন)
- মধু মালা (সংগ্ৰাহক আশ্ৰফ হোছেইন)।৭৮
তথ্যসূত্ৰ
- ↑ ড° আবুল ফতেহ ফাত্তাহ. (Feb 2005). সিলেট গীতিকাঃ সমাজ ও সংস্কৃতি. পৃ. 33–56
- ↑ Professor Asaddor Ali. (1997). ময়মন সিংহ গীতিকা বনাম সিলেট গীতিকা. জালালাবাদ লোকসাহিত্য পৰিষদ সিলেট. পৃ. 12–15
- ↑ Loko Natyadal hosts Mymensingh Geetika festival
- ↑ East Bengal Ballet – Purbabanga-Gitika
- ↑ Muhammad Muminul Haq. (Sep 2001). ''সিলেট বিভাগেৰ ইতিবৃত্ত: প্ৰাচীন লোকসাহিত্য. পৃ. 354
- ↑ Dr Muhammad Muminul Haq. (Jul 2005). Syed Mustafa Kamaler Itihas Aitihya, Sahitya Sangskriti Chinta. Centre for Bangladesh Research UK
- ↑ বাংলাদেশেৰ লোকসাহিত্য ও লোক-ঐতিহ্য 'ড° আশৰাফ সিদ্দিকী', প্ৰকাশক - সাঈদ বাৰী প্ৰধান নিৰ্বাহী, সূচিপত্ৰ ঢাকা, প্ৰকাশকাল ২০০৫ ইংৰেজি।
- ↑ সিলেট গীতিকাঃ সমাজ ও সংস্কৃতি, ড° আবুল ফতেহ ফাত্তাহ; পৃষ্ঠা ৩৩- ৫৬; প্ৰকাশকাল: ফেব্ৰুয়াৰি ২০০৫।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিলেট গীতিকা” প্ৰবন্ধৰ সংশোধন ৫৬৭৩৫২ (২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।