'ক্ষীৰেৰ পুতুল'(গাখীৰৰ পুতলা) হৈছে ১৮৯৬ চনত অবনীন্দ্ৰনাথ ঠাকুৰে শিশুসকলৰ বাবে ৰচনা কৰা এখন কাল্পনিক উপন্যাস।১২ এই কিতাপখন প্ৰথম প্ৰকাশ কৰিছিল আদি ব্ৰহ্ম সমাজ প্ৰেছে।
পটভূমি
দীপনগৰৰ ৰজাৰ দুগৰাকী ৰাণী আছিল, এগৰাকী সুয়োৰাণী আৰু আনগৰাকী দুয়োৰাণী। ৰজাই সুয়োৰানীক ৭টা ৰাজপ্ৰসাদ, ৭০০ গৰাকী দাসী, ৭খন ৰাজ্যৰ পৰা অহা উত্তম গহনা, ৭খন বাগিচা আৰু ৭টা ৰথ উপহাৰ দিলে। তেওঁ দুয়োৰাণীক অৱহেলা কৰিছিল আৰু তেওঁক এটা জৰাজীৰ্ণ ঘৰ, এজনী মুকবধিৰ দাসী, ফটা কাপোৰ আৰু লেতেৰা বিচনা এখন দিলে।
অনুবাদ
এই কিতাপখন কেইবাটাও ভাষালৈ অনুবাদ কৰা হৈছে:
- ফৰাচী – La poupée de fromage.৩
- ছুইডিছ – Ostdockan.৪৫
- ইংৰাজী – The Make-Believe Prince;৬ Caramel Doll.৭
তথ্যসূত্ৰ
- ↑ Children's literature of Bengal. Academy for Documentation & Research on Children's Literature, 1978
- ↑ Khirer Putul(with Cd). Ananda Publishers Pvt. Limited. ISBN 9788177564990
- ↑ (1950). La Poupée de fromage ("Khirère poutoul"). Préface de Selma Lagerlöf. Bois dessinés et gravés par Andrée Karpelès. Éditions Ophrys
- ↑ (1949). Ostdockan: en bengalisk saga. K[oop.] F[örb.]:s Bokförl
- ↑ OSTDOCKAN: EN BENGALISK SAGA. biblio.com/
- ↑ Sircar, Sanjay. Fantasy Fictions from the Bengal Renaissance: Abanindranath Tagore, ‘The Make-Believe Prince’ – Gaganendranath Tagore, ‘Toddy-Cat the Bold’. New Delhi: Oxford University Press, 2018. pp. 89-151
- ↑ Bardhan. (2010). The Oxford India anthology of Bengali literature. Oxford University Press. পৃ. 129–150
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ষীৰেৰ পুতুল” প্ৰবন্ধৰ সংশোধন ৪৮৮৯৫৭ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।