অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হাইদাং গীত

হাইদাং গীত হ'ল সোণোৱাল কছাৰীসকলৰ মাজত প্ৰচলিত এক প্ৰকাৰৰ গীত, যি হাইদাং উৎসৱৰ লগত জড়িত। এই গীতৰ ভাষা মিহলি আৰু অনিয়মিত অসমীয়া বুলি ক'ব পাৰি। গীতবিলাক ধৰ্মমূলক। এনে গীতসমূহত পোনতেই নাৰায়ণ, অগ্নিনাৰায়ণলৈ নমস্কাৰ কৰা হয়। তাৰ পিছত পৃথিৱী, আকাশ, চাৰি মুঠি জীৱৰ সৃষ্টিৰ বৰ্ণনা কৰা হৈছে।

হালনাগাদ: ১১ আগষ্ট ২০২৫ ২৯০ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

হাইদাং গীত হ'ল সোণোৱাল কছাৰীসকলৰ মাজত প্ৰচলিত এক প্ৰকাৰৰ গীত, যি হাইদাং উৎসৱৰ লগত জড়িত। এই গীতৰ ভাষা মিহলি আৰু অনিয়মিত অসমীয়া বুলি ক'ব পাৰি। গীতবিলাক ধৰ্মমূলক। এনে গীতসমূহত পোনতেই নাৰায়ণ, অগ্নিনাৰায়ণলৈ নমস্কাৰ কৰা হয়। তাৰ পিছত পৃথিৱী, আকাশ, চাৰি মুঠি জীৱৰ সৃষ্টিৰ বৰ্ণনা কৰা হৈছে। ইয়াত বিৰিং ৰজা আদি কেইজনমান দেৱতাৰ কথা উল্লেখো আছে। ইয়াৰ শাঁহত এটি কাহিনী সোমাই থকা যেন লাগে— সৰু সৰু ৰজা লগত লৈ নৰে ৰজাই নাও-ব'ঠাৰে ৰণৰ সাজেৰে গৈ ৰূপী, কুৰূপী দুই ভনীৰ ঘৰত ভাৰ শোধাইছে, আৰু ৰূপীক বিয়া কৰাই ঘৰলৈ আনিছে।১

সোণোৱাল কছাৰীসকলে চ'তত অনুষ্ঠিত 'বাইথ পূজা'ত 'হাইদাং গীত' বাদ্যযন্ত্ৰসহ পৰিৱেশ কৰে। এই গীত অসমীয়াত ৰচিত। প্ৰচলিত পৰম্পৰামতে সাতদিন-সাতৰাতি আবৃত্তি কৰিলেহে এই গীত শেষ হয়। এই গীতত জগৎসৃষ্টি আৰু শিৱাদি দেৱতাসৱৰ জন্ম-বৃত্তান্ত পোৱা যায়। গতিকে এনে গীতক পুৰাণগত মালিতা আখ্যা দিব পাৰি। সোণোৱালসকলৰ মাজত প্ৰচলিত পৰম্পৰাগত বিশ্বাসমতে হাইদাংগীত আবৃত্তি কৰিলে বৰষুণ হয়।

পৰিভাষা

'হাইদাং' শব্দৰ হা মানে “মাটি” বা “পৃথিৱী”, ই মানে “সৃষ্টি”, আৰু দাং মানে “গীত”, অৰ্থাৎ পৃথিৱী সৃষ্টিৰ গীত।

গীত

হাইদাং-গীতৰ উদাহৰণ স্বৰূপে তলত দুটি স্তৱক দিয়া হ'ল; যেনে:

হা - অ - হা - অ - হা - অ - হা - অ

হা - ইয়হ নমো নাৰায়ণ। হা ইয়হ পৃথিৱী হেনো সৃজইছে।

হা - ইয়হ প্ৰকাশ হেনো সৃজইছে। হা ইয়হ আকাশ হেনো সৃজইছে॥

হা - ইয়হ আকাশ হেনো সৃজইছে। হা ইয়হ নিমখ হেনো পাতইছে। ...

ইয়ই কেৰক কেৰক হেনো কেৰইছে।

ইয়ই কেৰক কেৰক হেনো কেৰইছে। ...

হা ইয়হ ডাঙৰ ডাঙৰ কোন ডাঙৰ?

হা ইয়হ দেৱৰ ডাঙৰ খিৰিং ৰাজ জে।

হা ইয়হ দেৱী ডাঙৰ কোন ডাঙৰ?

হা ইয়হ দেৱী ডাঙৰ ভূৰুলী - হাবুকী। ..

লৌ লৌ শিমলু চলৌ লাই।

এহেই খিৰিং ৰজা দেউতাক আনইছোং।

এনেই বায়ু ৰজা দেউতাক আনইছোং। ...

লৌ লৌ শিমলু চলৌ লাই।

এহেই গীতৰ শিমলু শোধাইছোং॥...

এহেই সকলো দায়-দোষ একে ঠাই।

এহেই জামুকৰ খুটাতে দিছোং ঠাই। ...২

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ অসমীয়া সাহিত্যৰ ৰূপৰেখা, লেখক - মহেশ্বৰ নেওগ, প্ৰকাশক - চন্দ্ৰ প্ৰকাশ। ২০১৯, গুৱাহাটী, পৃষ্ঠা ২৯।
  2. ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰথম খণ্ড, সম্পাদক - বিশ্বেশ্বৰ হাজৰিকা,প্ৰকাশক - আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা। ২০২২ - গুৱাহাটী, পৃষ্ঠা ২৩৬-২৩৭।

সম্পৰ্কিত শ্ৰেণী

অসমৰ লোকগীতলোকসাহিত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাইদাং গীত” প্ৰবন্ধৰ সংশোধন ৫৩১৭৭১ (১১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।