অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নৈদানিক মালিতা

নৈদানিক মালিতা হ'ল জগৎসৃষ্টি, বিভিন্ন বস্তুৰ উৎপত্তি, প্ৰাকৃতিক ব্যাপাৰৰ ব্যাখ্যা, পৰ্বত-পাহাৰ আদিৰ জন্ম, গছ-বৃক্ষ, লতা-লতিকা আদিৰ উৎপত্তিৰ বৰ্ণনা থকা গীত। পুৰাণগত মালিতাৰ সৈতে এই গীতবোৰৰ বিষয়-বস্তু, সংযুতি আৰু অনুষঙ্গৰ ক্ষেত্ৰত সাধাৰণ মিল দেখা যায়।

হালনাগাদ: ১১ আগষ্ট ২০২৫ ২১২ শব্দ · ১ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

নৈদানিক মালিতা হ'ল জগৎসৃষ্টি, বিভিন্ন বস্তুৰ উৎপত্তি, প্ৰাকৃতিক ব্যাপাৰৰ ব্যাখ্যা, পৰ্বত-পাহাৰ আদিৰ জন্ম, গছ-বৃক্ষ, লতা-লতিকা আদিৰ উৎপত্তিৰ বৰ্ণনা থকা গীত। পুৰাণগত মালিতাৰ সৈতে এই গীতবোৰৰ বিষয়-বস্তু, সংযুতি আৰু অনুষঙ্গৰ ক্ষেত্ৰত সাধাৰণ মিল দেখা যায়। এই গীতবোৰৰ জৰিয়তে নৈসৰ্গিক জগৎ সম্পৰ্কীয় লোকসমাজৰ জ্ঞান আৰু অভিজ্ঞতাৰ আভাস পোৱা যায়।

অসমীয়া ভাষাত নৈদানিক মালিতাৰ সংখ্যা তেনেই কম নহয়। মনসা পূজা বা বিষহৰী পূজাৰ প্ৰসঙ্গত ওজাপালিয়ে গোৱা ঢেঁকীৰ জন্ম, পিঠাগুৰিৰ জন্ম, তালৰ জন্ম, ঢোলৰ জন্ম, তামোল-পাণৰ জন্ম, পাটৰ (মৰাপাটৰ) জন্ম, কুমাৰৰ জন্ম, কুমাৰৰ চৰুৰ জন্ম, কুঁহিয়াৰৰ জন্ম, বাসুদেব পূজা, জাগৰ পূজা আদিৰ অনুসঙ্গত ব্যাস ওজাপালিয়ে আবৃত্তি কৰা জাগৰৰ জন্ম, মুদ্ৰা বা তৌৰ্যত্ৰিকযন্ত্ৰৰ জন্ম, ৰামগিৰি, অহিব, সুহাই, ধনশ্ৰী, ভৈৰৱ আদি ৰাগ-বাগিণীৰ জন্ম সম্পৰ্কীয় গীত, ঢুলীয়াই পালা প্ৰদৰ্শনৰ সময়ত গোৱা ঢোল-তালৰ জন্ম বিষয়ক মালিতা আদিয়েই নৈদানিক মালিতা। বিভিন্ন মন্ত্ৰৰ মাজতো নৈদানিক মালিতা পোৱা যায়। নৈদানিক মালিতাৰ উদাহৰণ স্বৰূপে তলত কল্যাণ-ৰাগৰ জন্ম বিষয়ক গীতটি (মালিতা) দিয়া হ'ল:

এক দিনা বৈকুণ্ঠত লক্ষ্মী-সৰস্বতী।

বিবাদ কৰন্ত দোহে হুয়া ক্ৰুদ্ধ মতি॥

কন্দলে নপাৰি পাচে সৰস্বতী আই।

বিষ্ণুৰ চৰণে পৰি কান্দন্ত বিনাই॥

হেন দেখি মহা কৃপাময় নাৰায়ণ।

সৰস্বতীক চাই হেন বুলিলা বচন॥

শুনা বাগেশ্বৰী তুমি জগতৰে মাতৃ।

বিদ্যা বিনোদিনী সবে বেদ অধিষ্ঠাত্ৰী॥

লক্ষ্মীতো কৰিয়া জানিবাহা তুমি বৰ।

তুমি ৰাগ কৈলে হৈবোঁ বৰ অথন্তৰ॥

নিৰ্বাক হৈবন্ত জগতৰ যত প্ৰাণী।

শুনি আনন্দিত ভৈলা জগত গোসাঁনী॥

বীণা যন্ত্ৰে পঞ্চসুৰ তুলি ৰাগ দিলা।

সৰস্বতী কণ্ঠত কল্যাণ ৰাগ ভৈলা॥১

তথ্যসূত্ৰ

  1. ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰথম খণ্ড, সম্পাদক - বিশ্বেশ্বৰ হাজৰিকা,প্ৰকাশক - আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা। ২০২২ - গুৱাহাটী, পৃষ্ঠা ২৩৭-২৩৮।

সম্পৰ্কিত শ্ৰেণী

অসমৰ লোকগীতলোকসাহিত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৈদানিক মালিতা” প্ৰবন্ধৰ সংশোধন ৫৩১৭৭৯ (১১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।